অসম সন্তান ৰাণাপ্রতাপ কলিতাক উত্তম যুদ্ধ সেৱা মেডেল
নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ দেশৰ প্রতিৰক্ষা খণ্ডত আগবঢ়োৱা অপৰিসীম অৱদানৰ স্বীকৃতি হিচাপে সোমবাৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে মেডেলসমূহ আনুষ্ঠানিকভাৱে প্রদান কৰে৷ ৰাষ্ট্রপতি ভৱনত আয়োজিত এই অনুষ্ঠানত উজলি উঠিল এগৰাকী অসম সন্তান৷ দেশৰ সার্বভৌমত্ব আৰু অখণ্ডতাৰ প্রতি সেৱা আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে ২০২০ বর্ষৰ উত্তম যুদ্ধ সেৱা মেডেল লাভ কৰিলে লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাই৷ লেফটেনেণ্ট জেনেৰেল কলিতাই কুমাও ৰেজিমেণ্টৰ থ্রী কৰৰ ডিমাপুৰৰ সমীপৱর্তী ৰঙা পাহাৰস্থিত মুখ্য কার্যালয়ত জি অ’ চি হিচাপে কার্যনির্বাহ কৰি মাতৃভূমিৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে এই মেডেল লাভ কৰিছে৷
উল্লেখ্য যে কামৰূপ জিলাৰ ৰঙিয়াত জন্মগ্রহণ কৰা লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাই গোৱালপাৰাৰ সৈনিক স্কুলত অধ্যয়ন কৰিছিল৷ তেওঁ কুমাও ৰেজিমেণ্টৰ থ্রী কৰৰ প্রথমগৰাকী অসমীয়া তথা দ্বিতীয়গৰাকী উত্তৰ–পূর্বাঞ্চলৰ মুৰব্বী৷ ইতিপূর্বে মণিপুৰৰ লেফটেনেণ্ট জেনেৰেল কে এইচ সিঙে কুমাও ৰেজিমেণ্টৰ মুৰব্বী হিচাপে কার্যনির্বাহ কৰিছিল৷
ইফালে পাকিস্তানী যুঁজাৰু বিমান এফ–১৬ গুলীয়াই ভূপতিত কৰি অদম্য বীৰত্বৰ প্রদর্শন দেখুওৱা বায়ুসেনা বাহিনীৰ গ্রুপ কেপ্ঢেইন অভিনন্দন ৱর্তমানক বীৰ চক্রৰে সন্মানিত কৰা হৈছে৷ ২০১৯ চনৰ ২৬ ফেব্রুৱাৰীত ভাৰতে পাকিস্তানৰ ভূমি বালাকোটত সন্ত্রাসবাদীৰ বিৰুদ্ধে বিমান আক্রমণৰ পাছত ২৭ ফেব্রুৱাৰীত ভাৰতৰ আকাশমার্গত প্রৱেশ কৰা পাকিস্তানৰ যুঁজাৰু বিমান এফ–১৬ গুলীয়াই ভূপতিত কৰি পিছলৈ পাকিস্তানী সেনাৰ হাতত বন্দী হোৱা উইং কমাণ্ডাৰ অভিনন্দন ৱর্তমানক তেওঁৰ দেশপ্রেম আৰু বীৰত্বৰ বাবে আজি বীৰ চক্রৰে অলংকৃত কৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ ৰাষ্ট্রপতি ভৱনত গ্রুপ কেপ্ঢেইন অভিনন্দন ৱর্তমানক বীৰ চক্রৰে সন্মানিত কৰাৰ উপৰি দুগৰাকীক কীর্তি চক্রৰে সন্মানিত কৰা হয়৷ ৰাষ্ট্রীয় ৰাইফলছৰ প্রথম বেটেলিয়নৰ ক’ৰ অৱ ইঞ্জিনীয়ার্ছৰ প্রকাশ যাদৱক মৰণোত্তৰভাৱে কীর্তি চক্রৰে সন্মানিত কৰাৰ বিপৰীতে চি আৰ পি এফৰ ডেপুটী কমাণ্ডেণ্ট হর্ষপাল সিঙকো কীর্তি চক্রৰে সন্মানিত কৰে ৰাষ্ট্রপতি কোৱিন্দে৷
আনপিনে, ১০গৰাকীক শৌর্য চক্রৰে সন্মানিত কৰে ৰাষ্ট্রপতি কোৱিন্দে৷ শৌর্য চক্রৰে সন্মানিত ১০গৰাকীৰ ভিতৰত ৰাষ্ট্রীয় ৰাইফলছৰ ৩৩সংখ্যক বেটেলিয়নৰ মেজৰ বিভূতি শংকৰ ধোন্দিয়াল আৰু ৰাষ্ট্রীয় ৰাইফলছৰ ৩৪সংখ্যক বেটেলিয়নৰ জাট ৰেজিমেণ্টৰ চুবেদাৰ সোম্বিৰক মৰণোত্তৰভাৱে শৌর্য চক্র প্রদান কৰে ৰাষ্ট্রপতিগৰাকীয়ে৷ বাকী শৌর্য চক্র বিজয়ীসকলৰ ভিতৰত আছে লেফটেনেণ্ট কর্নেল অজয় সিং কুছৱা, কেপ্ঢেইন মহেশ কুমাৰ ভূৰে, মেজৰ কনজেংবাম বিজেন্দ্র সিং, নায়ক নৰেশ কুমাৰ, লেফটেনেণ্ট কর্নেল জ্যোতি লামা, নায়ব চুবেদাৰ নৰেন্দৰ সিং, হাবিলদাৰ অশোক কুমাৰ ডুবে আৰু অমিত সিংহ ৰাণা৷ আনপিনে, ৰাষ্ট্রপতিগৰাকীয়ে ১৩ পৰমবিশিষ্ট সেৱা মেডেল, দুই উত্তম যুদ্ধ সেৱা মেডেল আৰু ২৪ অতি বিশিষ্ট সেৱা মডেলপ্রাপ্তকো সন্মানিত কৰে ৰাষ্ট্রপতি কোৱিন্দে৷ ৰাষ্ট্রপতি ভৱনত অনুষ্ঠিত এই প্রতিৰক্ষা অলংকৰণ উৎসৱত প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রী উপস্থিত থাকে৷