নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৭৭টা ধৰ্মীয় অনুষ্ঠানলৈ ১০লাখ টকাৰ সাহায্য প্ৰদান মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১২ নবেম্বৰঃ আজি শংকৰদেৱ কলাক্ষেত্ৰত ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ উদ্যোগত ‘অসম দৰ্শন’ নামৰ ভৱিষ্যদৰ্শী আঁচনিখনৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত।

 গৌৰৱোজ্জ্বল সংস্কৃতিৰ সংৰক্ষণৰ দিশত অসম চৰকাৰৰ এয়া এক প্ৰয়াস বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা ঐতিহাসিক আৰু ধৰ্মীয় দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানসমূহৰ ঐতিহ্য তথা সংস্কৃতি সংৰক্ষণ কৰাৰ উদ্দেশ্য লৈ ২০১৯-২০ বৰ্ষত অসম দৰ্শন নামৰ আঁচনিখন আৰম্ভ কৰা হৈছিল ৷ এই আঁচনিৰ অধীনত ৯১৬ টা অনুষ্ঠান চিনাক্ত কৰি নিৰ্বাচিত কৰি এনে স্থানৰ আন্তঃগাঁথনি উন্নয়নৰ অৰ্থে ৯১.৬০ কোটি টকা মুকলি কৰি দিয়া হৈছিল ৷

 অসম দৰ্শন আঁচনিখনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৩৭৭খন স্থান বাচনি কৰি আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ লোৱা হৈছে ৷ এই পদক্ষেপৰ অধীনত এনে প্ৰতিখনলৈ ১০ লাখ টকাকৈ সৰ্বমুঠ ৩৭.৭০ কোটি টকা আৱণ্টন কৰা হৈছে।
You might also like