নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমৰণ অনশনৰ হুংকাৰ হাগ্রামা মহিলাৰীৰ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  বিপিএফ দলক নিঃশেষ কৰাৰ বাবে ৰাজনৈতিক ষডযন্ত্র চলিছে৷ এই ভাষ্য বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ৷ বিটিএডিক আজিৰে পৰা বিটিআৰ হিচাপে নামকৰণ কৰাৰ ৰাজ্যপালৰ ঘোষণাৰ পিছতে ক্ষোভত ফাটি পৰিছে বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰী৷ আজি কোকৰাঝাৰত এখন সংবাদ মেলত মহিলাৰীয়ে বিটিএডিক বিটিআৰ হিচাপে নামকৰণৰ ঘোষণা কৰা বিষয়টোক অসাংবিধানিক আখ্যা দি ইয়াৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে৷ উল্লেখ্য যে ২০২০ চনৰ ২৭ জানুৱাৰীত কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ, এবছু, এনডিএফবিৰ চাৰিটা গোট আৰু ইউবিপি’ৰ মাজত তৃতীয়খন বডো শান্তি চুক্তি বিটিআৰ স্বাক্ষৰিত হোৱাৰ পিছত আজি অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিটিএডিৰ পৰিৱর্তে সমগ্র পৰিষদীয় অঞ্চলটোক বিটিআৰ হিচাপে নামকৰণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে বডো ৰাজনৈতিক ক্ষেত্রখনত এক নতুন ৰাজনৈতিক পট পৰিৱর্তনৰ ইংগিত ফুটি উঠে৷ ইপিনে, বিটিএডিৰ নাম সলনি কৰি বিটিআৰ হিচাপে ঘোষণা কৰা কার্যক মুঠেই গ্রহণ কৰিব পৰা নাই বিপিএফৰ সভাপতি মহিলাৰীয়ে৷ তেওঁৰ দাবী– নির্বাচনী অধিসূচনা অব্যাহত থকা সময়ত বিটিচিৰ নামকৰণ ৰাজ্যপালে বিটিআৰ কৰা কোনোপধ্যে গ্রহণযোগ্য নহয়৷ তেওঁৰ প্রশ্ন যে ৰাজ্য চৰকাৰৰ কেবিনেটৰ অনুমোদন অবিহনে বিটিএডিক বিটিআৰ হিচাপে কেনেকৈ সলনি কৰিব পাৰে৷ নির্বাচনী আচৰণবিধি জলাঞ্জলি দি বিটিএডিৰ নাম সলনি কৰি ৰাইজৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰা হৈছে বুলি তেওঁ দাবী কৰে৷ বিটিএডিৰ পৰিৱর্তে বিটিআৰ ঘোষণা কৰা কার্যই সমাগত পৰিষদীয় নির্বাচনত বিপিএফ দলৰ ওপৰত কিবা নেতিবাচক প্রভাৱ পৰিব নেকি বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মহিলাৰীয়ে বিপিএফ দলক নিঃশেষ কৰাৰ বাবে ৰাজনৈতিক ষডযন্ত্র চলিছে, যাৰ বাবে বিটিচি নির্বাচনৰ দিন পিছুৱাই দিয়া হৈছে আৰু ৰাজ্যপালৰ শাসন ছয় মাহৰ বাবে বঢ়াই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি ক্ষোভ প্রকাশ কৰে৷ ৰাজ্য চৰকাৰ গঠনত দুয়ো দলৰ মিত্রতা আছে, গতিকে বিটিএডিৰ নির্বাচনৰ ক্ষেত্রতো মিত্রতা থাকিব লাগিছিল বুলি তেওঁ মন্তব্য কৰে৷ কিন্তু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নিজেই যিহেতু বিটিএডিত বিপিএফৰে মিত্রতা নাই বুলি ঘোষণা কৰি আহিছে, গতিকে অকলে নির্বাচনত অংশগ্রহণ কৰিব আৰু চৰকাৰ গঠন কৰিব বুলি দাবী কৰে বিপিএফৰ সভাপতি মহিলাৰীয়ে৷ সংবাদ মেলত তেওঁ লগতে বিপিএফ দলক কোনেও নিঃশেষ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দি বিটিচি নির্বাচন ৩১ অক্টোবৰৰ ভিতৰতে সম্পন্ন কৰাৰ দাবী জনায়৷ বিপিএফৰ বিৰুদ্ধে চলা ৰাজনৈতিক ষডযন্ত্রই বিটিচিৰ পৰিষদীয় নির্বাচনত কোনোধৰণৰ প্রভাৱ নেপেলায় বুলি দৃঢ়তাৰে প্রকাশ কৰি চতুর্থবাৰৰ বাবে পুনৰ বিপিএফ দলেই চৰকাৰ গঠন কৰিব বুলি তেওঁ দাবী কৰে৷

আনহাতে, যেতিয়ালৈকে বিটিএডিৰ পৰিষদীয় নির্বাচন অনুষ্ঠিত নহয়, তেতিয়ালৈকে বিপিএফ দলে বিভিন্ন ধৰণৰ কার্যসূচীৰে এই সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ কৰি যাব বুলি দলৰ সভাপতিগৰাকীয়ে সংবাদ মেলত প্রকাশ কৰে৷ আনহাতে, মহিলাৰীয়ে বিহাৰৰ নির্বাচন ঘোষণা কৰা সন্দর্ভত প্রশ্ণ উত্থাপন কৰি কয় যে যদি ক’ৰোনা কালত বিহাৰত ৰাজ্যসভাৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে দিন ঠিক হ’ব পাৰে, তেন্তে বিটিএডিত কিয় নোৱাৰে? তেওঁ সংবাদ মাধ্যমৰ আগত বিজেপি আৰু ইউপিপিএল দলৰ মাজত বিটিএডি নির্বাচনক লৈ গোপন মিত্রতা চলিছে বুলিও দাবী কৰে৷ সংবাদ মেলত মহিলাৰীয়ে মন্ত্রী পীয়ূষ হাজৰিকা আৰু ভৱেশ কলিতাই যি হাৰত ক’ভিড প্রট’কল উলংঘা কৰি সভা–সমিতি অনুষ্ঠিত কৰি আহিছে, সেয়া সমর্থন কৰিব পৰা নাই আৰু ভাল পোৱা নাই বুলি উল্লেখ কৰে৷ ইপিনে, আজি বিপিএফ দলে কোকৰাঝাৰ চহৰৰ জেডি ৰোডস্থিত বিপিএফৰ কার্যালয়ৰ পৰা অক্টোবৰৰ ভিতৰত বিটিচি পৰিষদীয় নির্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্যপালৰ শাসন প্রত্যাহাৰৰ দাবীত বৰষুণকো নেওচি এক বিশাল সমদল উলিয়ায়৷ বিপিএফৰ সভাপতি মহিলাৰীৰ নেতৃত্বত উলিওৱা সমদলটোৱে চহৰখনৰ মুখ্য পথেৰে জিলা উপায়ুক্ত কার্যালয়ত উপস্থিত হৈ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রী আৰু নির্বাচন আয়োগলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে৷ উল্লেখ্য যে যদিহে বিপিএফ দলৰ দাবীসমূহ কার্যকৰী নকৰে, তেন্তে ‘হয় তৰিম নহয় মৰিম’ মন্ত্রৰে আমৰণ অনশন কার্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলিও মহিলাৰীয়ে সমদলস্থলীৰ পৰাই হুংকাৰ দিয়ে৷
বিটিআৰ নির্বাচন অনুষ্ঠিত কৰাৰ দাবীত গোসাঁইগাঁৱত মহকুমাধিপতিৰ কার্যালয়ৰ সন্মুখত বিপিএফৰ ধর্ণা
ক’ভিড–১৯ৰ ভয়াৱহতাৰ বাবে বিগত ছমাহৰ পৰা স্থগিত হৈ থকা বিটিআৰ নির্বাচন অনুষ্ঠিত কৰাৰ দাবীত আজি গোসাঁইগাঁৱত বিপিএফ দলে ধর্ণা কার্যসূচী ৰূপায়ণ কৰাৰ লগতে ৰাজ্যিক নির্বাচন আয়োগ, মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷ বিপিএফৰ গোসাঁইগাঁও জিলা সমিতিৰ উদ্যোগত, দুই নম্বৰ গুমা ব্লক, তিনি নম্বৰ শ্রীৰামপুৰ ব্লক, চাৰি নম্বৰ যমদুৱাৰ ব্লক, পাঁচ নম্বৰ শৰাইবিল ব্লক আৰু ছয় নম্বৰ কচুগাঁও ব্লক বিপিএফ সমিতিৰ সহযোগত পুৱা শতাধিক নেতা–কর্মীয়ে হাতে হাতে বেনাৰ–ফেষুটন লৈ গোসাঁইগাঁও মহকুমাধিপতিৰ কার্যালয়ৰ সন্মুখত ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ ধর্ণা কার্যসূচীত ২নং গুমা সমষ্টিৰ বিপিএফৰ প্রার্থী ৰহিন্দ্র ব্রহ্ম, ৩নং শ্রীৰামপুৰ সমষ্টিৰ প্রার্থী আব্দুল খালেক মণ্ডল, ৫নং শৰাইবিল সমষ্টিৰ বিপিএফৰ প্রার্থী মৃত্যুঞ্জয় নার্জাৰীৰ লগতে বিপিএফৰ জিলা মহিলা গোট, যুৱ মঞ্চৰ নেতা–নেত্রী, সমর্থকে অংশগ্রহণ কৰি উই ৱাণ্ট ইলেকচন, ন ইলেকচন ন ৰেষ্ট, বিপিএফ জিন্দাবাদ আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে৷ ধর্ণাৰ শেষত দলৰ জিলা সভাপতি তথা বিধায়ক মাজেন্দ্র নার্জাৰীয়ে মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যিক নির্বাচন আয়োগ, মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷ গোসাঁইগাঁও জিলা বিপিএফৰ সভাপতি তথা বিধায়ক নার্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিটিচি পৰিষদীয় নির্বাচন ক’ভিড প্রট’কল মানি অনুষ্ঠিত কৰিব লাগে৷ ৰাজস্থানত পঞ্চায়ত নির্বাচন পতাৰ যো–জা চলাইছে৷ বিহাৰতো নির্বাচন অনুষ্ঠিত হ’ব৷ মিজোৰামত ইতিমধ্যে পঞ্চায়ত নির্বাচন হৈ গ’ল৷ তেনেক্ষেত্রত বিটিএডিৰ চাৰিখন জিলাত ক’ভিড প্রট’কল মানি কিয় নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰে৷ বিটিচিত ৰাজ্যপালৰ শাসন চলি থকাত বিটিচিৰ উন্নয়ন স্থবিৰ হৈ পৰিছে৷ নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ ফলত চৰকাৰী আঁচনিসমূহ বিটিচিত কার্যকৰী কৰিব পৰা নাই৷

You might also like