৭–১৫ লাখ টকা লৈ দিছিল মণ্ডল–গাঁওবুঢ়াৰ নিযুক্তিঃ জেৰাৰ সন্মুখীন হ’ব তদানীন্তন উপায়ুক্ত আতিকা চুলতানা
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ প্রশাসনিক দায়িত্বত থাকি মুকলি লুণ্ঠন চলাই নিলম্বিত হোৱা এ ডি চি ছাইবুৰ ৰহমানৰ পুনৰ ন ন কু–কীর্তিৰ তথ্য পোহৰলৈ আহিছে৷ ধুবুৰী জিলাত অতিৰিক্ত উপায়ুক্ত হৈ থকা অৱস্থাত এইজন ছাইবুৰ ৰহমানে ধনৰ বিনিময়ত নিযুক্তি দিছিল গাঁওবুঢ়া আৰু মণ্ডলক৷ কোনোধৰণৰ পৰীক্ষা অথবা সাক্ষাৎকাৰ অনুষ্ঠিত নকৰি একোজন গাঁওবুঢ়া–মণ্ডলৰ পৰা নিযুক্তিৰ নামত আদায় কৰিছিল ৭–১৫ লাখ টকালৈ৷
উল্লেখ্য যে আয়ৰ বহির্ভূত সম্পত্তি আহৰণ কৰি ইতিমধ্যে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ জালত পৰা ছাইবুৰ ৰহমানে তেওঁৰ দুয়োগৰাকী পত্নীৰ নামত ৰাজ্যৰ ভিন্ন প্রান্তত গঢ়ি তুলিছিল বিশাল সম্পত্তি৷ গুৱাহাটী মহানগৰীতেই কেইবাটাও স্থানত ক্রয় কৰিছিল ভূমি৷ ইতিমধ্যে নিলম্বিত বিষয়াজনৰ সম্পত্তিৰ তালিকা প্রস্তুত কৰি তোলা তদাৰকী শাখাই শেহতীয়াকৈ ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত হৈ থকা অৱস্থাত কিদৰে ছাইবুৰ ৰহমানে নিযুক্তিৰ নামত ধন আহৰণ কৰিছিল, তাৰ তথ্য পোহৰলৈ আনিছে৷ প্রায় ৭৮জন গাঁওবুঢ়া–মণ্ডলক নিযুক্তি দিয়া ছাইবুৰ ৰহমানে এই নিযুক্তিৰ নামত জিলা উপায়ুক্তগৰাকীকো মেনেজ কৰিবলৈ সক্ষম হৈছিল৷ উদ্ধাৰ হোৱা এনে তথ্যৰ ভিত্তিতে এতিয়া তদানীন্তন উপায়ুক্ত আতিকা চুলতানাক জেৰা কৰাৰ সম্ভাৱনা আছে৷