নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম লোকসেৱা আয়োগত নজিৰবিহীন বিসংগতিঃ প্রাৰম্ভিক পৰীক্ষাত অনুত্তীর্ণ ৬ প্রার্থীয়ে লাভ কৰিলে নিযুক্তি

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ স্বচ্ছতাৰ ঢ়াক–ঢ়োল বজালেও অসম লোকসেৱা আয়োগৰ ২০১৮ বর্ষৰ পৰীক্ষাত সীমাহীন বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ এনে বিসংগতিৰ বাবেই প্রাৰম্ভিক পৰীক্ষাত অনুত্তীর্ণ হৈও কেইবাগৰাকীও প্রার্থীয়ে অসম লোকসেৱা আয়োগৰ শেহতীয়া পৰীক্ষাত উত্তীর্ণ হৈ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ এনে নজিৰবিহীন অনিয়মৰ তথ্য ‘নিয়মীয়া বার্তা’ই পূর্বৰ কেইবালানি প্রতিবেদনৰ জৰিয়তে উদঙাই দিছে৷ তাৰ পাছতো ন্যায়ালয়ৰ অনুমতি সাপেক্ষে ২০১৮ বর্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল৷ এই ফলাফল স্বচ্ছ বুলি প্রচাৰ চলিলেও অসম লোকসেৱা আয়োগত এতিয়াও সংস্কাৰ নোহোৱাৰ অভিযোগ তুলিছে ‘ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি’য়ে৷ আজি গোটটোৰ হৈ এখন সংবাদ মেল সম্বোধন কৰি মানসপ্রতিম বৰুৱাই কয় যে ২০১৮ বর্ষৰ অসম লোকসেৱা আয়োগৰ অসামৰিক আৰু সংলগ্ণ সেৱাৰ পৰীক্ষাত সংঘটিত বিসংগতি ইমানেই অকল্পনীয় আছিল যে প্রাৰম্ভিক পৰীক্ষাত অনুত্তীর্ণ প্রায় ১১জনে মৌখিক পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ লাভ কৰিলে আৰু ইয়াৰ ৬গৰাকীয়ে অসামৰিক সেৱা, ভূমি আৰু ৰাজহ সেৱাৰ পদত নিযুক্তি লাভ কৰিবলৈও সক্ষম হ’ল৷

অসম লোকসেৱা আয়োগে নিজেই আদালতক অৱগত কৰিছিল যে ৯৮গৰাকী প্রাৰম্ভিক পৰীক্ষাত অনুত্তীর্ণ প্রার্থীয়ে লিখিত পৰীক্ষাত বহাৰ সুযোগ পাইছে৷ আয়োগৰ এনছাৰ কীত থকা ভুলৰ বাবে এই ৯৮গৰাকী প্রার্থী নির্বাচিত হোৱা বিষয়টোক লৈ বিকাশ উপাধ্যায় নামৰ এজন প্রার্থীয়ে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদনো দাখিল কৰিছে৷ কিন্তু সমগ্র পৰীক্ষাটো ইমানেই বিসংগতিপূর্ণ যে ‘প্রতিযোগিতামূলক পৰীক্ষা’ অনুষ্ঠিত কৰাত আয়োগে এশ শতাংশই ব্যর্থ হৈছে৷ সংবাদ মেলত মানসপ্রতিম বৰুৱাই লগতে কয় যে ২০১৯ চনৰ ১৩ মার্চত প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল৷ ৩০ এপ্রিলত আয়োগে পূর্বৰ প্রায় ৯৪টা প্রশ্ণোত্তৰ শুধৰাই পুনৰ ৪০৬গৰাকী প্রার্থীক অতিৰিক্তিভাৱে বাছনি কৰি দ্বিতীয়খন তালিকা প্রকাশ কৰে৷ এই ঘটনা দেশৰ প্রতিযোগিতামূলক পৰীক্ষাৰ ইতিহাসতে বিৰল৷

লক্ষণীয়ভাৱে ৯৪টা প্রশ্ণোত্তৰ শুদ্ধ কৰাৰ পাছতো ৩৫টা প্রশ্ণোত্তৰত ভুল থাকি যায় আৰু আন ৫২টা প্রশ্ণোত্তৰত গ্রেচ মার্ক দিয়া হয়৷ যাৰ বাবে উচ্চ ন্যায়ালয়ত ২১খন লেখ আবেদন দাখিল কৰা হয়৷ পৰৱর্তী সময়ত ভুল উত্তৰ লিখি লিখিত পৰীক্ষালৈ বাছনিভুক্ত হোৱা ৯৮গৰাকী প্রার্থীৰ ৮গৰাকীয়ে মৌখিক পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ লাভ কৰে৷

আনহাতে, লেখ আবেদন দাখিল কৰা ৩গৰাকী প্রার্থীয়েও মৌখিক পৰীক্ষালৈ নির্বাচিত হয়৷ এই ১১গৰাকী প্রার্থীৰ কমেও ৬গৰাকীয়ে অসামৰিক সেৱা, ভূমি আৰু ৰাজহ সেৱাৰ পদত নিযুক্তি লাভ কৰে৷ স্বাভাৱিকতেই প্রতিযোগিতামূলক পৰীক্ষাৰ ইতিহাসত এয়া এক নজিৰবিহীন ঘটনা৷ আনহাতে, ন্যায়ালয়ত গোচৰ চলি থকাৰ মাজতে পৰীক্ষাৰ ফলাফল ঘোষণাক লৈও বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like