নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–মেঘালয় আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ বাবে মুখ্যমন্ত্রী পর্যায়ৰ আলোচনা

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ বৃহস্পতিবাৰে অসম–মিজোৰামৰ সীমা সংঘাতক লৈ অনুষ্ঠিত আলোচনাৰ পাছতে আজি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে অনুষ্ঠিত হয় আন এক গুৰুত্বপূর্ণ বৈঠক৷ মুখ্যতঃ সীমাক লৈ মেঘালয়ৰ সৈতে সৃষ্টি হোৱা শেহতীয়া বিবাদৰ এক আশু সমাধানৰ লক্ষ্যৰে মুখ্যমন্ত্রী পর্যায়ত অনুষ্ঠিত হ’য় এই বৈঠকখন। সীমা সংঘাতক লৈ অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয় ক্রমে ড০ হিমন্ত বিশ্ব শর্মা আৰু কনৰাড চাংমা৷

খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা দ্বিতীয় লানি বৈঠকত দুয়োখন ৰাজ্যৰ বিবদমান এলেকাৰ সীমা সন্দর্ভত বিস্তৃত আলোচনা কৰা হয়৷ বিশেষকৈ আলোচনাটোত অসম-মেঘালয় সীমান্তৰ ১২ টা অঞ্চলত সীমা বিবাদৰ বিষয়টোক লৈ বিষদভাৱে আলোচনা কৰা হয়।

মন কৰিবলগীয়া যে দুয়োখন ৰাজ্যৰ পাৰস্পৰিক বন্ধুত্ব শক্তিশালী কৰাৰ স্বাৰ্থত ২৩ জুলাইত শ্বিলঙত অসম আৰু মেঘালয়ৰ মাজত প্ৰথমলানি বৈঠক অনুষ্ঠিত হৈছিল।

উল্লেখ্য যে শেহতীয়াকৈ অসম–মেঘালয় সীমান্তৰ কেইবাটাও অঞ্চলত বিজুলী যোগানক কেন্দ্র কৰি দুয়োখন ৰাজ্যৰ মাজত সৃষ্টি হৈছিল সংঘাত৷ এই বৈঠকত দুয়োখন ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান আৰু শীর্ষ প্রশাসনিক বিষয়াসকলো উপস্থিত থাকে।

এক টুইটযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কয় “মই আশাবাদী যে এই বৈঠকৰ পিছত আমি অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্ব শক্তিশালী কৰি ভাৰতৰ উন্নয়নত অৰিহণা যোগাব পাৰিম।”

You might also like