নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সলনি কৰা হ’ল ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ এতিয়াৰে পৰা ৰাজীৱ গান্ধী খেলৰত্ন বঁটা নাম মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা বুলি জানিব পৰা যাব। আজি ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম সলনি কৰি মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা হিচাপে সলনি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

উল্লেখ্য যে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা হৈছে ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান। এই বঁটা ভাৰতৰ পূৰ্ব প্ৰধানমন্ত্ৰী স্বৰ্গীয় ৰাজীৱ গান্ধীৰ নামেৰে নামকৰণ কৰা হৈছিল।

You might also like