নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত অস্ত্র লৈ পট্টাদাৰক আক্রমণৰ চেষ্টাঃ দা–ডেগাৰ–যাঠী–জোং লৈ চৰাঞ্চলত বেদখলকাৰীৰ টহল

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্রৰ এলেকাধীন ডেক্রাদিয়া চৰ সম্প্রতি বেদখলকাৰীৰ কবলত৷ প্রকৃত পট্টাদাৰক মাৰণাস্ত্র লৈ খেদি আহি আক্রমণৰ চেষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বেদখলকাৰীৰ বিৰুদ্ধে৷ বেদখলকাৰীসকলে হাতে হাতে কটাৰী, খুকুৰী আৰু চোকা অস্ত্র লৈ টহল দিয়াও পৰিলক্ষিত হয়৷ ভূমিৰ প্রকৃত পট্টাদাৰসকলে নিজ পিতৃভূমি পৰিদর্শন কৰিব গ’লেই মাৰণাস্ত্র লৈ খেদি আহা বুলি ভুক্তভোগী পট্টাদাৰসকলে অভিযোগ উত্থাপন কৰিছে৷

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চৰাঞ্চলৰ মাটি বেদখলমুক্ত কৰাৰ হুংকাৰ প্রদানৰ পাছতো চৰৰ ভূমি বেদখল কৰাত উঠিপৰি লাগিছে একাংশ অচিনাক্ত লোক৷ সুদূৰ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহ চক্রৰ এলেকাধীন ডেক্রাদিয়া চৰাঞ্চলত আহি মাটি বেদখল কৰি ঘৰ সজা পৰিলক্ষিত হৈছে৷ মাটিৰ প্রকৃত পট্টাদাৰক বঞ্চিত কৰি হাতে হাতে দা, ডেগাৰ, জোং–যাঠী লৈ বেদখলকাৰীয়ে চৰাঞ্চলত টহল দিয়াত বিপদৰ সন্মুখীন হৈছে প্রকৃত পট্টাদাৰসকল৷

আনহাতে, পট্টাদাৰসকলে ঘৰ সাজিলেও নিশাৰ ভিতৰতে বেদখলকাৰীয়ে ভাঙি পেলোৱা বুলি অভিযোগ তোলে৷ মাটিৰ পট্টাদাৰসকলে স্থানীয় গৰৈমাৰী ৰাজহ চক্র বিষয়াৰ কার্যালয়ত চৰাঞ্চলত অচিনাক্ত বেদখলকাৰীৰ পৰা নিজ ভূমি দখলমুক্ত কৰাৰ বাবে বাৰম্বাৰ লিখিত অভিযোগ দাখিল কৰিছে যদিও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷ ফলত ছয়গাঁৱৰ চৰাঞ্চলত দিনকদিনে বৃদ্ধি পাই আহিছে বেদখলকাৰীৰ সংখ্যা৷ কিছুদিন বেদখলকাৰীয়ে এনে সুবিধা পালে ছয়গাঁৱৰ চৰাঞ্চল সম্পূর্ণ বেদখল হৈ প্রকৃত পট্টাদাৰ বঞ্চিত হোৱাটোও নিশ্চিত হৈ পৰিছে৷ শীঘ্রেই কামৰূপ জিলা প্রশাসনৰ হস্তক্ষেপত গৰৈমাৰীৰ ডেক্রাদিয়া চৰাঞ্চল বেদখলমুক্ত কৰাৰ বাবে আবেদন জনাইছে চৰাঞ্চলত থকা মাটিৰ পট্টাদাৰসকলে৷

ইফালে ময়নুল হক আৰু দেৱ মেধিয়ে আজিৰ এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দি তাৎক্ষণিকভাৱে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপ দাবী কৰিছে৷ লগতে উক্ত স্থানত জিলা উপায়ুক্তক চৰজমিন তদন্ত কৰি বিষয়টো সমাধান কৰিবলৈ দাবী জনাইছে৷

You might also like