শালপতিক ছুৰিকাঘাতেৰে হত্যাৰ চেষ্টা, শহুৰকো আক্ৰমণ কৰি পলায়ন সৰু জোঁৱাইৰ
বৰপেটাৰোডত এজন লোকে শালপতিক তিনিবাৰকৈ ছুৰিকাঘাত কৰি হত্যাৰ চেষ্টা কৰাৰ লগতে শহৰকো আক্ৰমণ কৰি পলায়ন কৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি বৰপেটাৰোডৰ হৰতকীতলাৰ কৃষ্ণনগৰ নিবাসী সন্তোষ শীলৰ কনিষ্ঠ কন্যাৰ স্বামী যাদব শীলে শহুৰৰ সম্পত্তিৰ বাবে তেওঁৰ পত্নীক দীৰ্ঘদিন ধৰি চলাই আহিছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰ। স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি মাকৰ ঘৰলৈ আহি থাকিব লৈছিল সন্তোষ শীলৰ কনিষ্ঠ কন্যা অৰ্থাৎ যাদব শীলৰ পত্নী।
ইপিনে যাদৱ শীলে তেওঁৰ পত্নীক বাৰে বাৰে নিজ ঘৰলৈ লৈ যোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ পিছতো পত্নী উভতি নোযোৱাত আজি যাদৱে কৃষ্ণনগৰৰ শহুৰৰ ঘৰত দল বল লৈ উপস্থিত হয় আৰু তাৰ পিছতেই সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডা। ঘটনাৰ খবৰ পাই যাদৱ শীলৰ শালপতি বৰপেটাৰোডৰ চন্দনপুৰৰ গৌতম শীল তাত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ ল’বলৈ চেষ্টা কৰাৰ সময়তে যাদৱ শীলে গৌতম শীলৰ ওপৰত চলাই ছুৰিৰে হঠাতে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় গৌতম শীল।
আনহাতে শহুৰ সন্তোষ শীলে আক্ৰমণত বাধা প্ৰদান কৰাত যাদৱে তেখেতকো ছুৰিৰে আক্ৰমণ কৰি আহত কৰি ঘটনাস্থলীৰ পলাই পত্ৰং দিয়ে বুলি অভিযোগ কৰে। পিচত ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ যাদব শীলৰ সৈতে অহা তেওঁৰ মাতৃক সোধপোচৰ বাবে আৰক্ষী থানালৈ লৈ আহে যদিও এতিয়ালৈকে ঘটনাৰ মুল অভিযুক্ত যাদব শীলক আটক কৰিবলৈ সক্ষম হোৱা নাই।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি অভিযুক্ত যাদৱ শীলৰ ঘৰ নলবাৰীৰ পুষ্পপুৰ ১০নং ৱাৰ্ডত। এই ঘটনাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে গুৰুতৰভাৱে আহত গৌতম শীলক প্ৰথম অৱস্থাত বৰপেটাৰোড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰবৰ্তী সময়ত লোকজনক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
নিয়মীয়া বাৰ্তা, বৰপেটাৰোড : 12 July, 2025