নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত মীন পালন শীৰ্ষক প্ৰশিক্ষণৰ সামৰণি

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ মুম্বাইত মুখ্য কাৰ্যালয়স্থিত বিশ্বৰ অগ্ৰণী মীন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানৰ (সমতুল্য বিশ্ববিদ্যালয়) সৌজন্যত, মীন বিভাগৰ উদ্যোগত, ফিছফেড আৰু আৰ্ন্তজাতিক স্বীকৃতিপ্ৰাপ্ত অনাচৰকাৰী সংন্থা ‘কলং-কপিলী’ৰ সহযোগত সোণাপুৰৰ বগীবাৰীত অৱস্থিত ‘কলং-কপিলীৰ’ ‘জলসংবর্দ্ধণ ক্ষেত্ৰীয় বিদ্যালয়ত’ ত্ৰিশজন অনুসূচীত জাতিৰ মীন পালকক সামৰি ‘জলসংবৰ্দ্ধনৰ বাবে উন্নত আনুবংশিক মীন প্ৰজাতি’ শীৰ্ষক এক তিনিদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। ১৮ ডিচেম্বৰত প্ৰশিক্ষণসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মীন বিভাগৰ বিশ্ববেংক আঁচনিৰ নডেল বিষয়া তথা ফিছফেডৰ পৰিচালন সঞ্চালক ডাঃ ধ্ৰুৱজ্যোতি শৰ্মাই। তেওঁ প্ৰতিষ্ঠানটিৰ এনে প্ৰচেষ্টাৰ শলাগ লয় আৰু ই সামগ্ৰিকভাৱে ৰাজ্যৰ মীন খণ্ডক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ ৰাজ্যৰ মীন মানচিত্ৰৰ এটা পৰিচিত নাম ‘কলং-কপিলীকো’ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উদ্বোধনী অনুষ্ঠানত বিশ্বৰ অগ্ৰণী মীন পৰামৰ্শদাতা সংন্থা ‘WorldFish”ৰ আৱাসিক পৰামৰ্শদাতা ড০ অনুপ টেণ্ডনেও উদগনিমূলক বক্তব্য দাঙি ধৰে। প্ৰশিক্ষণসূচীত আৰ্ন্তজাতিক স্বীকৃতিপ্ৰাপ্ত বিজ্ঞানী ড০ এছ. জাহাগীৰদাৰ আৰু ড০ আনগম লেলিনে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। স্থানীয় সমল ব্যক্তি হিচাবে আমৰঙ্গাৰ আঞ্চলিক মীন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়া ৰবেন দাস আৰু ‘কলং-কপিলীৰ’সঞ্চালক জ্যোতিৰ তালুকদাৰে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণলানিত পুথিগত আৰু বিতং ব্যৱহাৰিক পাঠদান সামৰি লোৱা হয়। সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় মীন শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক তথা উপাচাৰ্য্য ড” চি.এন. ৰবিশংকৰৰ শুভেচ্ছাবাণী পাঠ কৰি প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয়। আগন্তুক দিনত প্ৰতিষ্ঠানটিয়ে মীন বিভাগ, ফিছফেড আৰু কলং-কপিলীৰ সহযোগত আৰু অধিক উদ্যমৰে ৰাজ্যৰ মীন খণ্ডৰ বিকাশৰ বাবে অগ্ৰসৰ হব বুলি সংশ্লিষ্ট সকলোৱে আশা প্ৰকাশ কৰে।

#বাৰ্তা ডেস্ক

You might also like