পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাক কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান
কলিয়াবৰত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান আৰু স্মাৰক বক্তৃতা অনুষ্ঠান
সমাজত কাম কৰিবলৈ একাগ্ৰতা, ধৈৰ্য-কষ্টৰ লগতে প্ৰাণ লাগিব। যিসকল ব্যক্তি এনে গুণৰ অধিকাৰী,কঠোৰ পৰিশ্ৰমী তেনে ব্যক্তিয়ে সমাজত সফলতা লাভ কৰিছে আৰু তেওঁলোক সমাজৰ আদৰ্শস্বৰূপ বুলি আজি কুঁৱৰীটোলত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান আৰু স্মাৰক বক্তৃতা অনুষ্ঠানত নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকি কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰুণিমা শৰ্মা বৰুৱাই এইদৰে মন্তব্য কৰে।
বিশিষ্ট শিল্পী জগন্নাথ মহন্তই প্ৰয়াত কামিনী মহন্তৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ পিছতে কামিনী মহন্ত স্মৃতিৰক্ষা সমিতিৰ সভাপতি ৰেৱকান্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আৰম্ভণিতেই উদীয়মান শিল্পী চিন্ময়ী ভূঞাই বৰগীত পৰিবেশন কৰে।
স্মৃতিৰক্ষা সমিতিৰ সম্পাদক ভূপেন্দ্ৰ নাথ হাজৰিকাই উদ্দেশ্য ব্যাখ্যাত প্ৰয়াত কামিনী মহন্তৰ সংগ্ৰামী জীৱন, হাস্যমধুৰতা, এগৰাকী সফল উদ্যোগীৰ লগতে মানৱদৰদী, সমাজসেৱী ব্যক্তিত্বশালী গুণ সম্পৰ্কে আলোকপাত কৰে।
২০১৫ চনৰ পৰাই কামিনী মহন্ত স্মৃতিৰক্ষা সমিতিয়ে সাহিত্য, শৈক্ষিক, বাণিজ্য, শিল্পী আদিকে প্ৰমূখ্য কৰি নাৰী সৱলীকৰণ, বিজ্ঞান শিক্ষাৰ প্ৰসাৰ, ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান, শিক্ষানুষ্ঠানক বঁটা প্ৰদান কৰি আহিছে।
২০১৫ চনত শিল্পী ৰত্নেশ্বৰ ভূঞাক বঁটা প্ৰদানেৰে আৰম্ভ কৰি একাদিক্ৰমে শৈক্ষিক ক্ষেত্ৰত বলোভদ্ৰ শৰ্মা, কৃষি স্বাৱলম্বিতা বাবে নাৰায়ণ শৰ্মা, নাৰী সৱলীকৰণৰ বাবে পশ্চিম কলিয়াবৰ মহিলা উন্নয়ন সমিতি, বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে আমবাগান বিজ্ঞান সমিতি, শিল্পী কেশৱ পাঁচনি, ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰসাৰৰ বাবে শান্তিপুৰত তৰংগ গোষ্ঠী, শিক্ষাৰ প্ৰসাৰৰ বাবে শিলঘাটস্থিত কণ্যাকাশ্ৰম কণিষ্ঠ মহাবিদ্যালয়, নলতলিস্থিত পশ্চিম কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ৭৯১নং কুঁৱৰীটোল প্ৰাথমিক বিদ্যালয়, সাহিত্য ক্ষেত্ৰৰ অৱদানৰ বাবে গল্পকাৰ ধ্ৰুৱজ্যোতি শৰ্মা আৰু নৱজ্যোতি বৰা আৰু এই বৰ্ষত ক্ৰীড়া আৰু সমাজসেৱাৰ অৱদানৰ বাবে পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাক প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাক প্ৰদান কৰাৰ লগতে প্ৰয়াত সমাজকৰ্মী-শিল্পীগৰাকীৰ পৰিয়ালৰ হৈ পত্নী ৰীণা মহন্ত, পুত্ৰ নৱপ্ৰতীম মহন্তই বিশিষ্ট শিল্পী জগন্নাথ মহন্ত আৰু প্ৰয়াত কামিনী মহন্ত স্মৃতি ৰক্ষা সমিতিৰ প্ৰতিস্থাপক কাৰ্য্যনিৰ্বাহক সদস্য ধৰ্মেশ্বৰ ঠাকুৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে।
সাংস্কৃতিককৰ্মী সমীৰ ভূঞাই আঁত ধৰা অনুষ্ঠানত স্মৃতিৰক্ষা সমিতিৰ প্ৰাক্তন সভাপতিদ্বয় কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক ইনতাজ আলী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সৰ্বেশ্বৰ শইকীয়া, বিশিষ্ট সাহিত্যিক বিপুল ভট্টাচাৰ্য্য, গল্পকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, শিল্পী জগন্নাথ মহন্ত, জ্যেষ্ঠ সাংবাদিক নৃপেন কেওঁট, তৰুণ মুক্তিয়াৰ, অমূল্য বৰা, তপন শইকীয়া, সমাজকৰ্মী ৰেকিবুল হুছেইন, পৰাগ বৰদলৈ, ৰবীন ভূঞাকে প্ৰমুখ্য কৰি কলিয়াবৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, সংবাদকৰ্মী, বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া, পৰিয়ালৰ লোক অনুষ্ঠানত উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, কলিয়াবৰ, ২৯ জানুৱাৰী