নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেঁপা-গগনা প্ৰস্তুতত ব্যস্ত ঢকুৱাখনাৰ চিত্ৰৰঞ্জন-প্ৰশান্ত

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল : উৰুঙা ফাগুনৰ সুৰুঙাৰে চ’তৰ বোকোচাত উঠি আহিছে হেপাঁহৰ ব’হাগ। বাসন্তী মলয়াই ৰঙ সানি যোৱাৰ পাচতে অসমীয়াই আৰম্ভ কৰিছে ব’হাগ বিহুৰ প্ৰস্তুতি। কুলিৰ মাতে, কপৌফুলে বিলাইছে ব’হাগ অহাৰ বাতৰি। শিপিনীয়ে মৰমৰ বাণীৰে চেনেহৰ দীঘেৰে চেনাইলৈ বৈছে আছো সুতাৰ বিহুৱান। বৰফুলৰ গামোচাখনৰ বাবে ঘনাই ঘুৰিছে মাকোঁ। এটা বছৰৰ আগতেই কাটি ধোঁৱা চাঙত তুলি থোৱা আগলি বাঁহডাল এতিয়া নমাবৰ সময় হ’ল। নাচনীও সাজু হৈছে চেনাইয়ে দিয়া মৰমৰ গগনা পাট খোপাত গুজিবলৈ। ঢোলৰ চেৱত হালিছে-জালিছে নৈৰ পাৰৰ কঁহুৱা বিৰিনা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহুনাচ, ঢোলবাদনৰ কৰ্মশালা।সমানে প্ৰস্তুতি চলিছে ঢোল, পেঁপা, গগনা আদি লোকবাদ্য নিৰ্মাণৰ।ৰঙালী বিহু জীপাল কৰিবলৈ ঢোল পেঁপা আদি বাদ্যযন্ত্ৰত শেষ পৰশ দিয়াত ব্যস্ত থলুৱা বাদ্যশিল্পীসকল। ব’হাগ বুলিলেই ব্যস্ততা বাঢ়ে ঢকুৱাখনাৰ নেওগঘুলিৰ গাঁৱৰ দুই সহোদৰ। গাঁওখনৰ দুই ভাতৃ লোকবাদ্য শিল্পী চিত্ৰৰঞ্জন বৰুৱা আৰু প্ৰশান্ত বৰুৱাই বিগত বছৰৰ দৰে এইবেলিও ব’হাগ বিহুৰ বাবে ঘৰতে নিৰ্মাণ কৰিছে বিধে বিধে বিহুৰ লোকবাদ্য। গগনা, কাকৈ, সুতুলি, টকা আদিৰে উভৈনদী গগৈৰ চোতাল। যিসমূহ লোকবাদ্যৰ অবিহনে ৰঙালী বিহুটি সম্পূৰ্ণ নহয় সকলো বাদ্যই উপলব্ধ চিত্ৰৰঞ্জন আৰু প্ৰশান্ত বৰুৱাৰ চোতালত। ঢকুৱাখনাৰ অতি ভিতৰুৱা নেওগঘুলি গাঁৱৰ শিল্পীদুগৰাকীৰ বাসগৃহত এতিয়া ব্যস্ততা অন্ত নাই ৷স্নাতক ডিগ্ৰীধাৰী দুই ভাতৃয়ে প্ৰতি বছৰে মাঘ বিহুৰ সময়ৰে পৰা ব’হাগ বিহুলৈ ব্যস্ত হৈ পৰে পেঁপা, গগনা, ঢোলৰ মাৰি, কাকৈ বনোৱা কামত। বিগত ১০ বছৰে এই দুগৰাকী থলুৱা শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা পেঁপা, গগনা, ঢোলৰ মাৰি, কাকৈ আদি বাদ্যসমূহ বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে লাভাৱান্বিত হোৱাৰ লগতে নতুন প্ৰজন্মৰ শিল্পীসকলকো উৎসাহিত কৰি আহিছে। সম্প্ৰতি বিহুৱতীৰ বাবে জানমণি- লাহৰী গগনা প্ৰস্তুতত ব্যস্ত হৈ পৰিছে দুই ভাতৃ। এই দুজন থলুৱা শিল্পীয়ে সাজি উলিওৱা জানমণি,লাহৰী, ৰামধন গগনাৰ সমান্তৰালকৈ বিহুৰ টকা, সুতুলি, কাকৈ আদি বিহুৰ বাদ্যযন্ত্ৰই ঢকুৱাখনাৰ লগতে দাঁতি কাষৰীয়া মাজুলী, ধেমাজি, ডিব্ৰগড়, শিৱসাগৰ আদিৰ গ্ৰাহকৰ সমাদৰ লাভ কৰি আহিছে। দৈনিক ৪০-৫০টালৈকে শিল্পী দুজনে সাজি উলিয়ায় গগনা। প্ৰতিটো বিহুৰ বতৰত চিত্ৰৰঞ্জন আৰু প্ৰশান্তই ১২হাজাৰ বিভিন্ন গগনা বজাৰত বিক্ৰী কৰে বুলি ‘নিয়মীয়া বাৰ্তা’ক জানিবলৈ দিয়ে।এই বাদ্যসমূহ তেওঁলোকে নিজ হাতে গঢ়ি পৰিয়াল উপাৰ্জনৰ বাট মুকলি কৰি ল’বলৈ সক্ষম হৈছে। দুই ভাতৃয়ে নিৰ্মাণ কৰা এই বাদ্য সমূহৰ আছে বহু চাহিদা। বিভিন্ন ঠাইৰ ব্যৱসায়ীসকলে পাইকাৰী দৰত দুই ভাতৃৰ পৰা এই বাদ্যবোৰ নি ব্যৱসায় কৰাৰ লগতে পেঁপা, গগনা ক্ৰয় কৰিবলৈ আহে বিভিন্ন প্ৰান্তৰ বিহুৱাসকলো। ঢকুৱাখনাৰ এই দুজন চহা লোকবাদ্য শিল্পীৰ সৃষ্টিৰাজিৰ জড়িয়তে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত থলুৱা লোকবাদ্য প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ অৰিহণা যোগাইছে। নতুন প্ৰজন্মৰ বাবে নিশ্চয় এক আদৰ্শ হব পাৰে স্নাতক ডিগ্ৰীধাৰী এইদুগৰাকী থলুৱা বাদ্যশিল্পী। আপুনিও বিহুৰ আগতেই দুই ভাতৃৰ পৰা সংগ্ৰহ কৰিব পাৰে বিহুৰ বাবে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীবিধ ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like