নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যটন খণ্ডৰ অংশীদাৰে লাভ কৰিব ২০ লাখ টকালৈকে ঋণ

টুৰিজিম কনক্লেভ–২০২০ত ‘পর্যটন সঞ্জীৱনী আঁচনি’ ঘোষণা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   ৰাজ্যৰ পর্যটন খণ্ডক পুনৰুজ্জীৱিতকৰণৰ্ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শুকুৰবাৰে ‘পর্যটন সঞ্জীৱনী’ নামৰ এখন আঁচনিৰ কথা ঘোষণা কৰে৷ এই আঁচনিৰ জৰিয়তে পর্যটন খণ্ডৰ সৈতে জডিত থকা অংশীদাৰসকলক বিভিন্ন বেংকৰ জৰিয়তে ১ লাখৰ পৰা ২০ লাখ টকাৰ ঋণ প্রদান কৰা হ’ব৷ এই ঋণৰ বাবদ এবছৰ ‘মৰেটোৰিয়াম’ থাকিব৷ প্রথম বছৰৰ বাবে ঋণৰ সুদ চৰকাৰে প্রদান কৰিব৷ পাঁচ বছৰৰ বাবে এই ঋণ প্রদান কৰা হ’ব৷ আনহাতে, ‘পর্যটন সাৰথি’ নামৰ আন এক কার্যসূচীও মুখ্যমন্ত্রীয়ে আজি শুভাৰম্ভ কৰে৷ ইণ্টাৰনেটৰ মাধ্যমেৰে পর্যটন বিভাগৰ সৈতে যোগাযোগ কৰিব পৰা ‘ইলেক্ট্রনিক গেজেট’ৰ দ্বাৰা ইয়াৰ অংশীদাৰসকলক ডপকৃত কৰিব পৰাকৈ এই কার্যসূচী প্রস্তুত কৰা হৈছে৷ অসম চৰকাৰৰ পর্যটন বিভাগৰ ডদ্যোগত আৰু অসম পর্যটন ডন্নয়ন নিগমৰ সহযোগত আজি অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত ‘টুৰিজিম কনক্লেভ–২০২০’ত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সোণোৱালে ‘পর্যটন সঞ্জীৱনী’ নামৰ আঁচনিখনৰ কথা ঘোষণা কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱালে কয় যে বিশ্বৰ বিভিন্ন দেশৰ অর্থনৈতিক বুনিয়াদ নির্মাণত পর্যটন ডদ্যোগে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ অসমতো পর্যটনক এক ডদ্যোগ হিচাপে গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসম তথা ডত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ বাবে ‘এক্ট ইষ্ট পলিচী’ ঘোষণা কৰাৰ পিছত অন্যান্য খণ্ডৰ লগতে পর্যটন খণ্ডক বিকশাই তোলাৰ বাবে সুযোগ আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে৷ তেনে দৃষ্টিভংগীৰে এই খণ্ডৰ লগত জডিত থকা সকলোৱে নিজস্ব চিন্তাধাৰাৰে গতিশীল পদক্ষেপ গ্রহণৰ বাবে আগবাঢ়ি আহিব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ ক’ভিড–১৯ৰ বাবে সমগ্র বিশ্ববাসীয়ে ভয়াৱহ পৰিস্থিতিৰ মাজেৰে অতিক্রম কৰিবলগীয়া হৈছে বুলি

উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ বিৰুদ্ধে বলিষ্ঠ প্রত্যুত্তৰ দিয়াৰ বাবে জ্ঞান গভীৰতা, বুদ্ধিমত্তা আৰু অভিজ্ঞতাৰে কর্মপথাৰত মনোনিৱেশ কৰিব লাগিব৷ সংকটপূর্ণ পৰিস্থিতিৰ মাজেৰে নিজকে বিকশাই তোলাৰ বাবে পর্যটন খণ্ডৰ লগত জডিত সকলোৱে কর্ম ডদ্যমিতাৰে আগুৱাই আহিব লাগিব৷ এই খণ্ডৰ লগত জডিত থকা বহুসংখ্যক লোক কর্মহীন হৈ পৰিছে৷ এই অনিশ্চয়তা দূৰ কৰাৰ দায়িত্ব সকলোৱে ল’ব লাগিব৷ ইয়াৰ বাবে ব্যক্তিত্বত থকা শক্তিক প্রয়োগ কৰিব লাগিব৷ আজিৰ এই সংকটৰ সময়তো পর্যটন উদ্যোগটোক আগুৱাই নিয়াৰ বাবে সকলোৱে মিলিত প্রচেষ্টা চলাব লাগিব৷ ইয়াৰ বাবে ৰোড মেপ প্রস্তুত কৰাৰ দায়িত্ব চৰকাৰৰ লগতে পর্যটন খণ্ডৰ লগত জডিত অংশীদাৰসকলে মিলিতভাৱে ল’ব লাগিব৷ অন্যান্য ৰাজ্যসমূহে সংকটৰ সময়ছোৱাত কি ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে, সেই কথা তুলনামূলকভাৱে অধ্যয়নৰ প্রয়োজনীয়তাও আহি পৰিছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে সমগ্র বছৰ পর্যটন খণ্ডটোক সজীৱ কৰি ৰখা, বাঁহভিত্তিক পর্যটনক বিকশাই তোলা, গৱেষকসকলক আকর্ষিত কৰিব পৰাকৈ পর্যটনক বিকশাই তোলা, গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰ মাজত থকা সম্ভাৱনীয়তাৰ প্রতি আকর্ষিত কৰাৰ লেখীয়া দিশসমূহো পর্যটন খণ্ডৰ মাজত সামৰি ল’ব লাগিব বুলিও কয়৷ পর্যটন বিভাগৰ সচিব ৰাজভী হুছেইনে আদৰণী ভাষণ দিয়া অনুষ্ঠানত পর্যটন মন্ত্রী চন্দন ব্রহ্ম, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, অসম পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা আৰু পর্যটন বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথুৱে ভাষণ দিয়ে৷ আনহাতে, এই খণ্ডৰ লগত জডিত থকা কেইবাটাও বেচৰকাৰী সংস্থাৰ প্রতিনিধিয়ে বর্তমান সময়ত তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ আলোকপাত কৰি বক্তব্য আগবঢ়ায়৷ মুখ্যমন্ত্রীয়ে এই কনক্লেভৰ লগত সংগতি ৰাখি ‘অউছম আছাম’ শীর্ষক বিভিন্ন প্রতিযোগিতাত স্থান লাভ কৰা প্রতিযোগীসকলকো পুৰস্কাৰ প্রদান কৰে৷ মুখ্যমন্ত্রীয়ে দৃশ্য–শ্রাব্য আৰু বিৱৰণী এখনো উন্মোচন কৰে৷ অনুষ্ঠানত বন, প্রত্নতত্ত্ব আদি বিভিন্ন চৰকাৰী বিভাগৰ লগতে পর্যটনৰ লগত জড়িত বিভিন্ন অংশীদাৰে অংশগ্রহণ কৰে।

You might also like