নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএছটিৰ ক্ষতিপূৰণ; অসমলৈ ১,২৮৪ কোটি টকা মুকলি কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ  কেন্দ্রীয় চৰকাৰে জিএছটিৰ ক্ষতিপূৰণৰ ধন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ মুকলি কৰি দিছে৷ ২০১৯–২০ বিত্তীয় বর্ষৰ জিএছটি ক্ষতিপূৰণৰ ১,৬৫,৩০২ কোটি টকা মুকলি কৰা হৈছে৷ কেন্দ্রীয় বিত্তীয় মন্ত্রালয়ৰ বিবৃতিযে প্রকাশ পোৱা মতে এই ধনৰ অসমৰ ১,২৮৪ কোটি টকাও মুকলি কৰি দিছে৷

ইয়াৰ উপৰি অন্ধ্রপ্রদেশ, বিহাৰ, ছত্তিশগড়, দিল্লী, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশ, জম্মু–কাশ্মীৰ, ঝাৰখণ্ড, কর্ণাটক, কেৰালা, মধ্যপ্রদেশ, মহাৰাষ্ট্র, মেঘালয়, ওড়িশা, পুডুচেৰী, পঞ্জাব, ৰাজস্থান, তামিলনাডু, তেলেংগানা, ত্রিপুৰা, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পশ্চিমবংগলৈও ধন মুকলি কৰি দিছে৷ তাৎপর্যপূর্ণ যে বিবৃতিত প্রকাশ পোৱা মতে অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিমক ধন মুকলি কৰা হোৱা নাই৷

You might also like