নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ বন্ধ ধুবুৰী-বাংলাদেশৰ মাজৰ বিকল্প জলপথ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ পুনৰ স্তব্ধ হৈ পৰিছে ধুবুৰী নদী বন্দৰৰ কাম-কাজ। দৰাচলতে ড্ৰেজাৰেৰে খান্দি উলিওৱা বিকল্প জলপথতো বৰলুইতৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত বৰ্তমানে বন্ধ বৰলুইতেৰে ধুবুৰী আৰু বাংলাদেশৰ মাজত মালবাহী জলযানৰ যাতায়াত। উল্লেখ্য যে, বিগত নৱেম্বৰ মাহত বৰলুইতৰ জলস্তৰ অস্বাভাবিকভাবে কমি অহাৰ ফলত ধুবুৰীৰ নদী বন্দৰৰ পৰা বৰলুইতেৰে বাংলাদেশলৈ চলাচল কৰিব পৰা নাছিল কোনো ধৰণৰ জলযান। অৱশ্যে তেতিয়া এখন অত্যাধুনিক ড্ৰেজাৰেৰে বৰলুইতৰ পৃষ্ঠত খনন চলাই বাংলাদেশলৈ অহা-যোৱা কৰাৰ বাবে বিকল্প এক জলপথ খান্দি উলিওৱা হৈছিল। জানিব পৰা মতে, মাজেৰচৰ হৈ বাংলাদেশলৈ যোৱাৰ সেই বিকল্প জলপথচোৱাতো বৰ্তমানে জলপৃষ্ঠ অস্বাভাবিক ভাবে হ্ৰাস পাইছে। ফলত ধুবুৰী বন্দৰৰ পৰা শিল লৈ বাংলাদেশেলৈ ৰাওনা হোৱা এখন জলযান আধবাটৰ পৰাই পুনৰ উভতি আহিবলগীয়া হৈছে ধুবুৰীলৈ। অৱশ্যে জলপথচোৱা মুকলি কৰিবলৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে ড্ৰেজাৰেৰে খনন চলাই থকা হৈছে আৰু অহা ৩/৪ দিনৰ ভিতৰত ধুবুৰীৰ নদী বন্দৰৰ পৰা বাংলাদেশৰ চিলমাৰীলৈ জলযানৰ যাতায়াত আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। ইয়াতে উল্লেখনীয় যে, ভাৰত, ভূটান আৰু বাংলাদেশৰ মাজত হোৱা এক বুজাবুজিৰ আধাৰত ভূটানৰ পৰা অহা শিল ধুবুৰীৰ ভাৰতীয় আভ্যন্তৰিণ জলপথ প্ৰাধিকৰণৰ অধীনস্থ  ধুবুৰীৰ পঞ্চুঘাটৰ এই নদী বন্দৰটোৰে পঠিওৱা হয় বাংলাদেশৰ চিলমাৰী নদী বন্দৰলৈ। ভূটানৰ পৰা অহা শিল ধুবুৰীৰ নদী বন্দৰটোত আনলোড কৰাৰ পিছত বাংলাদেশী মালবাহী জলযানেৰে নিয়া হয় বাংলাদেশলৈ। নাম প্ৰকাশত অনিচ্ছুক ধুবুৰী নদী বন্দৰটোৰ সৈতে জড়িত এগৰাকী ৰপ্তানীকাৰকে সদৰি কৰা মতে বাংলাদেশৰ সেই মালবাহী জলযান এখনৰ ভাৰাৰূপে মাহিলী ২ লাখ দিবলগীয়া হোৱাৰ উপৰিও জলযানখনৰ কৰ্মচাৰীৰ খোৱা খৰচো বহন কৰিব লাগে। ফলত স্বাভাবিক ভাবেই, বৰলুইতৰ জলস্তৰৰ বাবে দীৰ্ঘদিন ধৰি বাংলাদেশী সেই মালবাহী জলযানসমূহ ধুবুৰীত আবদ্ধ হৈ থাকিবলগীয়া হ’লে নদী বন্দৰটোৰ সৈতে জড়িত চিএনএফ আৰু ৰপ্তানীকাৰকে আৰ্থিক ভাবে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰো আশাংকাৰ উদয় হোৱাৰ সমান্তৰালকৈ নদী পৰ্য্যটকৰ ক্ষেত্ৰখনতো ঋণাত্মক প্ৰভাব পেলোৱাৰ সম্ভাবনা আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like