অসমৰ ফুটবলৰ ৰাজপুত্ৰ গিলবাৰ্টছন চাংমা আৰু নাই…
ডিজিটেল ডেস্ক, ৪ এপ্ৰিল : অসমৰ প্ৰসিদ্ধ তথা কিংবদন্তী ফুটবলাৰ গিলবাৰ্টছন চাংমা আৰু নাই। প্ৰায় ৭১ বছৰ বয়সত আজি পুৱা ৭.৩০ বজাত কাহিলিপাৰাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অসম ফুটবলৰ ৰাজপুত্ৰগৰাকীয়ে।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা চাংমা “মেন অৱ গ’ল্ডেন বুট” হিচাপে পৰিচিত আছিল। তেওঁৰ অসামান্য খেল দক্ষতাই অসমৰ ফুটবল জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল।
জানিব পৰা মতে, ২০২২ চনৰ পৰা ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজ দি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰবীণ খেলুৱৈগৰাকীয়ে।
আৰক্ষী বিভাগত কৰ্মৰত হৈও খেলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল চাংমা। ভাৰতৰ লগতে বিদেশতো ভৰিৰ যাদু প্ৰদৰ্শন কৰি বহু সন্মান কঢ়িয়াই আনিছিল তেওঁ।
তেওঁৰ মৃত্যুত ক্ৰীড়া জগতৰ লগতে সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰিছে।