নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTCৰ নিৰ্বাচন স্থগিত ৰাখিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পত্ৰ স্বাস্থ্য বিভাগৰ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ BTCৰ নিৰ্বাচন স্থগিত ৰাখিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে  ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। যদিহে এতিয়া নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে এটা বিভীযিকাময় পৰিস্থিতিৰ সৃষ্টি হ’ব। নলবাৰী, বৰপেটা, দৰং, শোণিতপুৰকে ধৰি বিভিন্ন জিলালৈ সংক্ৰমিত হ’ব কভিড।

আনহাতে ৰাজ্যত ইতিমধ্যে অক্সিজেনৰ নাটনি হৈছে। গতিকে আমি লিখিতভাৱে নিৰ্বাচন আয়োগত জনাইছো বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই। নিৰ্বাচন স্থগিত ৰাখিলে নিৰ্বাচনী প্ৰচাৰো বন্ধ হৈ থাকিব।

You might also like