নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মেডিকেলত আৰম্ভ দুটা ছিফ্টত ৰোগ পৰীক্ষা নিশা ১০ বজালৈ চলিব হাস্পতাল

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) অচিৰেই হ’ব ঠিকাভিত্তিক নিযুক্তি৷ চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগ তথা প্রশাসনিক দিশত আৱশ্যক হৈ থকা পদসমূহ পূৰণৰ লক্ষ্যৰে হাস্পতাল ছ’চাইটীয়ে ঠিকাভিত্তিক নিযুক্তিৰ প্রক্রিয়া আৰম্ভ কৰিব৷ সোমবাৰে এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ জি এম চি এইচত আজি আয়োজন কৰা এখন সংবাদ মেলত এই কথা ঘোষণা কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে প্রয়োজন অনুসাৰে জি এম চি এইচে ঠিকাভিত্তিক নিযুক্তি প্রদান কৰিব৷ ঠিকাভিত্তিক নিযুক্তি হ’লেও প্রতিজন কর্মচাৰীয়ে নিয়মীয়া কর্মচাৰীৰ দৰে দৰমহা আৰু অন্যান্য সা–সুবিধা লাভ কৰিব৷

ইফালে, জি এম চি এইচলৈ অহা ৰোগীৰ ৰোগ নির্ণয়ৰ ক্ষেত্রত সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা দূৰ কৰাৰ বাবে আজিৰে পৰা চিকিৎসালয়খনত দুটা ছিফটত ৰোগ নির্ণয়ৰ কাম–কাজ আৰম্ভ কৰাৰ কথাও স্বাস্থ্যমন্ত্রীগৰাকীয়্ জানিবলৈ দিয়ে৷ মন্ত্রী কেশৱ মহন্তই কয়– ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা ৰোগীৰ লগতে ইয়াত চিকিৎসাধীন হৈ থকা ৰোগীৰ এম আৰ আই, চিটি স্কেন, এক্স–ৰে’, আল্ট্রাছ’ন’গ্রাফী কৰাৰ ক্ষেত্রত পূর্বে কিছু অসুবিধাৰ সৃষ্টি হৈছিল৷ এনে অসুবিধা দূৰ কৰাৰ বাবে আজিৰে পৰা পুৱা আৰু গধূলি দুটা ভাগত ৰোগ নির্ণয়ৰ কাম–কাজ চলিব৷ সেই অনুসৰি পুৱা ৮ বজাৰ পৰা ২ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা ১০ বজালৈ ৰোগীৰ এম আৰ আই, চিটি স্কেন, এক্স–ৰে’ আদি কৰা হ’ব৷ সমান্তৰালভাৱে নিশাৰ ভাগতো অ’ পি ডিত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ পুৱাৰ ভাগত বাহিৰৰ পৰা অহা ৰোগীৰ ৰোগ পৰীক্ষা কৰা হ’ব আৰু বিয়লিৰ ভাগত চিকিৎসালয়খনত থকা ৰোগীৰ ৰোগ পৰীক্ষা কৰা হ’ব৷ তদুপৰি অস্ত্রোপচাৰৰ ক্ষেত্রতো এতিয়াৰে পৰা দুটা ছিফট কৰা হৈছে৷ অর্থাৎ নিশাৰ ভাগতো অস্ত্রোপচাৰ চলিব৷

স্বাস্থ্যমন্ত্রীগৰাকীয়্ ইয়াকো উল্লেখ কৰে যে কোনো এজন ৰোগীৰ বিভিন্ন পৰীক্ষা ৫ দিনৰ ভিতৰত সম্পূর্ণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ অর্থাৎ এজন ৰোগীৰ এম আৰ আই, এক্স–ৰে’, আল্ট্রাছ’ন’গ্রাফী আদিকে ধৰি বিভিন্ন পৰীক্ষা কৰিব লগা থাকিলে এই পৰীক্ষাসমূহ ৫ দিনৰ ভিতৰত সম্পূর্ণ কৰা হ’ব৷ একেদৰে এতিয়াৰে পৰা ব্লাড টেষ্টৰ সংখ্যাও পূর্বতকৈ বৃদ্ধি কৰা হৈছে৷ আজিৰ সংবাদ মেলতে স্বাস্থ্যমন্ত্রীয়ে জি এম চি এইচত দ্বিতীয়খন ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কাম ফেব্রুৱাৰী মাহত সম্পূর্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে৷ ইতিমধ্যে সম্পূর্ণ হৈ উঠা প্রথমখন ছুপাৰ স্পেচিয়েলিটী হাস্পতালত উন্নতমানৰ চিকিৎসা চলি থকাৰ পাছত দ্বিতীয়খন ছুপাৰ স্পেচিয়েলিটী হাস্পতালত মুখ্যতঃ কার্ডি’লজী আৰু নিউৰ’লজী বিভাগ দুটা থাকিব৷ সমান্তৰালভাৱে কার্ডি’ ছার্জাৰী আৰু নিউৰ’ ছার্জাৰীও থাকিব এই ছুপাৰ স্পেচিয়েলিটী হাস্পতালত৷ এই চিকিৎসালয়ত অনলাইনযোগে স্বাস্থ্য পৰীক্ষা তথা ভর্তিৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব ৰোগীয়ে৷ অহা ফেব্রুৱাৰী মাহৰ প্রথম সপ্তাহতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে এই হাস্পতালখন মুকলি কৰিব বুলিও স্বাস্থ্যমন্ত্রীগৰাকীয়্ অৱগত কৰে৷
২০০ বিছনাযুক্ত নতুন পেয়িং কেবিন ব্লক নির্মাণৰ নির্দেশ মুখ্যমন্ত্রীৰ
আগন্তুক ইংৰাজী নৱবর্ষৰ ফেব্রুৱাৰী মাহৰ প্রথম সপ্তাহত মুকলি কৰা হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত নির্মীয়মাণ নতুন ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়খন৷ তাৰ পাছতে কার্ডি’লজী, নিউৰ’, কার্ডিয়াক ছার্জাৰী আৰু নিউৰ’ ছার্জাৰী বিভাগকেইটা সম্পূর্ণৰূপে নতুন চিকিৎসালয়খনলৈ স্থানান্তৰ কৰা হ’ব৷ এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে আজি মুখ্যমন্ত্রী ড০ শর্মাই কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু লোকনির্মাণ (গৃহ) বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত নির্মীয়মাণ নতুন কার্ডি’–নিউৰ’ চেণ্টাৰৰ নির্মাণকার্যৰ অগ্রগতিৰ পর্যালোচনা কৰে৷ নতুন চিকিৎসালয়খনৰ পৰিচালনাৰ পদ্ধতি কর্মপন্থাৰ বিষয়ে যাৱতীয় দিক্ নির্দেশনা প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নতুন চিকিৎসালয়খন সম্পূর্ণৰূপে পেছাদাৰী পদ্ধতিৰে পৰিচালনা কৰাৰ লগতে ইয়াৰ কাম–কাজৰ প্রতিটো ক্ষেত্রতে উপলব্ধ প্রযুক্তিৰ সর্বোত্তম প্রয়োগ সুনিশ্চিত কৰিব লাগিব৷ পর্যালোচনা কালত মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বর্তমানৰ পেয়িং কেবিনৰ ঠাইত ২০০ বিছনাযুক্ত এটা নতুন পেয়িং কেবিন ব্লক নির্মাণ কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ নির্মাণৰ বাবে যথাসম্ভৱ খৰতকীয়াকৈ যাৱতীয় পদক্ষেপ আৰম্ভ কৰিবলৈ লোকনির্মাণ (গৃহ) বিভাগক নির্দেশ দিয়ে৷

 এই পর্যালোচনা বৈঠকত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তও উপস্থিত আছিল৷ ইয়াৰ পাছতে আন এখন বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত ৰাজ্যখনত ৰূপায়িত হৈ থকা ড’নাৰ মন্ত্রালয়ৰ অধীনৰ অপৰিশোধেয় কেন্দ্রীয় উৎসৰ পুঁজি (এন এল চি পি আৰ) আৰু উত্তৰ–পূব পৰিষদ (এন ই চি)ৰ অনুদানপ্রাপ্ত আঁচনিসমূহ ৰূপায়ণৰ স্থিতিৰ পর্যালোচনা কৰে৷ এই আঁচনিসমূহৰ ৰূপায়ণ নিৰীক্ষণ আৰু পর্যালোচনাৰ ক্ষেত্রত অধিক তৎপৰতা প্রদর্শন কৰিবলৈ তেওঁ ৰূপান্তৰ আৰু উন্নয়ন বিভাগক নির্দেশ দিয়াৰ লগতে ৰূপায়ণৰ দায়িত্বত থকা বিভাগসমূহক নির্ধাৰিত সময়সীমাৰ ভিতৰত সকলো এন এল পি চি আৰ আৰু এন ই চি–নুদানপ্রাপ্ত প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ তেওঁ আহ্বান জনায়৷ উল্লেখ্য যে বিভাগত সময়ছোৱাত মুঠ ৩৬৮০.০৩ কোটি টকাৰ বিত্তীয় আবণ্টনেৰে ৰাজ্যখনৰ বাবে অনুমোদিত ৫৬২টা এন এল চি পি আৰ–সম প্রকল্পৰ ভিতৰত বর্তমান বিভিন্ন বিভাগৰ অধীনত ১৮৮টা প্রকল্প ৰূপায়ণৰ কাম চলি আছে৷ একেদৰে ড’নাৰ মন্ত্রালয়ৰ অধীনত ৯০ঃ১০ পুঁজি যোগানৰ আর্হিত ৰাজ্যখনত ১৫টা বিভিন্ন বিভাগৰ অধীনত ২৭টা এন ই চি–নুদানপ্রাপ্ত প্রকল্প ৰূপায়ণৰ বিভিন্ন পর্যায়ত আছে৷ আজিৰ এই পর্যালোচনা বৈঠকত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অন্যান্য শীর্ষ বিষয়াসকলৰ লগতে বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাও উপস্থিত থাকে৷

You might also like