বদৰুদ্দিন আজমল অসুস্থ হৈ মুম্বাইৰ জাচলক হাস্পতালত ভৰ্তি হৈছে। এ আই ইউ ডি এফ আৰু ৰাজ্যিক জমিয়তৰ সভাপতি তথা বিধায়কগৰাকীৰ অসুস্থতাৰ খবৰে সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, মৌলানা বদৰুদ্দিন আজমলক ইতিমধ্যে মুম্বাইৰ জাচলক হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত এতিয়ালৈকে বিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।
উল্লেখযোগ্য যে অহা ২১ তাৰিখে তেওঁ পবিত্ৰ হজ যাত্ৰালৈ ৰাওনা হোৱাৰ কথা আছিল। অসুস্থতাৰ মাজতে তেওঁ সকলো শুভাকাংক্ষী আৰু ৰাজ্যবাসীৰ ওচৰত দোৱাৰ আবেদন জনাইছে।
ডিজিটেল ডেস্ক, ১৮ মে’