নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছৰ বাবে আঢ়ৈ বছৰীয়া পুত্ৰক বিক্ৰী কৰিলে পিতৃয়ে

 নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ  মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ ঘটনা। ড্ৰাগছ আসক্ত পিতৃয়ে বিক্ৰী কৰিলে পুত্ৰ সন্তানক।
ড্ৰাগছৰ বাবে ৪০ হাজাৰ টকাত আঢ়ৈ বছৰীয়া সন্তানক বিক্ৰী কৰিছিল পিতৃয়ে।আধাৰ কাৰ্ড বনোৱা চলেৰে মোমায়েকৰ ঘৰৰ পৰা লৈ গৈছিল নিজ পিতৃয়ে।
ড্ৰাগছ ক্ৰয় কৰিবলৈ নিজ পুত্ৰ আমিনুলক গৰৈমাৰীৰ এগৰাকী মহিলাৰ হাতত বিক্ৰী কৰিছিল ।

অৱশেষত মাতৃৰ অভিযোগৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰিছে লাহৰীঘাট আৰক্ষীয়ে। ইতিমধ্য শিশুটিক উদ্ধাৰ কৰি মাতৃক চমজাই দিয়ে আৰক্ষীয়ে।

You might also like