নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বাধিক নমুনা পৰীক্ষাত দেশৰ প্রথম তিনিখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ ৰাজ্যখনত যোৱা কেইটামান দিনৰ পৰা দৈনিক ক’ভিডত আক্রান্ত লোকৰ মৃত্যু হোৱাৰ সমান্তৰালভাৱে পৰীক্ষণ ব্যৱস্থা ক্ষিপ্রতৰ হোৱাৰ লগে লগে ক’ভিড আক্রান্ত লোকৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ পিছে এনে অৱস্থাৰ মাজতো সুখৰ খবৰ এয়ে যে ক’ৰোনাত কমসংখ্যক লোকৰ মৃত্যু হোৱা দেশৰ তিনিখন ৰাজ্যৰ ভিতৰত আছে অসমো৷ একেদৰে নমুনা পৰীক্ষা, অধিক ক’ভিড ৰোগী সুস্থ হোৱা আৰু ক’ভিড ৰোগীক মানৱীয় দৰদ প্রদর্শনৰ ক্ষেত্রত দেশৰ ভিতৰতে প্রথম স্থানত আছে অসম৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অসমৰ সেই সফলতাৰ বিষয়ে উল্লেখ কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে ক’ভিডৰ নমুনা পৰীক্ষাৰ ক্ষেত্রত অসম দেশৰ তিনিখন শীর্ষ ৰাজ্যৰ ভিতৰত আছে৷ সেইদৰে দেশৰ ভিতৰতে কমসংখ্যক ক’ভিড ৰোগীৰ মৃত্যু অসমতে হৈছে৷ একেদৰে সর্বাধিক ক’ভিড ৰোগী সুস্থ হোৱাৰ ক্ষেত্রতো অসম দেশৰ ভিতৰতে শীর্ষস্থানত আছে৷ ক’ভিড ৰোগীক মানৱীয় দৰদৰ ক্ষেত্রতো অসম দেশৰ ভিতৰতে প্রথম স্থানত আছে৷ গুৱাহাটী মহানগৰীৰ সাম্প্রতিক পৰিস্থিতিৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে মহানগৰীত সম্প্রতি ক’ভিড ৰোগীৰ সংখ্যা কমি আহিছে৷ যোৱা ৪টামান দিনত দৈনিক ৩০০ মানহে ক’ভিড ৰোগী ওলাইছে৷ দুই–এদিনতে নতুনকৈ আক্রান্তৰ সংখ্যা আৰু অধিক কমি অহাৰ আশা প্রকাশ কৰি ড০ শর্মাই কয় যে মহানগৰবাসীয়ে শেহতীয়া তিনি সপ্তাহৰ লকডাউন সফলতাৰে পালন কৰাৰ লগতে ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ কৰাৰ বাবেই মহানগৰীত সংক্রমণৰ সংখ্যা লক্ষণীয়ভাৱে হ্রাস পাইছে৷ ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ কৰাৰ ফলত প্রথম দিনাই আক্রান্তসকলক চিনাক্ত কৰিব পৰা হৈছে বাবেই তেওঁলোকৰ পৰা পূর্বৰ দৰে অধিক লোক সংস্পর্শলৈ নহাৰ ফলত সংক্রমণ কমি আহিছে৷

ইয়াৰ বাবেই সম্প্রতি স্ক্রীনিং কেন্দ্রসমূহতো পৰীক্ষা কৰা লোকৰ সংখ্যা কমি আহিছে৷ ড০ শর্মাৰ মতে, ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ কৰাৰ বাবে প্রথম দিনাই ৭০ শতাংশ ৰোগীক চিনাক্ত কৰিব পৰা হৈছে৷ ভাৰত চৰকাৰে অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যখনত ৬৫ হাজাৰ ৰোগী ওলোৱাৰ যি শংকা ব্যক্ত কৰিছে, সেই সম্পর্কতো ড০ শর্মাই কয় যে কেন্দ্রই সেই পর্যালোচনা কৰোঁতে গুৱাহাটীৰ তিনি সপ্তাহৰ লকডাউনৰ বিষয়টো বিবেচনা কৰা নাছিল৷ অৱশ্যে পৰিস্থিতি নিয়ন্ত্রণলৈ অনাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে গুৱাহাটীত ১০ হাজাৰ ৰোগী ৰখাৰ বাবে ক’ভিড কেয়াৰ চেণ্টাৰ সাজু কৰিছে৷ বর্তমানৰ ৬ হাজাৰ বিছনাৰ উপৰি অহা ২ আগষ্টৰ ভিতৰত অতিৰিক্তভাৱে ৫ হাজাৰ বিছনাৰ ব্যৱস্থা কৰাৰ পদক্ষেপ লৈছে৷ গুৱাহাটীত ক’ভিড নোহোৱা কৰিব লাগিল ৰেপিড এণ্টিজেন টেষ্টেৰে আক্রান্তসকলক প্রথম অৱস্থাতেই চিনাক্ত কৰিব লাগিব৷

You might also like