নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকাকৰণত ব্যৱহূত ক’ভিশ্বিল্ড–ক’ভাক্সিননো কি?

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ তথা ক’ভিড–১৯ প্রতিৰোধ কৰিবলৈ দেশত জৰুৰীভাৱে অনুমতি প্রদান কৰা হৈছে ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনক৷ অহা ১৬ জানুৱাৰীৰ পৰা দেশজুৰি চলিবলগীয়া গণ টিকাকৰণত ব্যৱহূত হ’ব এই দুবিধ ভেকচিন৷ যোৱা তিনি জানুৱাৰীত ড্রাগ্ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডি চি জি আই) গণ টিকাকৰণৰ বাবে অনুমতি প্রদান কৰাৰ পাছতে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন বিতর্কত সাঙোৰ খাই পৰে৷ দুয়োটা ভেকচিনৰে পৰীক্ষণ সন্দর্ভত বিশেষ তথ্য জ্ঞাত নোহোৱাৰ পৰিপ্রেক্ষিতত দেশৰ একাংশ লোকে ভেকচিন দুটাক লৈ বিতর্ক সৃষ্টি কৰে৷ পৰীক্ষণ সম্পূর্ণ নোহোৱাকৈ ভেকচিন দুটা প্রয়োগৰ অনুমতি দিয়া সন্দর্ভত চলা বিতর্কৰ অৱসান ঘটাই দুয়োটা ভেকচিন নির্মাণ কোম্পানীয়ে নিজৰ স্থিতি অৱগত কৰে৷ ভাৰত বায়’টেকৰ ক’ভাক্সিন আৰু ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ক’ভিশ্বিল্ড দেশত প্রদানৰ বাবে দুয়োটা কোম্পানীয়ে সহযোগ কৰাৰ প্রতিশ্রুতি দি বিবৃতি প্রকাশ কৰে৷

উল্লেখ্য যে ক’ভাক্সিন হৈছে ভাৰতৰ হায়দৰাবাদস্থিত ভাৰত বায়’টেকে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিছার্চ (আই চি এম আৰ) আৰু নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ সৈতে যুটীয়াভাৱে বিকশিত কৰা ক’ভিড–১৯ ভেকচিন৷ এই ক’ভিড–১৯ ভেকচিন ক’ভাক্সিন প্রস্তুত কৰা হৈছে চার্ছ ক’ভ–২ ক’ৰোনা ভাইৰাছৰ পৰা৷ মৃত ক’ৰোনা ভাইৰাছ যাক ‘ইনএকটিভ’ ভেকচিন বুলি চিকিৎসা বিজ্ঞানত কোৱা হয়৷ আই চি এম আৰে চার্ছ ক’ভ–২ আইচলেট কৰি সেয়া ভাৰত বায়’টেকক প্রদান কৰে আৰু ভাৰত বায়’টেকে ভেকচিন বিকশিত কৰে৷

আনপিনে আমেৰিকা যুক্তৰাষ্ট্রই ঔষধ কোম্পানী এষ্ট্রাজেনেকা আৰু অক্সফ’ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত ক’ভিড–১৯ ভেকচিন হৈছে ক’ভিশ্বিল্ড৷ এই ভেকচিনটোৰ উৎপাদন আৰু ভাৰতত পৰীক্ষণৰ দায়িত্বত আছে পুনেস্থিত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া৷ এই ভেকচিনটোক এ জেড ডি ১২২২ ভেকচিন বুলি প্রস্তুত কৰা হৈছে যদিও ব্রেণ্ড নেম ক’ভিশ্বিল্ড৷ এই ভেকচিনটো চার্ছ ক’ভ–২ ক’ৰোনা ভাইৰাছৰ বিপৰীতে এডন’ভাইৰাছৰ পৰা বিকশিত কৰা হৈছে৷ দুয়োটা ভেকচিনেই বেজীৰ জৰিয়তে মানৱ দেহৰ কোষত প্রয়োগ কৰা হয়৷ লক্ষণীয় যে ইউৰোপ আৰু ব্রাজিলত পৰীক্ষণৰ সময়ত ক’ভিশ্বিল্ডৰ ফলপ্রসূতা গড় ৭০ শতাংশ৷ কিন্তু ভাৰতত এই ভেকচিনটোৰ পৰীক্ষণৰ ফলপ্রসূতা প্রকাশ কৰা হোৱা নাই৷ আনপিনে ভাৰত বায়’টেকৰ ক’ভাক্সিন সন্দর্ভত পৰীক্ষণৰ বিতং তথ্য প্রকাশ কৰাৰ পূর্বেই ডি চি জি আয়ে জৰুৰীকালীন প্রয়োগত অনুমতি জনাইছে৷

তাৎপর্যপূর্ণ যে দুয়োটা ভেকচিনৰ প্রতিটোৱেই দুটা ড’জৰ৷ দুয়োটা ভেকচিনে সংৰক্ষণ কৰি ৰাখিবলৈ সহজ৷ কিয়নো এই ভেকচিন দুটা ২–৮ ডিগ্রী চেলছিয়াছত সংৰক্ষিত কৰি ৰাখিব পাৰি৷ যাৰ বাবে এই ভেকচিনকেইটা চিকিৎসা কেন্দ্রত সংৰক্ষণ কৰি ৰখাৰ লগতে বিভিন্ন স্থানলৈ সৰবৰাহ কৰাত সহজ হয়৷

আনপিনে ভেকচিনৰ মূল্য কেন্দ্রীয় চৰকাৰে নিয়ন্ত্রণ ৰাখি বিনামূলীয়াকৈ প্রদান কৰিব যদিও বিভিন্ন প্রতিবেদনত প্রকাশ পোৱা মতে, দুয়োটা ভেকচিনৰ বজাৰ মূল্য পৃথক৷ ক’ভিশ্বিল্ডৰ মূল্য চৰকাৰী মতে ৪০০–৪৫০ টকা অথবা প্রতিটো ড’জত ২০০–২২৫ টকা৷ দেশীয় ভেকচিন ক’ভাক্সিনৰ মূল্য নির্ধাৰিত কৰা হোৱা নাই যদিও ভাৰত বায়’টেকৰ সূত্র মতে, এই ভেকচিনৰ মূল্য ৩৫০ টকা৷ ভেকিচিন দুটাৰ সুৰক্ষাক লৈ প্রশ্ণ উত্থাপন হ’লেও ডি চি জি আই ভি জি চোমানিয়ে প্রকাশ কৰা মতে, দুয়োটা ভেকচিনেই ১০০ শতাংশ নিৰাপদ৷ প্রতিটো ভেকচিনতে পার্শ্বক্রিয়া হিচাপে মৃদু জ্বৰ, বিষ আৰু এলার্জী সাধাৰণ থাকিব পাৰে৷

You might also like