দেশৰ ভিতৰতে তৃতীয় স্থানত অসম আৰক্ষী
নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ ‘স্মার্ট পুলিচিং’ ৰ ক্ষেত্রত দেশৰ ভিতৰতে শীর্ষৰ তৃতীয় স্থান লাভ কৰিছে অসম আৰক্ষীয়ে৷ ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে ‘স্মার্ট পুলিচিং’ সন্দর্ভত দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত চলোৱা এক সমীক্ষাত এই তথ্য প্রকাশ পাইছে৷ মুঠ ১০ৰ ভিতৰত ৭.৮৯ পইণ্ট আহৰণ কৰি অসম আৰক্ষীয়ে এই স্বীকৃতি লাভ কৰিছে৷
কেৰালা (৭.৫৩), গুজৰাট (৭.০৪), দিল্লী (৬.৮৫), তামিলনাডু (৬.৭৩), কর্ণাটক (৬.৬৯) আৰু মহাৰাষ্ট্র (৬.২৫)ৰ দৰে ৰাজ্যসমূহকো চেৰ পেলাই অসম আৰক্ষীয়ে ‘স্মার্ট পুলিচিং’ৰ ক্ষেত্রত এই সন্মান বুটলিবলৈ সক্ষম হৈছে৷
আনহাতে, এই সমীক্ষাত প্রথম আৰু দ্বিতীয় স্থান লাভ কৰিছে ক্রমে অন্ধ্রপ্রদেশ (৮.১১) আৰু তেলেংগানাই (৮.১০)৷ ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে ‘স্মার্ট পুলিচিং’ৰ কেইবাটাও শিতানত এই সমীক্ষা চলাইছিল৷ সমীক্ষা চলোৱা শিতানসমূহৰ বেছিভাগতেই অসম আৰক্ষীয়ে শীর্ষৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এইসমূহৰ ভিতৰত সংবেদনশীলতা, কঠোৰ আৰু ভাল আচৰণ, নাগৰিকে তাৎক্ষণিকভাৱে লগ পোৱা, তাৎক্ষণিক প্রত্যুত্তৰ নাইবা সমিধান দিয়া, সহায় আৰু বন্ধুত্বসুলভ পুলিচিং, নিৰপেক্ষ আৰু আইনগত পুলিচিং, দায়বদ্ধতা আদি বিভিন্ন শিতানত অসম আৰক্ষীয়ে তৃতীয় স্থান লাভ কৰিছে৷
ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে এই শিতানসমূহত দেশৰ আৰক্ষীক মূল্যায়ন কৰাৰ বাবে অনলাইন আৰু প্র–পত্রযোগে এই সমীক্ষা চলাইছিল৷ আই আই টি, কানপুৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স, মুম্বাই (টি আই এছ এছ)কে ধৰি দেশৰ বিভিন্ন আগশাৰীৰ প্রতিষ্ঠানৰ বিশেষজ্ঞক এই সমীক্ষাত জডিত কৰোৱা হৈছিল৷
ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনৰ ‘স্মার্ট পুলিচিং’ সমীক্ষাত দেশৰ ভিতৰত অসম আৰক্ষীয়ে শীর্ষৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা বাবে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই ৰাজ্যৰ আৰক্ষী বিভাগটোৰ প্রতিটো বর্গৰ বিষয়া–জোৱান–কর্মচাৰীসকলক অভিনন্দন জনাইছে৷ সঞ্চালকপ্রধানগৰাকীয়ে অসম আৰক্ষীৰ এই সফলতাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতিও কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসম আৰক্ষীক দেশৰ ভিতৰতে ‘স্মার্ট পুলিচিং’ৰ ক্ষেত্রত শীর্ষৰ তৃতীয় স্থানত প্রতিষ্ঠা কৰি আৰক্ষীৰ কাম–কাজৰ ওপৰত ৰাইজে সন্তুষ্টি আৰু বিশ্বাস প্রদর্শন কৰা বুলি সঞ্চালকপ্রধান মহন্তই মতপোষণ কৰে ৷
তেওঁ কয় যে মুখ্যমন্ত্রীৰ সবল নেতৃত্ব আৰু দিহা–পৰামর্শমর্মে অসম আৰক্ষীয়ে ভৱিষ্যতৰ দিনবোৰতো সকলো ঘাত–প্রতিঘাত, প্রত্যাহ্বান নেওচি জনতাৰ হিতৰ বাবে নিষ্ঠাসহকাৰে কর্তব্য পালন কৰি যাব আৰু বিভাগটোৰ সুনাম অক্ষুণ্ণ ৰখাৰ বাবে অহোপুৰুষার্থ কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনত অসমত অনুষ্ঠিত দেশৰ আটাইকেইখন ৰাজ্যৰ সঞ্চালকপ্রধানসক সন্মিলনত ‘স্মার্ট পুলিচিং’ৰ ধাৰণা ব্যক্ত কৰিছিল৷ মূলতঃ দেশৰ আৰক্ষীক পদ্ধতিগতভাৱে সংস্কাৰ সাধন কৰি ৰাইজৰ প্রতি অধিক দায়বদ্ধ, আধুনিক, সতর্ক, আস্থাভাজন আৰু তাৎক্ষণিক প্রত্যুত্তৰ দিব পৰাকৈ সাজু কৰি তোলাটোৱেই আছিল ‘স্মার্ট পুলিচিং’ৰ মূল ধাৰণা৷