নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবিভিপি অসম প্ৰদেশৰ নতুন সমিতিৰ আগন্তুক বৰ্ষৰ কৰ্মসূচী ঘোষণা

🟢দিল্লীত অনুষ্ঠিত অনুষ্ঠানত অসমৰ ২৩৫ কাৰ্যকৰ্তাৰ অংশগ্ৰহণ

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) ২৯সংখ্যক ৰাজ্যিক অধিৱেশন এইবাৰ দিল্লীত অনুষ্ঠিত হয়। এই সভাতে ৰাজ্যিক নতুন নেতৃত্বই দায়িত্ব লাভ কৰে। সেই অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰীতামণি বৈশ্যই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ হেৰল্ড মহনে ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে, উপ-সভাপতি হিচাপে মৈহুৰ্সা বড়ো (ওদালগুৰি), ত্ৰৈলোক্য গগৈ (ধেমাজি), গুলাব নন্দী (হাইলাকান্দি), কৌশিক সন্দিকৈ (যোৰহাট) আৰু যুটীয়া সম্পাদক হিচাপে ধৃতাশ্ৰী ডেকা, কনকলাল দেৱ, নীহাৰিকা দেৱী, সাৰাংগ কৌশিক ফুকন, দিব্যজ্যোতি লাগাচুই দায়িত্বভাৰ গ্ৰহণ কৰে। এই অধিৱেশনত মুঠ ৬টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি গুণগত শিক্ষা আৰু সক্ৰিয় কেম্পাচৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ, বিশ্ব কল্যাণমূখী ভাৰতীয় কূটনীতি, যুৱ প্ৰজন্মৰ স্বাস্থ্যসন্মত জীৱনশৈলী, বিবেকশীল বিকাশ পৰিৱেশ সন্তুলন, ‘ৰাম মন্দিৰ’ ভাৰতীয়ত্ব আৰু স্বভিমানৰ প্ৰতীক, ‘নাৰী শক্তি বন্দন অধিনিয়ম আদি অন্যতম। উল্লেখ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২০১৮ চনত গুৱাহাটীত ৰাষ্ট্ৰীয় কাৰ্যসমিতিৰ বৈঠকত সংসদৰ লগতে বিধানসভাতো নাৰীৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ইফালে আগন্তুক কাৰ্যসূচী ঘোষণা কৰিছে এবিভিপি এসম প্ৰদেশে। সেই অনুসৰি ১২ জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অসমত বিদ্যাৰ্থী পৰিষদৰ প্ৰতিটো নগৰ শাখা আৰু মহাবিদ্যালয় শাখাত বিস্তৃত কাৰ্যসূচীৰে পালন, পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰতি লক্ষ্য ৰাখি জানুৱাৰী মাহৰ শেষৰ পৰা মাৰ্চ মাহৰ প্ৰথম পৰ্যায়লৈকে অসমৰ প্ৰতিখন জিলাতেই বিদ্যাৰ্থী পৰিষদৰ ‘জিলা সন্মিলন’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। য’ত জিলাখনৰ বিদ্যাৰ্থী সমাজে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব, ২৫ জানুৱাৰীত বিদ্যাৰ্থী পৰিষদৰ সমূহ মহাবিদ্যালয় শাখাৰ সভাপতি, সম্পাদক আৰু শাখা সম্পাদকসমূহক লৈ এখন সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰা হ’ব। যত অসমৰ প্ৰতিখন মহাবিদ্যালয় শাখাৰ সভাপতি, সম্পাদককে প্ৰমুখ কৰি প্ৰতিটো নগৰ শাখাৰ সম্পাদক উপস্থিত থাকিব, ইয়াৰ লগতে অসমৰ প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত নিৰ্বাচিত প্ৰতিনিধিসকলৰ এক সন্মিলন অনুষ্ঠিত কৰা হ’ব। য’ত প্ৰতিখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে ঘৰে ঘৰে গৈ বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰা হ’ব। উল্লেখ্য যে যোৱা ৭, ৮, ৯, ১০ ডিচেম্বৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৬৯সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ নগৰত অনুষ্ঠিত হয়। অনুষ্ঠানত ভাৰতবৰ্ষৰ পৰা ১০,০০০ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৭০০গৰাকী আৰু অসমৰ ২৩৫গৰাকী কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।

#বাৰ্তা ডেস্ক

You might also like