নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভার্চুৱেল বৈঠকত ৰিপুণ বৰাক ধমক ক্ষুব্ধ পি চিদাম্বৰমৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ দলৰ এখন ভার্চুৱেল বৈঠকত শীর্ষ কংগ্রেছ নেতা তথা প্রাক্তন বিত্ত, গৃহমন্ত্রী পি চিদাম্বৰমৰ ফোনেই নধৰিলে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ বাৰে বাৰে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীক ফোন কৰাৰ পাছতো ৰিচিভ নকৰা বাবে ক্ষুব্ধ হৈ চিদাম্বৰমে দলীয় নেতা–কর্মীৰ সন্মুখতে সেই বৈঠকখনত ধমক দিয়ে৷ উল্লেখ্য যে আজি অসম প্রদেশ কংগ্রেছ কমিটীৰ আইন বিভাগৰ উদ্যোগত গুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজ্যোতি আই টি এ কেন্দ্রত ৰাজ্যিক আইন অভিৱর্তন অনুষ্ঠিত কৰা হয়৷ উক্ত অভিৱর্তনত ‘ভাৰতবর্ষৰ গণতন্ত্র আৰু সংবিধানৰ প্রতি প্রত্যাহ্বান আৰু ভাবুকি’ বিষয়ৰ ওপৰত পি চিদাম্বৰমে ভার্চুৱেল মাধ্যমৰ জৰিয়তে উদ্বোধনী ভাষণ আগবঢ়ায়৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা ভার্চুৱেল বৈঠকখন সম্বোধন কৰাৰ বাবে চিদাম্বৰমে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক ফোন কৰে৷ বহুবাৰ ফোন কৰাৰ পাছতো সভাপতি বৰাই ফোনটো ৰিচিভ নকৰাত চিদাম্বৰম ক্ষুব্ধ হৈ পৰে৷ এটা সময়ত চিদাম্বৰম ক্ষুব্ধ হৈ সেই ভার্চুৱেল বৈঠকতে ৰিপুণ বৰাক ধমক দি কয়– ‘ফোনটো এজনক ধৰিবলৈ কওক মিষ্টাৰ বৰা৷ মই বাৰে বাৰে ফোন কৰি আছোঁ, ফোনটো ধৰা নাই৷ অনুগ্রহ কৰি কোনোবাই মোৰ ফোনটো ধৰক৷ মই তিনি–চাৰিবাৰ ফোন কৰিছোঁ৷ আপুনি যদি ধৰিব নাজানে, কাৰোবাক ধৰিবলৈ কওক৷’

মন কৰিবলগীয়া এয়ে যে সেই সময়ত প্রদেশ কংগ্রেছৰ সভাপতি বৰা, প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙকে ধৰি প্রদেশ কংগ্রেছৰ নেতৃত্ব আৰু দলৰ আইন বিভাগৰ নেতৃত্বকে ধৰি সকলো মাছখোৱাৰ সভাস্থলীত উপস্থিত আছিল৷ জ্যেষ্ঠ কংগ্রেছ নেতা চিদাম্বৰমে সকলোৰে সন্মুখত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীক তেনেদৰে ককর্থনা কৰে৷ ইপিনে উক্ত ভার্চুৱেল বৈঠক সম্বোধন কৰি চিদাম্বৰমে কয় যে সম্প্রতি দেশৰ যুক্তৰাষ্ট্রীয় ব্যৱস্থাৰ লগতে সংসদলৈকে সকলোতে ভাবুকি আহিছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰে এইবোৰৰ ক্ষেত্রত ভাবুকি আনিছে৷ একনায়কত্ববাদক চৰকাৰখনে উৎসাহী কৰি আহিছে৷ ন্যায়িক ক্ষেত্রতো বর্তমানৰ চৰকাৰখনে ভাবুকি অনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ন্যায়ালয়ত হাজাৰ হাজাৰ জামিন আবেদন নিষ্পত্তি নোহোৱাকৈ পৰি আছে৷ উচ্চ ন্যায়ালয়সমূহতো বহু ন্যায়াধীশৰ পদ খালী হৈ আছে৷ এইবোৰৰ জৰিয়তে চৰকাৰখনে জনসাধাৰণৰ ব্যক্তিগত স্বাধীনতা খর্ব কৰিছে৷ সেইদৰে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে ভাষণত কয় যে দেশত বর্তমান গণতন্ত্র বিপন্ন হৈছে৷ অসমতো বিজেপিয়ে ধর্ম আৰু জাতিৰ নামত সাতামপুৰুষীয়া ঐক্য–সম্প্রীতি বিনষ্ট কৰিব বিচাৰিছে৷ আসন্ন বিধানসভা নির্বাচন মুখ্যমন্ত্রী, মন্ত্রী, বিধায়ক হোৱা নির্বাচন নহয় বুলি উল্লেখ কৰি তেওঁ এই নির্বাচন অসমৰ অস্তিত্ব ৰক্ষা আৰু ভাষা–সংস্কৃতি ৰক্ষাৰ নির্বাচন হ’ব বুলি মন্তব্য কৰে৷ অখিল গগৈৰ প্রসংগত তেওঁ কয় যে অখিলক অবৈধভাৱে দিনৰ পাছত দিন ধৰি জে’লত ভৰাই ৰখা হৈছে৷ চৰকাৰে তেওঁক মুকলি হৈ অহাৰ ক্ষেত্রত বাধা আৰোপ কৰি আহিছে৷ তেওঁ কংগ্রেছ দলৰ অধিবক্তাসকলক অখিলৰ মুক্তিৰ ক্ষেত্রত সহায় কৰিবলৈ আহ্বান জনায়৷

সেইদৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ভাষণত বর্তমান চৰকাৰৰ দিনত অধিবক্তাসকলৰ কল্যাণৰ বাবে চৰকাৰে কোনো কাম কৰা নাই বুলি গুৰুতৰ অভিযোগ কৰি কয় যে পূর্বৰ কংগ্রেছ চৰকাৰে অধিবক্তাসকলৰ কল্যাণৰ বাবে কৰপাছ পুঁজি এটা গঠন কৰিছিল৷ কিন্তু বর্তমানৰ বিজেপি চৰকাৰৰ দিনত সেয়া বন্ধ হৈ আছে৷ অহা নির্বাচনত কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে অধিবক্তাসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে এখন আইন আনিব৷ ন্যায়পালিকাৰ বাবেও বাজেটত সুকীয়াকৈ ধন ধার্য কৰিব৷

You might also like