নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত স্থাপন হ’ব উন্নয়নৰ নতুন মাইলষ্ট’ন

ড০ শর্মাক প্রধানমন্ত্রী মোদীৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা ১১ মেঃ  অসমৰ নতুন মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ পাছত ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছাৰে ওপচাই দিছে সমগ্র দেশৰ ৰাজনৈতিক নেতৃত্বই৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্রী ড০ শর্মাক এক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰি কয় যে ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে সোমবাৰে শপতগ্রহণ কৰা নতুন টীমে অসমৰ জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণ কৰাৰ লগতে উন্নয়নৰ নতুন মাইলষ্ট’ন স্থাপন কৰিব বুলি তেওঁৰ বিশ্বাস আছে৷ আন এক শুভেচ্ছা বার্তাত দেশৰ গৃহমন্ত্রী অমিত শ্বাহেও অসমৰ নতুন মুখ্যমন্ত্রীগৰাকীৰ ওপৰত আস্থা প্রকাশ কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অভিভাৱকত্বত আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমে শান্তি, প্রগতি আৰু সমৃদ্ধিৰ নতুন মাপকাঠী গঢ়িব বুলি তেওঁ বিশ্বাসী৷

বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই মুখ্যমন্ত্রী আৰু আন আন মন্ত্রীসকলক অভিনন্দন জ্ঞাপন কৰি কয় যে এন ডি এ চৰকাৰখনে অসমৰ জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব৷ বিদায়ী মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজৰ শুভেচ্ছা বার্তাত কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আমি আৰম্ভ কৰা উন্নয়নৰ যাত্রা অব্যাহত থাকিব বুলি মই বিশ্বাসী৷’ বিজেপিৰ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে কয় যে ড০ হিমন্ত বিশ্ব শর্মা বিদায়ী মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ যোগ্য উত্তৰসূৰী৷ তেওঁলোক দুয়োগৰাকীয়ে অসমত শান্তি আৰু উন্নয়নৰ নতুন অধ্যায় ৰচনা কৰিবলৈ যত্নৱান হ’ব৷

ইয়াৰ বাহিৰেও দেশৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী, প্রকাশ জাভাড়েকাৰ, পীয়ূষ গোৱেল, ধর্মেন্দ্র প্রধান, ড০ হর্ষ বর্ধন, নির্মলা সীতাৰমণ, কিৰেণ ৰিজিজু, ড০ ৰমেশ নিশংক পোখৰিৱাল, মুখতাৰ আব্বাছ নকবি, শ্রীপদ নাইক, প্রহ্লাদ যোশী, নীতিন গাডকাৰি, জেনেৰেল ভি কে সিং, ড০ মহেন্দ্র নাথ পাণ্ডে আদিয়ে ৰাজ্যৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছাৰে ওপচাই দিছে৷

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই নিজৰ শুভেচ্ছা বার্তাত কয় যে ড০ হিমন্ত বিশ্ব শর্মাই অসম তথা উত্তৰ–পূববাসীৰ প্রত্যাশাক সন্মুখৰ পৰা নেতৃত্ব দি আহিছে৷ উত্তৰ–পূবৰ প্রগতিৰ বাবে একেলগে কাম কৰি যাব বুলিও চাংমাই সদৰী কৰে৷ ইয়াৰ বাহিৰেও অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফি’ ৰি’, ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱ, মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিং, মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ আদিয়েও ড০ হিমন্ত বিশ্ব শর্মাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে৷

ইফালে অসমৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা জনাইছে কটন বিশ্ববিদ্যালয় পৰিয়ালৰ হৈ উপাচার্য অধ্যাপক ভৱেশ চন্দ্র গোস্বামী, কটন বিশ্ববিদ্যালয় আৰু শিক্ষক সন্থা, কটন কলেজৰ উচ্চতৰ মাধ্যমিক ১৯৮৭–৮৯ বর্ষৰ ছাত্র–ছাত্রীসকলৰ গঠিত স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্রেৰণা কটন ৮৭–৮৯’ৰ সভাপতি মৃগাংক হাজৰিকা–সম্পাদক ড০ ৰুমা তালুকদাৰে৷

You might also like