নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পছন্দৰ ১২খন আসনৰ দাবীত অটল অখিল গগৈ, কংগ্ৰেছক স্পষ্ট স্থিতি কৰাৰ আহ্বান

অসম বিধানসভা নিৰ্বাচনৰ আৰু মাত্ৰ এমাহমান সময় বাকী থাকোঁতেই একত্ৰিত বিৰোধী মিত্ৰতা গঠন এতিয়াও অনিশ্চিত হৈ আছে। কংগ্ৰেছ আৰু সম্ভাৱ্য মিত্ৰতা সহযোগী ৰাইজৰ দলৰ মাজত আসন বণ্টনক লৈ চলি থকা অচলাৱস্থা এতিয়াও অন্ত পৰা নাই।

সময় ক্ষীণ হৈ অহাৰ মাজতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে স্পষ্টকৈ কংগ্ৰেছক নিজৰ স্থিতি জনাবলৈ আহ্বান জনাইছে। তেওঁ কয় যে ৰাইজৰ দলে এতিয়া ১৫খনৰ পৰিৱৰ্তে নিজৰ পছন্দৰ ১২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক।

অখিল গগৈৰ ভাষ্য অনুসাৰে, “মই বিশ্বাস কৰোঁ কংগ্ৰেছে আমাৰ ১২খন আসনৰ দাবী মানি ল’ব। যদি সেয়া নহয়, তেন্তে স্পষ্ট হ’ব যে কংগ্ৰেছে মিত্ৰতা নিবিচাৰে। আমাৰ ওচৰত অপেক্ষা কৰিবলৈ সময় নাই। কংগ্ৰেছ নেতৃবৃন্দই স্পষ্টকৈ জনাব লাগিব— মিত্ৰতা হ’ব নে নহ’ব।”

তেওঁ লগতে কয় যে বৰ্তমানলৈকে কোনো মিত্ৰতা হোৱা নাই, কিয়নো ৰাইজৰ দলে পঠোৱা চিঠিৰ ওপৰত কংগ্ৰেছ নেতৃত্বৰ পৰা কোনো স্পষ্টীকৰণ পোৱা হোৱা নাই। পূৰ্বতে ১৫খন আসনৰ বিষয়ে আলোচনা হৈছিল যদিও এতিয়া ১২খন নিৰ্দিষ্ট আসনৰ দাবী উত্থাপন কৰা হৈছে।

অখিল গগৈৰ অভিযোগ অনুসাৰে, কংগ্ৰেছে ১৩খন আসন আগবঢ়াবলৈ ইচ্ছুক, কিন্তু তাৰ ভিতৰত ৰাইজৰ দলৰ পছন্দৰ আছিল মাত্ৰ ৪খন। সেয়ে এতিয়া ১২খন নিজৰ পছন্দৰ আসন দাবী কৰা হৈছে।

ইয়াৰ পূৰ্বে মঙলবাৰে অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰি কৈছিল যে যদি মিত্ৰতাত ন্যূনতম ১৫খন আসন দিয়া নহয়, তেন্তে দলৰ ভিতৰত অসন্তোষ বৃদ্ধি পাই দল বিভাজিত হোৱাৰ সম্ভাৱনাও থাকিব পাৰে।

এতিয়া দৃষ্টি নিবদ্ধ হৈছে কংগ্ৰেছ নেতৃত্বৰ চূড়ান্ত সিদ্ধান্তৰ ওপৰত। মিত্ৰতা গঠন হ’ব নে নহ’ব, সেয়া আগন্তুক কেইদিনতেই স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী

You might also like