নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত মনোজ ধানোৱাৰৰ হৈ আতিশী মাৰ্লেনাৰ নিৰ্বাচনী প্ৰচাৰ

বিশেষ বাৰ্তা, ৮এপ্ৰিলঃ নিৰ্বাচনী প্ৰচাৰৰ তিনিদিনীয়া কাৰ্যসূচী লৈ আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা আজি ডিব্ৰুগড়ত উপস্থিত হয়। দিল্লীৰ পৰা ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত পুৱাই উপস্থিত হৈ সাংবাদিকৰ জৰিয়তে আতিশীয়ে ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিৰ প্ৰতি অসমৰ ৰাইজে যি মৰম আৰু সমৰ্থন দেখুৱাইছে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সংবাদ মহলৰ সৈতে হোৱা বাৰ্তালাপত নেত্ৰী গৰাকীয়ে দিল্লীত আপৰ উল্লেখযোগ্য সাফল্যৰ ওপৰত আলোকপাত কৰি অৰবিন্দ কেজৰিৱালৰ প্ৰতি অসমৰ ৰাইজে সদায় মৰম দেখুৱাই আহিছে বুলি উল্লেখ কৰে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আপে এখন আসন লাভ কৰিব বুলি কোনেও ভবা নাছিল। তিনিচুকীয়া পৌৰসভাৰ নিৰ্বাচনত আপে এখন আসন লাভ কৰিব বুলি কোনেও ভবা নাছিল। কিন্তু আমি কৰিলো। মানুহে অৰবিন্দ কেজৰিৱালক ভাল পায়, কাৰণ তেওঁ যি প্ৰতিশ্ৰুতি দিয়ে, তেওঁ সেই প্ৰতিশ্ৰুতি পূৰণ কৰে— আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই এনেদৰেই সদৰী কৰে। তেওঁ পুনৰ কয় যে অৰবিন্দ কেজৰিৱালে বিশ্বমানৰ স্কুল আৰু চিকিৎসালয় নিৰ্মাণ কৰিছিল। দিল্লী আৰু পঞ্জাৱত মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰাৰ ব্যৱস্থা কৰিছিল। যুৱক-যুৱতীক চাকৰি দিছিল।বিজেপিয়ে অৰবিন্দ কেজৰিৱালক আশংকা কৰিছে কাৰণ তেওঁ নিজৰ প্ৰতিজ্ঞা পূৰণ কৰে মাৰ্লেনাই উল্লেখ কৰি আপ নেত্ৰীগৰাকীয়ে অসমৰ সন্মুখত থকা সমস্যাসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি শাসকীয় বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছত পাহৰি যোৱাৰ অভিযোগ উত্থাপন কৰে। অসমত ৮ হাজাৰ বিদ্যালয় বন্ধ কৰা হৈছে। চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত ঔষধ উপলব্ধ নহয়। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বহুত কম। তেওঁলোকক মাটিৰ পট্টা দিয়া হোৱা নাই। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে যদিও পিছত পাহৰি যায়।আমি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ভাল বিদ্যালয়, ভাল চিকিৎসালয় আৰু উচিত মজুৰিৰ ব্যৱস্থা কৰিম।চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আমি নূন্যতম মজুৰি ৪৫০ টকা দিম, মাটিৰ ডীড প্ৰদান কৰিম আৰু অসমৰ চাহ খেতিয়কসকলৰ বাবে নূন্যতম সহায়ক মূল্য (MSP) নিশ্চিত কৰিম। এয়া হ’ল আম আদমি পাৰ্টি আৰু অৰবিন্দ কেজৰিৱালৰ প্ৰতিশ্ৰুতি। অৰবিন্দ কেজৰিৱালৰ প্ৰতিশ্ৰুতিৰ অৰ্থ হৈছে আম আদমি পাৰ্টিৰ নিশ্চয়তা। তেওঁ যি প্ৰতিশ্ৰুতি দিয়ে, তেওঁ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰে। কেজৰিৱালে যদি বিজেপিত যোগদান কৰে তেন্তে এদিন পিছত জেলৰ পৰা মুক্তি পাব বুলি আপৰ নেত্ৰী আতিশী মাৰ্লেনাই মত প্ৰকাশ কৰে। অৰবিন্দ কেজৰিৱালক কিয় জেলত ভৰোৱা হ’ল বুলিও প্ৰশ্ন উথাপন কৰি উচ্চমানৰ স্কুল-চিকিৎসালয় নিৰ্মাণ কৰা, দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আইআইটিত নামভৰ্তি দিয়াৰ লগতে ৰাইজক বিনামূলীয়া ব্যয়বহুল চিকিৎসা প্ৰদান কৰাৰ বাবেই কেজৰিৱালক জেলত ভৰোৱা হ’ল বুলি সাংবাদিকৰ আগত অভিযোগ কৰি অৰবিন্দ কেজৰিৱালে জেলত হওক বা জেলৰ বাহিৰতেই হওক ৰাইজৰ অধিকাৰৰ বাবে যুঁজ দি থাকিব বুলিও নেত্ৰী গৰাকীয়ে দৃঢ়তাৰে কয়। ৰাইজলৈ কৰা আবেদনত নেত্ৰী আতিশীয়ে আগন্তুক ডিব্ৰুগড় লোকসভা নিৰ্বাচনত আপ প্ৰাৰ্থী মনোজ ধানোৱাৰক ভোট দিবলৈ আহ্বান জনায়।উল্লেখ্য যে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম জাতীয় পৰিষদৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপৰ প্ৰাথী মনোজ ধানোৱাৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like