নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পালচ অক্সিমিটাৰ কেনেদৰে ব্যৱহাৰ কৰিব ?

তেজত থকা অক্সিজেনৰ স্তৰ (অক্সিজেন সংপৃক্ততা) জোখাৰ বাবে পালচ অক্সিমিটাৰ ব্যৱহাৰ কৰা হয়। তেজৰ অক্সিজেনৰ স্তৰ অনুমান কৰাৰ বাবে পালচ অক্সিমিটাৰ এটা উপযোগী। অক্সিজেন সংপৃক্ততাই (oxygen saturation) তেজত কঢ়িয়াই অনা অক্সিজেনৰ পৰিমাণৰ বিষয়ে তথ্য দিয়ে। পালচ অক্সিমিটাৰে তেজৰ নমুনা নোলোৱাকৈ তেজত অক্সিজেনৰ পৰিমাণ অনুমান কৰিব পাৰে।

চৰকাৰে টুইটাৰযোগে পালচ অক্সিমিটাৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত এটা নিৰ্দেশনা প্ৰকাশ কৰিছে। পালচ অক্সিমিটাৰ কেনেদৰে ব্যৱহাৰ কৰিব আহঁকচোন চাও-

Step 1: নেইল পলিছ আতঁৰাই লওক আৰু হাতখন যদি ঠাণ্ডা হৈ পৰিছে তেন্তে অলপ উমাল কৰি লওক

Step 2: অক্সিমিটাৰ ব্যৱহাৰ কৰাৰ আগতে কমেও ৫ মিনিট সময়ৰ বাবে জিৰণি লওক

Step 3: হাতখন বুকুৰ ওচৰলৈ আনি স্থিৰ কৰি ৰাখক

Step 4: অক্সিমিটাৰটো অন কৰক আৰু ইয়াক আপোনাৰ মাজৰ বা তৰ্জনী আঙুলিত ৰাখক

Step 5: অক্সিমিটাৰত জোখ স্থিৰ নোহোৱা পৰ্যন্ত হাতখন একেঠাইতে ৰাখক

Step 6: ৫ ছেকেণ্ডৰ বাবে সালসলনি নোহোৱা সৰ্বাধিক জোখটো গ্ৰহণ কৰক

Step 7: প্ৰতিটো ৰেকৰ্ড সাৱধানে চিনাক্ত কৰক

Step 8: বেচলাইনৰ পৰা ৰেকৰ্ডিং আৰম্ভ কৰক আৰু একে সময়তে দিনে তিনিবাৰ ৰেকৰ্ড কৰক

যদি আপোনাৰ অক্সিজেনৰ স্তৰ ৯৫% বা তাতকৈ কম হয় আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হয় তেনেহ’লে চিকিৎসকৰ কাষ চাপক।

 

You might also like