নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুন মাহত অসম-মেঘালয়ৰ বিবদমান এলেকা পৰিভ্ৰমণ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৪ মেঃ অসম-মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ হেতু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ড° হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ নেতৃত্বত পৰ্যায়ক্ৰমে আলোচনা অব্যাহত আছে। সেই আলোচনাৰ অংশহিচাপে আজি কইনাধৰাস্থিত ৰাজ্যিক অতিথি শালাত দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয় । সভাত নিষ্পত্তি নোহোৱা ৬টা বিবদমান এলেকা সন্দৰ্ভত আলোচনা কৰাৰ লগতে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে অহা জুন মাহত কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা পৰিদৰ্শন কৰি চৰজমিন তদন্ত কৰা আৰু জুলাই মাহত এই বিষয়ত পুনৰ আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ পৰ্যালোচনা সভাত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে প্ৰিষ্টন টিনছং আৰু শ্বিয়াউভালাং ধৰ, অসমৰ কৃষিমন্ত্ৰী অতুল বৰা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী পীষুষ হাজৰিকা, দুয়ো ৰাজ্যৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।

You might also like