নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি কৃষি আইন বাতিলঃ দেশবাসীক ক্ষমা প্রার্থনাৰে মোদী চৰকাৰৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ অৱশেষত বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্ত কেন্দ্রীয় চৰকাৰৰ৷ গুৰুনানক জয়ন্তীৰ দিনাই পুৱা ৯ বজাত দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তিনি কৃষি আইন প্রত্যাহাৰৰ বৃহৎ ঘোষণা কৰে৷ তিনি কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি কৃষকৰ আন্দোলনে অস্বস্তিত পেলোৱাৰ পাছত প্রকৃত হূদয়েৰে দেশৰ জনগণক ক্ষমা প্রার্থনাৰে প্রধানমন্ত্রী মোদীয়ে কয়– আজি মই সমগ্র দেশবাসীক এই বার্তা দিবলৈ আহিছোঁ যে আমি তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ৷ এই মাহৰ শেষত অনুষ্ঠিত হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনতেই এই তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ সাংবিধানিক প্রক্রিয়া আৰম্ভ কৰি দিম৷ এই ঘোষণা কৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ কার্যকালত কৃষকৰ হিত, বিশেষকৈ  ক্ষুদ্র কৃষকক লৈ গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বর্ণনা কৰি কয়– ৫ দশকৰ ৰাজহুৱা জীৱনত মই কৃষকৰ অনেক প্রত্যাহ্বান ওচৰৰ পৰাই দেখিছোঁ৷ এই কাৰণেই যেতিয়া দেশে মোক ২০১৪ চনত প্রধানমন্ত্রী হিচাপে সেৱা কৰাৰ সুযোগ দিয়ে, তেতিয়াই আমি কৃষি বিকাশ, কৃষক কল্যাণক সর্বাধিক প্রাধান্য দিওঁ৷ কৃষকৰ পৰিস্থিতি উন্নত কৰিবলৈ আমি বীজ, বীমা, বজাৰ আদিক লৈ অনেক কাম কৰিছোঁ৷ চৰকাৰে উন্নত জাতৰ বীজৰ লগতে নিম প্রলেজিট ইউৰিয়া, মুদ্রা, স্বাস্থ্য কার্ড, ক্ষুদ্র জলসিঞ্চন আঁচনিৰে কৃষকক সংযোজিত কৰা হৈছে৷

তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কৃষকৰ কঠোৰ পৰিশ্রমৰ ফলত উৎপাদিত সামগ্রীৰ যাতে সঠিক মূল্য লাভ কৰে, তাৰ বাবে অনেক পদক্ষেপ লোৱা হৈছে৷ দেশত চৰকাৰে গ্রামীণ বজাৰ ব্যৱস্থাক অধিক সবল কৰিছে৷ শস্যৰ নূ্যনতম সমর্থন মূল্য (এম এছ পি) বৃদ্ধি কৰিছে৷ তেওঁৰ চৰকাৰে কৃষকৰ দ্বাৰা উৎপাদিত সামগ্রীৰ মূল্য বিগত কেইবাদশকৰ তুলনাত অধিক হাৰত প্রদান কৰিছে৷

তেনেদৰে কৃষকৰ পৰিস্থিতি অধিক উন্নত কৰাৰ লক্ষ্যৰে মহাভিযান লৈ দেশত তিনি কৃষি আইন বলৱৎ কৰাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে তিনি কৃষি আইনৰ জৰিয়তে কৃষকক বিশেষকৈ ক্ষুদ্র কৃষকক যাতে শক্তিশালী কৰিব পাৰি, তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্রীৰ সঠিক মূল্য তথা উৎপাদিত সামগ্রী বিক্রীৰ বাবে অধিকৰ পৰা অধিক বিকল্প লাভ কৰে৷ এই লৈ বিগত বছৰ বছৰ ধৰি দেশৰ কৃষক, কৃষি বিশেষজ্ঞ আৰু কৃষক সংগঠনসমূহে ধাৰাবাহিকভাৱে দাবী জনাই আহিছে৷ পূর্বতেও অনেক চৰকাৰে এই সন্দর্ভত বিচাৰ–বিবেচনা কৰিছে৷ এইবাৰো সংসদত এই লৈ বিচাৰ–বিবেচনা হ’ল আৰু আইন অনা হ’ল৷ দেশৰ প্রান্তে প্রান্তে অনেক কৃষক সংগঠনে এই আইনক আদৰণি আৰু স্বাগতম জনাইছে৷ এনে সমর্থনৰ বাবে সংগঠন, কৃষক আৰু লোকৰ প্রতি তেওঁ কৃতজ্ঞ৷

তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয়– আমাৰ চৰকাৰ কৃষকৰ কল্যাণৰ কাৰণে বিশেষকৈ ক্ষুদ্র কৃষকৰ কাৰণে দেশৰ কৃষি জগতৰ হিতৰ কাৰণে, গাঁৱৰ দুখীয়া কৃষকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে অতি নিষ্ঠাৰে কাম কৰি আছে৷ কৃষকৰ প্রতি সত্যনিষ্ঠ ভাব লৈয়ে এই তিনি আইন অনা হৈছিল৷ কিন্তু ইমান পৱিত্র বার্তা, পূর্ণ ৰূপত কৃষকৰ হিতৰ কাৰণে আইন অনাৰ পাছতো একাংশ কৃষকক বুজাবলৈ সক্ষম নহ’লোঁ৷ কৃষি বিশেষজ্ঞ, কৃষি বিজ্ঞানী আৰু প্রগতিশীল কৃষকে এই তিনি কৃষি আইনৰ মহত্ত্বক বুজাবলৈ অনেক প্রয়াস কৰে৷ কিন্তু ই সম্ভৱ হৈ নুঠিল৷

আনপিনে গুৰুনানক জয়ন্তীৰ পৱিত্র দিনৰ দিনাই আন কাৰোলৈ দোষ ঠেলি নিদি প্রধানমন্ত্রীয়ে নিজকে কৃষকৰ কল্যাণৰ কাৰণে কাম কৰিবলৈ সমর্পিত বুলি উল্লেখ কৰি শূন্য বাজেট আধাৰিত কৃষিক উজ্জীৱিত কৰি তুলিবলৈ পৰিৱর্তিত সময়ৰ প্রতি লক্ষ্য ৰাখি ফচল আর্হি সলনি আৰু এম এছ পিক অধিক প্রভাৱশালী আৰু পাৰদর্শী কৰি তুলিবলৈ এখন কমিটী গঠন কৰাৰো ঘোষণা কৰে৷ এই কমিটীখনত কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কৃষক, কৃষি বিজ্ঞানী, কৃষি অর্থনীতি বিশেষজ্ঞক সন্নিৱিষ্ট কৰা হ’ব বুলিও প্রধানমন্ত্রীগৰাকীয়্ ঘোষণা কৰে৷ কৃষক আৰু কৃষিখণ্ডৰ বিকাশৰ বাবে তেওঁৰ চৰকাৰ সমর্পিত বুলি উল্লেখ কৰি তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছত কৃষকসকলক আন্দোলন প্রত্যাহাৰ কৰি নিজ গৃহলৈ উভতি যাবলৈ আহ্বান জনায়৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে তিনি কৃষি আইন বলৱৎ কৰাৰ পাছতেই দেশৰ কৃষক সংগঠনসমূহে আইন তিনিখন প্রত্যাহাৰৰ দাবীত আন্দোলন আৰম্ভ কৰে৷ যোৱা বর্ষৰ ২৬ নৱেম্বৰত নতুন দিল্লীৰ সীমান্তত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে ৪০তকৈ অধিক কৃষক সংগঠনে একত্রিতভাৱে তিনি কৃষি আইন প্রত্যাহাৰৰ আন্দোলন আৰম্ভ কৰে আৰু ই আজিলৈকে অব্যাহত আছে৷ তিনি কৃষি আইন সন্দর্ভত কৃষক আন্দোলনৰ প্রতিনিধিৰে কেন্দ্রীয় চৰকাৰে একাদশলানি বৈঠকত মিলিত হৈ আইন সংস্কাৰৰ প্রস্তাৱ আগবঢ়ালেও কৃষক সংগঠনসমূহে নিজৰ স্থিতিত অটল থাকে৷ আন্দোলনৰ প্রায় বছৰ পূর্ণ হোৱাৰ প্রাক্মুহূর্ততে আজি প্রধানমন্ত্রীয়ে তিনি আইন প্রত্যাহাৰ কৰা হ’ব বুলি চৰকাৰৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে নতুন দিল্লীৰ সীমান্তত প্রতিবাদস্থলীত কৃষকসকলে বিজয় উৎসৱ উদ্যাপন কৰে৷ প্রধানমন্ত্রীৰ এই তিনি কৃষি আইন প্রত্যাহাৰৰ ঘোষণাক লৈ দেশৰ ৰাজনীতি উত্তাল হৈছে৷

উল্লেখ্য যে মোদীয়ে ঘোষণা কৰি বাতিল কৰা তিনি কৃষি আইন ক্রমে ফার্মার্ছ প্রডিউছ ট্রেড এণ্ড কমার্চ (প্রমোচন এণ্ড ফেচিলিয়েচন) এক্ট, ফার্মার্ছ (এম্পাৱাৰমেণ্ট এণ্ড প্রটেকচন) এগ্রিমেণ্ট অন প্রাইচ এচিওৰেন্স এণ্ড ফার্ম ছার্ভিচেছ এক্ট আৰু এছেন্সিয়েল কম’ডিটিজ (এমেণ্ডমেণ্ট) এক্ট৷

You might also like