নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমালয়সদৃশ প্রত্যাশাৰ সন্মুখত নতুন মুখ্যমন্ত্রী

অসমৰ বিগত ৫০ বছৰৰ ৰাজনৈতিক ইতিহাসত সম্ভৱতঃ প্রফুল্ল কুমাৰ মহন্তৰ পিছতে ড০ হিমন্ত বিশ্ব শর্মা হৈছে দ্বিতীয়জন মুখ্যমন্ত্রী, যাৰ পৰা অসমবাসীৰ প্রত্যাশা পর্বতসম৷ হিমালয়সদৃশ৷ এই কালছোৱাত ৰাজ্যখনত কেইবাগৰাকী যোগ্য–প্রতিভাশালী ব্যক্তিয়ে মুখ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰিছে৷ কিন্তু তেওঁলোকৰ ভাগ্যত অসমৰ জনসাধাৰণৰ প্রত্যাশাৰ ওজন আছিল বহনক্ষম৷ হিতেশ্বৰ শইকীয়াই ১৯৮৩ চনত এটা বিশেষ পৰিস্থিতিত হিতেশ্বৰ শইকীয়াই অসমৰ মুখ্যমন্ত্রীৰ আসনখন লাভ কৰিছিল৷ তেওঁৰ নেতৃত্বাধীন চৰকাৰখনক অসমৰ লাখ লাখ লোকে অবৈধ চৰকাৰ হিচাপে আখ্যা দিছিল৷ সেইটো যুক্তিতে অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছত চৰকাৰখন ভংগ কৰি দিয়া হৈছিল৷ পৰৱর্তীত তেওঁ ১৯৯১ চনত অনুষ্ঠিত বিধানসভা নির্বাচনৰ জৰিয়তে পুনৰ ক্ষমতালৈ উভতি আহিবলৈ সক্ষম হয়৷ কিন্তু তেওঁৰ পৰা জনসাধাৰণে সিমানখিনি আশা কৰা নাছিল৷ তেওঁ ক্ষমতালৈ উভতি অহাৰ এটা প্রধান কাৰণ আছিল অগপৰ ওপৰত অসমৰ জনগণৰ খং৷ অৱশ্যে সেইটো কার্যকালত প্রয়াত হিতেশ্বৰ শইকীয়াই নিজকে এজন কর্মদক্ষ ব্যক্তি হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ হিতেশ্বৰ শইকীয়াৰ পাছত মিত্রজোঁটৰ চৰকাৰ এখন নেতৃত্ব দি প্রফুল্ল কুমাৰ মহন্ত পুনৰ অসমৰ মুখ্যমন্ত্রী হয় যদিও ইতিমধ্যে তেওঁৰ যাদু হেৰাই গৈছিল৷ ২০০১ চনৰ নির্বাচনত চৰকাৰখনৰ পতন ঘটে৷ একক সংখ্যাগৰিষ্ঠতা অর্জন কৰি কংগ্রেছে তৰুণ গগৈক অসমৰ মুখ্যমন্ত্রীৰ দায়িত্ব অর্পণ কৰে৷ তেতিয়ালৈকে তৰুণ গগৈয়ে ৰাজনৈতিক জীৱনৰ অধিকাংশ সময় দিল্লীতে ব্যয় কৰিছিল৷ অসমৰ ৰাজনীতিত তেওঁ বিশেষ পৰিচিত ব্যক্তি নাছিল৷ সেয়ে তৰুণ গগৈৰ ওপৰতো অসমৰ জনসাধাৰণৰ প্রত্যাশা সিমান বেছি হৈ নুঠিল৷ লক্ষণীয় কথাটো হ’ল, তেওঁ একেৰাহে তিনিটা কার্যকালৰ বাবে মুখ্যমন্ত্রী হৈও জনসাধাৰণৰ সিমানখিনি প্রত্যাশাৰ বোজা কঢ়িয়াবলগীয়া নহ’ল৷ ইয়াৰ মূল কাৰণ হৈছে, চৰকাৰখনৰ কেবিনেটৰ দুজনমান সদস্যৰ ভূমিকা৷ তেওঁলোকে তৰুণ গগৈক চৰকাৰ পৰিচালনা তথা নির্বাচনী ৰণকৌশল ৰচনাত এনেদৰে সহায় আৰু সহযোগ কৰিছিল যে বহুক্ষেত্রত মুখ্যমন্ত্রীগৰাকী পর্দাৰ আঁৰতে ৰৈ যাবলগীয়া হৈছিল৷ ইয়াৰ বিপৰীতে ১৯৮৫ চনত প্রথমবাৰৰ বাবে মুখ্যমন্ত্রীৰ আসনত উপৱিষ্ট হোৱা প্রফুল্ল কুমাৰ মহন্তৰ ওপৰত আছিল পর্বতসম প্রত্যাশাৰ বোজা৷ ছবছৰীয়া আন্দোলনৰ সময়ছোৱাত ৰাজ্যখনৰ লাখ লাখ লোকৰ মনত প্রায় ভগৱানৰ শাৰীলৈ উন্নীত হৈছিল প্রফুল্ল কুমাৰ মহন্ত৷ তেনে এজন ব্যক্তিৰ পৰা প্রত্যাশা স্বাভাৱিকতে অধিক থাকে৷ প্রত্যাশাৰ পৰিধি ইমানেই বিশাল আৰু গভীৰ আছিল যে আনকি মুখ্যমন্ত্রী হিচাপে ক্ষমতাৰ বাহিৰত থকা বিষয়ো তেওঁ সমাধান কৰি অসমলৈ নতুন দিন কঢ়িয়াই আনিব বুলি ৰাজ্যবাসীয়ে কামনা কৰিছিল৷ ৰাজ্যবাসীৰ এই সীমাহীন প্রত্যাশাও অগপ তথা প্রফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিকভাৱে পতনৰ এটা অন্যতম কাৰণ৷
প্রত্যাশাৰ পৰিমাণ হিমালয়সদৃশ হ’লেও প্রফুল্ল কুমাৰ মহন্ত আৰু ড০ হিমন্ত বিশ্বৰ মাজত এটা মৌলিক পার্থক্য আছে৷ প্রফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক বিচক্ষণতা, দূৰদর্শিতা তথা কর্মদক্ষতাক লৈ অসমবাসীৰ কোনো ধাৰণা নাছিল৷ এটা বিশ্ব কঁপোৱা আন্দোলনৰ নেতা হিচাপে তেওঁ ৰাজ্যখনৰ জনসাধাৰণৰ হূদয়ত স্থান লাভ কৰিছিল৷ ইয়াৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শর্মা ৰাজনীতিবিদ হিচাপে অসম তথা দেশত সুপ্রতিষ্ঠিত৷ তেওঁৰ কর্মদক্ষতা, বিচক্ষণতা, দূৰদর্শিতাৰ কথা সকলোৱে ভালদৰে জানে৷ সেয়ে ড০ হিমন্ত বিশ্ব শর্মাৰ ওপৰত জনগণৰ প্রত্যাশাৰ ৰূপৰেখা সুকীয়া আৰু অকল্পনীয়ভাৱে অত্যধিক থাকিব৷ তেওঁৰ পৰা অসমবাসীয়ে জটিলৰ পৰা জটিলতৰ সমস্যাৰ সহজ আৰু আশু সমাধান বিচাৰিব৷ এখন উন্নত অসমৰ আশা কৰিব৷ জনসাধাৰণৰ এই আশা–প্রত্যাশা পূৰণ কৰিব নোৱাৰিলে সুদীর্ঘ দিনৰ ৰাজনৈতিক পৰিক্রমাত ড০ শর্মাই জনগণৰ মনত যিটো ভাবমূর্তি গঢ়ি তুলিছে, সেয়া মাথোঁ কেইটামান বছৰতে ধূলিসাৎ হৈ যাব পাৰে৷ জনসাধাৰণৰ প্রত্যাশাৰ তুলাচনীত উঠিব নোৱাৰিলে, এজন ৰাজনৈতিক নেতাৰ কি দুর্গতি হয়, সেয়া অসমৰ জনসাধাৰণে প্রফুল্ল কুমাৰ মহন্তৰ ক্ষেত্রত দেখিছে৷
কথাখিনি আলোচনা কৰাৰ মূল উদ্দেশ্যটো হৈছে, মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাৰ সমাগত পাঁচ বছৰীয়া কার্যকালটোৰ ছবি এখন অংকন কৰা৷ পাঁচ বছৰীয়া কার্যকালত তেওঁ সম্ভৱতঃ নিজৰ বিৰুদ্ধেই যুঁজ দিব লাগিব৷ অর্থাৎ নিজেই নিজৰ প্রত্যাহ্বান হ’ব মুখ্যমন্ত্রী ড০ শর্মা৷ ৰাজনীতিক হিচাপে ড০ শর্মাৰ অসমৰ ৰাজনীতিত এটা সুকীয়া ভাবমূর্তি আছে৷ অৱশ্যে তেওঁ যথেষ্ট বিতর্কৰ মাজেৰেও যাবলগীয়া হৈছে৷ কিন্তু ৰাইজৰ সেৱার্থে কৰি অহা কামখিনিহে জনসাধাৰণে মনত ৰখা বুলি ধাৰণা কৰিব পাৰি৷ সেইবাবেই ড০ শর্মা অসমৰ এজন সফল ৰাজনীতিকেই নহয়, ৰাজনৈতিক চেলিব্রিটীও৷ নতুন প্রজন্মৰ মাজত ‘মামা’ হিচাপে ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তা যিকোনো ৰাজনীতিকৰ বাবে ঈর্ষণীয়৷ যিয়েই নহওক, বিগত কালত ড০ শর্মাই অসমৰ জনসাধাৰণৰ মাজত এখন বিৰল ছবি খোদিত কৰি থৈছে৷ শিক্ষামন্ত্রী হিচাপে তেওঁ অসমৰ অৱহেলিত শিক্ষাখণ্ডটোক এটা নতুন স্তৰলৈ উন্নীত কৰে৷ তেওঁ দায়িত্ব লোৱাৰ পূর্বে অসমত চৰকাৰী শিক্ষাখণ্ডটোৰ ওপৰত জনসাধাৰণৰ আস্থা শূন্যপ্রায় হৈ পৰিছিল৷ শিক্ষক নিযুক্তিৰ নামত মুকলি বজাৰ এখন চলিছিল৷ সর্বত্র দুর্নীতিয়ে বিভাগটোক গ্রাস কৰি পেলাইছিল৷ মন্ত্রী হিচাপে ড০ শর্মাই পয়ালগা বিভাগটোৰ প্রতি জনসাধাৰণৰ আস্থা ওভতাই আনিছিল৷ যোগ্যজনক এটকাও উৎকোচ দিবলগীয়া নোহোৱাকৈ শিক্ষকৰ পদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল৷ ইয়ে মূলতঃ অসমত চৰকাৰী খণ্ড শিক্ষা ব্যৱস্থাটোৰ প্রতি জনগণৰ আগ্রহ আৰু আস্থা পুনৰ বৃদ্ধি কৰে৷ শিক্ষামন্ত্রী হিচাপে এইদৰে হাতত লোৱা আৰু কার্যত পৰিণত কৰা কেইবাটাও যুগান্তকাৰী পদক্ষেপে ড০ শর্মাক অসমৰ ৰাজনীতিত এজন দূৰদর্শী আৰু দক্ষ ৰাজনীতিক হিচাপে প্রতিষ্ঠা কৰে৷ তদুপৰি, অৱহেলিত স্বাস্থ্য বিভাগটোকো নতুন গতি প্রদান কৰি ড০ শর্মা হৈ পৰে অসমৰ সর্বকালৰ এগৰাকী সফল মন্ত্রী৷ এই দুটা বিভাগত মন্ত্রিত্বৰে অসমলৈ অনা পৰিৱর্তন, বিকাশ আৰু স্বচ্ছতাই মুখ্যমন্ত্রী হিচাপে তেওঁৰ ওপৰত জনগণৰ প্রত্যাশা বৃদ্ধি কৰিছে৷ লগতে ক’ভিড মহামাৰীৰ সময়ছোৱাত ড০ শর্মাই যিদৰে নেতৃত্ব দি অসমৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰখাৰ বাবে প্রয়াস চলাইছিল, সিও ড০ হিমন্ত বিশ্ব শর্মাৰ পৰা জনসাধাৰণৰ প্রত্যাশা বৃদ্ধি কৰিছে৷ অকল ইমানেই নহয়, কংগ্রেছ আৰু বিজেপিক শাসনলৈ অনাত, অসমৰ বিভিন্ন জটিল সমস্যা সমাধানত ড০ শর্মাই ইমান দিনে দেখুৱাই অহা বিচক্ষণতাক বিস্ময়েৰে প্রত্যক্ষ কৰি অহা অসমৰ জনগণৰ মাজত তেওঁৰ আন এখন বিৰল ছবি অংকিত হৈ আছে৷ এই আটাইবোৰে ড০ হিমন্ত বিশ্ব শর্মাৰ ওপৰত জনসাধাৰণৰ প্রত্যাশাক হিমালয়সদৃশ কৰি তুলিছে৷ অনাগত সময়ছোৱাত অসমৰ জনসাধাৰণে ড০ শর্মাৰ প্রতিটো পদক্ষেপ, কাম–কাজক আন্তৰিকতাৰে লক্ষ্য কৰি থাকিব৷ তেওঁৰ সাধাৰণ ভুল এটায়ো জনসাধাৰণ আস্থা–প্রত্যাশাৰ তুলাচনীখনৰ ভাৰসাম্য নষ্ট কৰিব পাৰে৷
ড০ হিমন্ত শর্মাই নির্বাচনী প্রচাৰ অভিযানত অসমৰ জনসাধাৰণক কেইবাটাও প্রতিশ্রুতি দি থৈছে৷ লগতে তেওঁ সভ্যতা–সংস্কৃতি ৰক্ষাৰ এখন বিশেষ যুঁজৰ আহ্বান জনাই নির্বাচনী প্রচাৰ চলাইছিল৷ এই প্রতিশ্রুতিটো ৰক্ষা কৰোঁতে ড০ শর্মাই কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব পাৰে৷ প্রতিশ্রুতিটো অগপই ১৯৮৫ চনত ৰাজ্যখনৰ জনগণক দিয়া সোণৰ অসম গঢ়াৰ প্রতিশ্রুতিতকৈ কোনোগুণে কম নহয়৷ সোণৰ অসমৰ ক্ষেত্রত অগপৰ কি দুর্দশা হ’ল, সেইটো এতিয়া ন–কৈ ক’বলগীয়া নাই৷ সেইদৰে বানমুক্ত অসম, ক’ভিডৰ সংকটৰ পৰা অসমক মুক্ত কৰা, দেশৰ শীর্ষ পাঁচখন ৰাজ্যৰ স্তৰলৈ অসমক লৈ যোৱা আদি প্রতিশ্রুতিৰ বোজা ড০ হিমন্ত বিশ্ব শর্মাই নিজেই বহন কৰিব লাগিব৷ মুঠতে তেওঁৰ প্রতিটো কাম, প্রতিেেটা সিদ্ধান্তত অসমৰ ৰাইজৰ চোকা নজৰ থাকিব৷ বহু কম মুখ্যমন্ত্রীৰ কপালত জনসাধাৰণৰ এনে হিমালয়সদৃশ প্রত্যাশা থাকে৷ ইয়াৰ পৰিপূর্ণ ৰূপত প্রতিফলন ঘটিলে, ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ ৰাজনৈতিক ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা কৰিব পাৰিব৷ কিন্তু এয়া সহজসাধ্য নহয়৷ কিয়নো তেওঁ মুখ্যমন্ত্রিত্বৰ প্রতিটো দিনতে নিজৰ সৈতে যুঁজিব লাগিব৷

You might also like