ছুপাৰ এইটত আজি জিম্বাব’ৱেৰে মৰণপণ যুঁজ ভাৰতৰ
নিউজ ডেস্ক, ২৬ ফেব্রুৱাৰী : ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপত আজি মৰণপণ যুঁজত অৱতীর্ণ হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ আজি চেন্নাইত হ’বলগীয়া ছুপাৰ এইটৰ মৰণপণ যুঁজখনত ঘৰুৱা দল টীম ইণ্ডিয়াৰ প্রতিদ্বন্দ্বী হ’ল জিম্বাব’ৱে৷ আজিৰ মেচখনত পৰাজয় মানে ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াৰ প্রতিযোগিতাখনৰ পৰা বিদায় প্রায় নিশ্চিত হৈ পৰিব৷ প্রতিযোগিতাখনৰ ছেমিফাইনেলত প্রৱেশৰ আশা সজীৱ কৰি তুলিবলৈ হ’লে ভাৰতীয় দলটোৰ বাবে আজিৰ মেচখনত বিজয় সাব্যস্ত কৰাটো যথেষ্ট নহয়৷ জিম্বাব’ৱেক বৃহৎ ৰানৰ ব্যৱধানত পৰাস্ত কৰিব পাৰিলেহে অন্তিম চাৰিত প্রৱেশৰ আশা সজীৱ হ’ব সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৰ৷
আজি বিজয় অপৰিহার্য মেচখনত ভাৰতে অতি কমেও ১০০ ৰানৰ ব্যৱধানত জয়লাভ কৰিব লাগিব৷ সেয়েহে ভাৰতীয় দলটোৱে আজিৰ মেচখনক অতি গুৰুত্বসহকাৰে লৈছে৷ শক্তিশালী দল গঠন কৰি মেচখনত অৱতীর্ণ হ’ব সূর্যকুমাৰ বাহিনীয়ে৷ মূল একাদশলৈ প্রত্যাৱর্তন ঘটিব সঞ্জু ছেমছনৰ লগতে অলৰাউণ্ডাৰ অক্ষৰ পেটেলৰ৷ ছুপাৰ এইটৰ প্রথমখন মেচত অক্ষৰ পেটেলক বাদ দিয়াত সমালোচনাৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াই অৱশ্যে অ’পেনিং যুটিত সালসলনি নকৰাৰ ইংগিত দিছে৷
প্রতিযোগিতাখনত ভাৰতীয় দলৰ হৈ এতিয়ালৈকে সফল অ’পেনাৰ হিচাপে চিহ্ণিত হোৱা ঈশান কিশনৰ সৈতে অভিষেক শর্মাই ইনিংছ মুকলি কৰিব বুলি ইংগিত দি অধিনায়ক সূর্য কুমাৰ যাদৱে কয় যে মধ্যমক্রমত বৃহৎ পৰিৱর্তন হোৱাৰ সম্ভাৱনা আছে৷ তিলক বার্মা আজিৰ মেচত বাদ পৰাৰ সম্ভাৱনা আছে৷ তেওঁৰ স্থানত সঞ্জু ছেমছনে সুযোগ পাব পাৰে বুলি ব্যক্ত কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে মিডল অর্ডাৰত খেলৰ অভিজ্ঞতা আছে সঞ্জুৰ৷ স্পিন এটেকৰ বিৰুদ্ধেও সঞ্জুৰ টেকনিকো ভাল৷ ইফালে, ৰিংকু সিঙেও প্রতিযোগিতাখনত এতিয়ালৈকে উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাই৷ আজিৰ মৰণপণ যুঁজৰ মেচখনত হয়তো ৰিংকুক বাদ দিয়া হ’ব আৰু তেওঁৰ স্থানত অলৰাউণ্ডাৰ অক্ষৰ পেটেলক অন্তর্ভুক্ত কৰাৰ চিন্তা–চর্চা কৰিছে দলীয় মেনেজমেণ্টে৷ অক্ষৰৰ প্রত্যাৱর্তনত বেটিং আৰু বলিং দুয়োটা বিভাগ শক্তিশালী হ’ব৷ ইফালে, আঘাতপ্রাপ্ত মহম্মদ ছিৰাজ আজিৰ মেচখনতো অনিশ্চিত৷ আনহাতে, কুলদীপ যাদৱেও আজিৰ মেচখনত খেলাৰ সম্ভাৱনা আছে৷ খেলৰ সময় : নিশা ৭ বজা৷