‘অটল সুৰংগ’ নিৰ্মাণত অসমীয়া যুৱক
নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ যি সময়ত পি কে দত্তৰ দৰে কুখ্যাত অসমীয়াৰ বাবে অসমবাসী লজ্জানিত হব লগীয়া হৈছে সেই সময়তে এজন অসমীয়াৰ নীৰৱ সাধনা হৈ পৰিছে ৰাজ্যবাসীৰ বাবে গৌৰৱৰ কাৰণ। বৰ্তমান বিশ্বজুৰি চৰ্চা লাভ কৰা হিমাচল প্ৰদেশৰ ৰোহটাং পাচ স্থিত বিশ্বৰ দীৰ্ঘতম সুৰংগ পথ অটল টানেলৰ নিৰ্মান কাৰ্যত নির্বিছিন্ন সেৱা আগবঢ়াইছিল মৰিগাঁও জিলাৰ এখন অখ্যাত গাঁও দন্দুৱা বন পাৰাৰ মোহন সিং পাতৰ নামৰ এগৰাকী ব্যক্তিয়ে।উল্লেখ্য দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ দিশত অতিকৈ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হোৱা ভাৰতীয় ৰাজনীতি ৰ যোগ পুৰুষ প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ী ৰ স্বপ্নৰ অটল টানেল ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰিলে আৰু এই মুহূৰ্তত অতিশয় আবেগিক হৈ পৰিছে বৰ্তমান কোৱেট ত থকা মোহন সিং পাতৰ। উল্লেখ্য শেহতীয়াকৈ বিদেশী কোম্পানীৰ সৈতে জড়িত হৈ থকা মৰিগাঁও ৰ মোহন সিং পাতৰে বিগত 5 টা বছৰে অটল টানেল ত অতি গুৰুত্বপূৰ্ণ মেটেৰীয়ল চাপ্লাই বিভাগৰ ডেপুটী মেনেজাৰ ৰূপে কৰ্মৰত হৈ আছিল।
উল্লেখ্য মৰিগাঁও চহৰৰ নাতি দূৰৰ অখ্যাত দন্দুৱা বনপাৰা গাওঁৰ পৰা ওলাই গৈ বিশ্বৰ কেবাটাও প্ৰসিদ্ধ কোম্পানীৰ সৈতে জড়িত হৈ নিজৰ সেৱা আগবঢ়োৱা মোহন সিং পাতৰে ইয়াৰ পূৰ্বে ৰঙা নদী জল বিদ্যুৎ প্ৰকল্প, এন এইছ পি চি গেৰুকামুখ প্ৰকল্প, ছিক্কিম তিস্তা প্ৰকল্প, কাৰ্গিল ৰ জল বিদ্যুৎ প্রকল্প ৰ দৰে দেশৰ কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পত নিজৰ সেৱা আগবঢ়াইছিল। ২০১৫চনৰ পৰা অটল টানেল ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ পৰা মোহন সিং পাতৰে অটল টানেল ত কাম কৰি এক অন্যন্য অভিজ্ঞতা লাভ কৰাৰ লগতে এইয়া এক প্ৰত্যাহ্বান আছিল বুলিও কয়। সকলো প্ৰত্যাহ্বান নেওচি দেশৰ এই গুৰুত্বপূৰ্ণ সম্পদ নিৰ্মাণৰ কামত জড়িত হবলৈ পাই আনন্দিত হৈ পৰা বুলি তেওঁ কৈ।উল্লেখ্য মোহন সিং পাতৰৰ পত্নী দুই কন্যা আৰ পিতৃ বৰ্তমানে মৰিগাঁও ৰ নিজ গৃহতে বসবাস কৰে। আৰু স্বামীৰ এই সাফল্যত অতিশয় আনন্দিত হৈ পৰিছে পত্নী আৰু দুই কন্যা