নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানঃড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ৫ মেঃ কভিডৰ পৰিস্থিতি ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে। দৈনিক হাজাৰৰো অধিক ৰোগী আক্ৰান্ত হৈছে কৰোনাত। যাৰ বাবে কঠোৰ হবলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰ।

আজি শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে অসমৰ সকলো শিক্ষানুষ্ঠান অনিদিষ্ট কাললৈ বন্ধ হৈ যাব। কোনোবা জিলাত তিনিশতকৈ বেছি হওক নহওক কিন্তু শিক্ষানুষ্ঠান বন্ধ হৈ যাব। যি হেতু ২টা বজাৰ পৰা সকলো দোকান পোহাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে সেই বাবে শিক্ষানুষ্ঠান সমূহ বন্ধ অনিদিষ্ট কাললৈ বন্ধ কৰা হৈছে।

উল্লেখ্য যে কভিড পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা স্থগিত কৰা হৈছে।

You might also like