নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটতেই হওক জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া : অসম সাহিত্য সভা 

বিশেষ বাৰ্তা, যোৰহাট, ২০ ছেপ্টেম্বৰ : অজস্ৰ অনুৰাগীক শোকসাগৰত পেলাই সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অকালতে অজান দেশলৈ গুচি যোৱাত মৰ্মাহত অসমীয়া। এইগৰাকী শিল্পীৰ অন্ত্যোষ্টিক্ৰিয়া যোৰহাটত সম্পন্ন কৰিবৰ বাবে ৰাজ্য চৰকৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে অসম সাহিত্য সভাই।

আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে অসমৰ আকাশৰ এটা উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ খহি পৰিল। জুবিন গাৰ্গে সমগ্ৰ জীৱনটো নিৰলে মানৱ সেৱা কৰি গৈছিল। অসমৰ ৰাইজ, মাটি-পানী থকালৈকে অসমৰ মাটিত জুবিন গাৰ্গ সদায় থাকিব। তেওঁ কয়- জুবিনৰ ঘৰ জাঁজীৰ তামুলীছিগাত আছিল যদিও তেওঁৰ পিতৃয়ে আহি যোৰহাটৰ বঙাল পুখুৰীত থাকিবলৈ ল’লে আৰু তাৰ ফলশ্ৰুতিত জুবিন গাৰ্গ যোৰহাটীয়া হৈ পৰিল। যোৰহাটৰ বঙাল পুখুৰীৰ পূজা মন্দিৰত শিশু জুবিনে প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সুবিধা লাভ কৰিছিল। সকলোৱে জুবিন গাৰ্গক শিশু অৱস্থাতে চিনি পোৱা হৈছিল। জুবিন গাৰ্গৰ প্ৰথম সম্পৰ্ক যোৰহাটৰ লগত । সেয়েহে জুবিনৰ মহাপ্ৰস্থানৰ পিছত প্ৰতিগৰাকী যোৰহাটৰ ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানে শিল্পীগৰাকীৰ সমাধি যোৰহাটতেই হ’ব লাগে বুলি অসম সাহিত্য সভাক জনোৱাৰ বিষয়ে সংবাদ মেলত সদৰী কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে। সেই অনুসৰি আলোচনা কৰি অসম সাহিত্য সভাই প্ৰস্তাৱটো চৰকাৰলৈ প্ৰেৰণ কৰিছে।

জুবিন গাৰ্গৰ সমাধিস্থলীৰ বাবে মাটি দিব অসম কৃষি বিশ্ববিদ্যালয়ে
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত মৰ্মাহত ৰাজ্যবাসী। আজি অসম কৃষি বিশ্ববিদ্যালয়ত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ আত্মাৰ সদগতিৰ বাবে এখন শোকসভা অনুষ্ঠিত কৰে। বিশ্ববিদ্যালয়খনৰ কৰ্মচাৰী, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এই সভাতেই অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিস্থলীৰ বাবে প্ৰয়োজনীয় মাটি দিয়াৰ কথা ঘোষণা কৰে। বিশ্ববিদ্যালয়খনৰ লিচুবাৰীত থকা পূৰ্বৰ পঞ্জীয়কৰ কাৰ্য্যালয়ৰ চৌহদৰ বৃহৎ ভূমিত কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এখন বজাৰ নিৰ্মাণ কৰিবৰ বাবে পৰিকল্পনা কৰা হৈছিল। কিন্তু সম্প্ৰতি যোৰহাটৰ এই মহান শিল্পীগৰাকীৰ সমাধিস্থলীৰ বাবে এই ভূমি দান কৰিব অসম কৃষি বিশ্ববিদ্যালয়ে। এই সন্দৰ্ভত স্থানীয় বিধায়কৰ সৈতেও যোগাযোগ কৰাৰ বিষয়ে জানিবলৈ দিছে পঞ্জীয়ক তপন কুমাৰ গোহাঁয়ে।
You might also like