নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১,০৭০ কোটি টকাৰ সম্পদ ব্যক্তিগত খণ্ডক গতাব কেন্দ্রই

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ এটাৰ পাছত এটাকৈ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান ব্যক্তিগতকৰণৰ দিশে লৈ যোৱা কেন্দ্রীয় চৰকাৰে এইবাৰ দুই ৰাষ্ট্রীয়কৃত টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেড (বিএছএনএল) আৰু মহানগৰ টেলিফোন নিগম লিমিটেড (এমটিএনএল)ৰ সম্পত্তি বিক্রী কৰাৰ ক্ষেত্রত প্রথমটো খোজ আগবঢ়ালে৷ ইতিমধ্যে এই সন্দর্ভত ‘বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগ চমুকৈ ‘ডিপম’–এ আনুষ্ঠানিক জাননী জাৰি কৰিছে৷ ‘ডিপম’ৰ ৱেবছাইটত প্রকাশিত জাননী অনুসৰি ৰাষ্ট্রীয়কৃত টেলিকম সংস্থা দুটাৰ মুঠ ১,০৭০ কোটি টকাৰ সম্পদ ব্যক্তিগত খণ্ডক গতাই দিয়া হ’ব৷ ইয়াৰ ভিতৰত বিএছএনএলৰ প্রায় ৮০০ কোটি টকাৰ সম্পত্তি তালিকাভুক্ত কৰাৰ বিপৰীতে এমটিএনএলৰ আছে ২৭০ কোটি টকাৰ৷ বিক্রী কৰিবলগীয়া বিএছএনএলৰ সম্পত্তিসমূহ হায়দৰাবাদ, চণ্ডীগড়, ভাৱনাগৰ আৰু কলকাতাস্থিত৷

সেইদৰে এমটিএনএলৰ বিক্রী কৰিবলগীয়া সম্পত্তিসমূহ আছে মুম্বাইৰ গড়গাঁৱৰ ৱাছাৰিহিল আৰু অশ্বিৱাৰাত৷ প্রথম পর্যায়ত বিএছএনএল আৰু এমটিএনএলৰ সম্পত্তিৰ এই বিক্রী প্রক্রিয়া অহা ডেৰ মাহৰ ভিতৰত সম্পন্ন কৰা হ’ব বুলি সংবাদ প্রতিষ্ঠান পিটিআইৰ বাতৰিত প্রকাশ৷ বিগত ২০১৯ চনত কেন্দ্রীয় চৰকাৰৰ দ্বাৰা অনুমোদিত বিএছএনএল আৰু এমটিএনএলৰ পুনৰুজ্জীৱিতকৰণৰ্ অংশস্বৰূপে সম্পত্তি নগদীকৰণৰ এই পদক্ষেপ লোৱা হৈছে৷ তদুপৰি আগন্তুক ২০২২ চনৰ ভিতৰত বিএছএনএল আৰু এমটিএনএলৰ ৩৭,৫০০ কোটি টকাৰ সম্পত্তি বিক্রীৰ লক্ষ্য নির্ধাৰণ কৰিছে কেন্দ্রীয় চৰকাৰে৷

লক্ষণীয়ভাৱে কেন্দ্রই পুনৰুজ্জীৱিতকৰণৰ্ ৬৯,০০০ কোটি টকীয়া আঁচনিত অনুমোদন জনালেও আজিপর্যন্ত কিন্তু বিএছএনএলৰ ফ’ৰ–জি সেৱা প্রৱর্তনত কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নাই৷ সমগ্র বিষয়টোক লৈ তীব্র ক্ষোভ প্রকাশ কৰিছে বি এছ এন এল এমপ্লয়িজ ইউনিয়নৰ সভাপতি অনিমেশ মিত্রই৷ তেওঁ কয়– ভৱিষ্যতে বিএছএনএলৰ টাৱাৰ আৰু অপটিকেল ফাইবাৰ কেব্ল ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পৰিকল্পনা গ্রহণেৰে সংস্থাটোক অধিক দুর্বল কৰিব বিচৰা হৈছে৷ সম্পত্তি বিক্রীৰ পদক্ষেপ তথা এনে পৰিকল্পনা বাতিল নকৰিলে আমি তীব্র আন্দোলন গঢ়ি তুলিম৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে চলিত বিত্তীয় বর্ষৰ ভিতৰত পাঁচৰ পৰা ছটা ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান ব্যক্তিগতকৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ ভিতৰত আছে ভাৰত পেট্র’লিয়াম কর্প’ৰেচন লিমিটেড, শ্বিপিং কর্প’ৰেচন অৱ ইণ্ডিয়া, পবন হংস, লাইফ ইন্সুৰেঞ্চ কর্প’ৰেচন লিমিটেড আদি৷

You might also like