নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰ-মৰিগাঁও-বাক্সা-মাৰ্ঘেৰিটা-জোনাইত আছুৰ বিক্ষোভ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত আছুৰ বিক্ষোভ

বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ সদৌ অসম ছাত্র সন্থা (আছু)ৰ আহ্বান ক্ৰমে আজি ৰাজ্যজুৰি প্ৰতিখন আঞ্চলিক সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰে। লখিমপুৰতো উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্র সন্হাই বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰে। যোগান বিভাগ, চৰকাৰবিৰোধী শ্লোগান দি মূল্যবৃদ্ধি ৰোধৰ দাবী জনায়। প্ৰেৰকঃ জীৱন গোস্বামী

 

মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

বার্তা বুৰোঃ আছুৰ আহ্বান মৰ্মে মৰিগাওঁ সদৰ ছাত্ৰ সন্থাই নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধনজাত সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সভাপতি ঘনেন্দ্ৰ বৰা আৰু ভা: সাধাৰণ সম্পাদক কংকন কাকতিৰ নেতৃত্বত অৰ্ধ-শতাধিক ছাত্ৰ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। প্ৰেৰকঃ প্ৰাঞ্জল দাস

বাক্সাৰ শিমলাত চাপাগুৰি ককলাবাৰী আঞ্চলিক ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

নিয়মীয়া বাৰ্তাঃ বাক্সা জিলাৰ শিমলাতো চাপাগুৰি ককলাবাৰী আঞ্চলিক ছাত্র সন্থাই আছুৰ আহ্বান মৰ্মে ইন্ধনসহ নিত্য ব্যৱহাৰ্য্য সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু শীঘ্রেই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। চাপাগুৰি ককলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা কৰ্মী সকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ উত্তাল কৰি তোলে। প্ৰেৰকঃ দিগন্ত দাস

 

মাৰ্ঘেৰিটাত আছুৰ বিক্ষোভ কাৰ্যসূচী

নিয়মীয়া বাৰ্তাঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতহাৰত মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে। উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ সন্মুখৰ শ্বহীদ বেদীৰ সমীপত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ আজিৰ প্ৰতিবাদত অৰ্ধশতাধিক আছুৰ সদস্যই প্ৰতিবাদত অংশগ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰেৰকঃ মানস প্ৰতিম গগৈ

 

জোনাইতো আছুৰ প্ৰতিবাদী কাৰ্যসূচী

নিয়মীয়া বাৰ্তাঃ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত আজি আছুৰ জোনাই আঞ্চলিক সমিতিয়ে জোনাইত প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ শেহতীয়াকৈ পেট্ৰ’ল, ডিজেলসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী হাৰত বৃদ্ধি হোৱা মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈ পৰিছে সাধাৰণ ৰাইজ ৷ জোনাইত আছু কৰ্মীসকলে শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে আছুৱে ৷ প্ৰেৰকঃ কৰবী দলে

You might also like