নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত ১.৭৭ কিঃগ্রাঃ হেৰ’ইন জব্দঃ স্কুটীত আনিছিল ১২ কোটি টকাৰ ড্রাগছ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ চুবুৰীয়া ৰাজ্যসমূহৰ পৰা কার্বি আংলঙৰ মাজেৰে বিভিন্ন স্থানলৈ নিষিদ্ধ ড্রাগ্ছৰ সৰবৰাহ অব্যাহত ৰখা আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিকভাৱে কঠোৰ অভিযান অব্যাহত ৰখাৰ বিপৰীতে বিভিন্ন কৌশলেৰে উক্ত পথেৰে নিষিদ্ধ ড্রাগ্ছ সৰবৰাহ কৰি আছে অপৰাধী চক্রই৷ যোৱানিশা নাগালেণ্ড সীমান্তৱর্তী বোকাজানত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰক্ষীৰ গুলীত আহত হৈছে এটা দুর্ধর্ষ ড্রাগ্ছ সৰবৰাহকাৰী৷

ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত যোৱানিশা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান আৰক্ষীৰ দলে বোকাজান থানাৰ অন্তর্গত মাটিপুল এলেকাত তালাচী অভিযান চলায়৷ উক্ত অভিযানত অভিযানকাৰী আৰক্ষীৰ দলটোক এ পি আৰ জি আৰু মাটিপুল এলেকাৰ গাঁওৰক্ষী বাহিনীয়ে সহযোগিতা আগবঢ়ায়৷ আৰক্ষীৰ তালাচী অভিযান অব্যাহত থকাৰ সময়তে নিশা প্রায় ৯.৩০ বজাত আৰক্ষীৰ দলটোৱে এ এছ–০৯ এইচ–৪২৩৪ নম্বৰৰ স্কুটীখনত তালাচী চলাই ১৫০টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১ কিলোগ্রাম ৭৭৭ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷

এই সন্দর্ভত আৰক্ষীয়ে বোকাজান থানাৰ অন্তর্গত ঘঁৰিয়ালডুবিৰ বিমল তাছা (২৩) আৰু ছাদ্দাম হুছেইন (২৬) নামৰ দুই ড্রাগ্ছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ প্রাথমিক তদন্তত দুই সৰবৰাহকাৰীয়ে গোলাঘাট জিলাৰ সৰুপথাৰ মহকুমাৰ অন্তর্গত নাওঘাটত ড্রাগ্ছখিনি দিয়াৰ বাবে নি থকা বুলি সদৰী কৰিছে৷ লক্ষণীয় যে পূর্বে এনে বৃহৎ পৰিমাণৰ ড্রাগ্ছ সৰবৰাহ কৰাৰ বাবে সৰবৰাহকাৰীয়ে বিলাসী বাহনসমূহ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছিল যদিও যোৱানিশাৰ ঘটনা অনুসৰি আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে অপৰাধীয়ে স্কুটীৰ দৰে সৰু বাহন ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে৷ আনহাতে, খটখটি আৰক্ষীৰ দৃষ্টিৰ পৰা সাৰিবলৈ দুয়ো ড্রাগ্ছ সৰবৰাহকাৰীয়ে ৰে’লপথেৰে ড্রাগ্ছখিনি সৰবৰাহ কৰি আনিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷ জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য কমেও ১২ কোটি টকা বুলি অনুমান কৰা হৈছে৷

ইফালে, দুয়ো ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰি আৰক্ষীৰ দলটো বোকাজান থানা অভিমুখে আহি থকা অৱস্থাতে ছাদ্দাম হুছেইন নামৰ ড্রাগ্ছ সৰবৰাহকাৰীটোৱে অসুস্থ হোৱাৰ ভাও ধৰি আৰক্ষীৰ বাহনৰ পৰা নামিবলৈ বিচাৰে৷ আৰক্ষীৰ বাহনৰ পৰা নামিয়েই ড্রাগ্ছ সৰবৰাহকাৰীটোৱে আৰক্ষীৰ লোকক ঠেলা মাৰি উক্ত স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে৷ লগে লগে আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীটোলৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰে৷ ফলত ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয় দুর্ধর্ষ ড্রাগ্ছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন৷ আহত সৰবৰাহকাৰীটোক ততালিকে বোকাজান সমূহীয়া চিকিৎসা কেন্দ্রত ভর্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয় বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে৷

You might also like