প্ৰধানতঃ তেল আৰু গেছ কোম্পানীৰ যৌথ উদ্যোগত নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড (NEGDCL) আৰু ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেড (IGGL)ৰ মাজত প্ৰাকৃতিক গেছ পৰিবহণৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ গেছ সংবহন চুক্তি সম্পন্ন হয়। এই চুক্তিৰ অনুসৰি চিটি গেছ বিতৰণ (CGD) নেটৱৰ্কৰ জৰিয়তে ইয়াৰ অন্তগৰ্ত গেছ গ্ৰীডসমূহলৈ প্ৰাকৃতিক গেছ পৰিবহণ কৰা হ’ব।
IGGLৰ মুখ্য কাৰ্যালয়ত NEGDCL আৰু IGGLৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে IGGLৰ কাৰ্যবাহী সঞ্চালক সুব্ৰত দাস আৰু NEGDCLৰ কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ বৰুৱাই। এই দ্বিপাক্ষিক চুক্তিৰ ফলত অসমৰ ভৌগোলিক অঞ্চলৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক সামৰি ওদালগুৰিৰ পৰা ধেমাজিলৈকে মুঠ ছখন জিলাৰ লগতে ত্ৰিপুৰাৰ ভৌগোলিক অঞ্চলৰ ছখন জিলাসহ মুঠ বাৰখন জিলাত প্ৰাকৃতিক গেছৰ যোগান ধৰা হ’ব।
উল্লেখযোগ্য যে এই গেছ সংবহন চুক্তিৰ জৰিয়তে উত্তৰ-পূবত প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈছে। তদুপৰি গেছ গ্ৰীডৰ জৰিয়তে প্ৰাকৃতিক গেছ পৰিবহণৰ বাবে চিহ্নিত চিজিডি ভৌগোলিক অঞ্চলসমূহত পৰিবহণৰ সুবিধাসমূহ প্ৰদান কৰিছে। এই চুক্তিৰ অধীনত পৰিবাহিত প্ৰাকৃতিক গেছক চিটি গেছ বিতৰণ (চিজিডি) নেটৱৰ্কৰ জৰিয়তে চাপযুক্ত প্ৰাকৃতিক গেছ (চিএনজি) আৰু পাইপযুক্ত প্ৰাকৃতিক গেছ (পিএনজি) আকাৰে ঘৰুৱা, বাণিজ্যিক আৰু ঔদ্যোগিক খণ্ডসমূহৰ মাজত বিতৰণ কৰা হ’ব। যাৰ ফলত এক স্বচ্ছ আৰু বহনক্ষম শক্তি গ্ৰহণৰ সুবিধাৰ জৰিয়তে উপভোক্তা লাভান্বিত হ’ব। এই চুক্তিয়ে উত্তৰ পূবত হাইড্ৰ’কাৰ্বন ভিজন ২০৩০ৰ লক্ষ্যক প্ৰতিফলিত কৰাৰ লগতে উত্তৰ-পূবৰ গেছ পৰিবাহিত অঞ্চলটোত স্বচ্ছ, নিৰ্ভৰযোগ্য আৰু বহনক্ষম শক্তি সম্প্ৰসাৰণৰ দিশত দুই প্ৰতিষ্ঠান প্ৰতিশ্ৰুতিবদ্ধ ।
নিয়মীয়া বাৰ্তা, দুলীয়াজান, ২৯ জানুৱাৰী :