নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন : বিশাল শোভাযাত্ৰাৰে মাৰ্ঘেৰিটাত মনোনয়ন দাখিল বিজেপিৰ

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰঃ আগন্তুক দেউৰী স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ বাবে ৩নং মাৰ্ঘেৰিটা দেউৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিত মুঠ ৪গৰাকী প্রাৰ্থীয়ে আজি মনোনয়ন পত্র দাখিল কৰে। কংগ্রেছ দলৰ খৰ্গেশ্বৰ দেউৰী, বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী যোগেন দেউৰী, নিৰ্দলীয় প্রাৰ্থী বিমল দেউৰী আৰু হেৰম্ব দেউৰীয়ে মনোনয়ন পত্ৰ মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ত নিৰ্বাচনী বিষয়াৰ হাতত দাখিলৰ কৰে। মনোনয়ন পত্ৰ দাখিলৰ এই অনুষ্ঠানত দেউৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী যোগেন দেউৰীক সংগ দিয়ে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই। মনোনয়ন পত্ৰ দাখিল উপলক্ষে মাৰ্ঘেৰিটা চেগুনাবাৰী তিনিআলিৰ পৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ এক বিশাল শোভাযাত্ৰা উলিয়ায় বিজেপিয়ে। আনহাতে কংগ্রেছৰ প্রাৰ্থী খৰ্গেশ্বৰ দেউৰীয়ে তাৰ পাছতে দলীয় কৰ্মী, সমৰ্থকসহ গৈ মনোনয়ন পত্র দাখিল কৰে । ২০ অক্টোবৰত মনোনয়ন পত্র পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্র প্রত্যাহাৰৰ ২৫ অক্টোবৰত বিয়লি তিনি বজাৰ ভিতৰত পাৰিব । ১৫৩৬জন ভোটাৰে এইবাৰ ৩নং মাৰ্ঘেৰিটা দেউৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত প্রাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like