প্ৰসংগ বাঘজান কাণ্ডঃ ৬ খন তদন্ত সমিতিয়ে চলাইছে নিজা নিজা পৰ্যৱেক্ষণ
- ৬ খন তদন্ত সমিতিয়ে চলাইছে নিজা নিজা পৰ্যৱেক্ষণ
- এজনীয়া তদন্ত সমিতি দুখনৰ বিষয়ে জানেনে বাঘজান বাসীয়ে?
- কাকতৰ বিজ্ঞাপনতেই সীমাবদ্ধ থাকিল নেকি প্ৰচাৰ ব্যৱস্থা?
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ দেশ কঁপাই যোৱা বাঘজান কাণ্ডৰ ৰহস্য উদ্ঘাটনৰ হেতু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উপৰি কোম্পানী কৰ্তৃপক্ষই গঠন কৰি দিয়া সৰ্বমুঠ ৬ খন তদন্ত সমিতিয়ে মাহটোৰ ভিতৰত তদন্তৰ প্ৰতিৱেদন দাখিল কৰিব।
এই ছখন তদন্ত সমিতিৰে চাৰিখনে নিজাববীয়াকৈ তদন্ত প্ৰক্ৰিয়া সামৰিব যদিও তাৰে দুখন সমিতিৰ তদন্ত প্ৰক্ৰিয়াৰ সফলতা কিন্তু নিৰ্ভৰ কৰিব বাঘজান কাণ্ডৰ ভূক্তভোগী আৰু পৰোক্ষ কিম্বা প্ৰত্যক্ষভাৱে জড়িত তথ্যজনা লোকৰ সহযোগিতাতহে।
উল্লেখ্য যে এইচ এম পি- ১৯/৫০/২০২০- পি অ’ আই (এ)/৪ (১২জুন) নং জাননী যোগে (বিজ্ঞাপন) বাঘজান ৰিগ নম্বৰ ৫ ত গেছ- তেল নিৰ্গমণ আৰু অগ্নিকাণ্ডৰ কাৰণ, কি পৰিস্থিতিত তেনে ঘটনাৰ সূত্ৰপাত হ’বলৈ পালে, তাৰ বাবে দায়বদ্ধ কোন আৰু ভৱিষ্যতে যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি পা- পৰামৰ্শ আদি গ্ৰহণৰ বাবে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক লৈ এখন এজনীয়া তদন্ত সমিতি গঠন কৰাৰ উপৰি এফ্ আৰ ডব্লিউ ৬/২০২০/১ নং জাননী(বিজ্ঞাপন) যোগে পৰিৱেশ সম্পৰ্কীয় দিশসমূহ চোৱাচিতাৰ বাবে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে য়াদৱক লৈ আন এখন এজনীয়া তদন্ত সমিতি গঠন কৰি দিয়া হৈছে।
সুকীয়া সুকীয়া বিজ্ঞাপন দুটাত কোৱা হৈছে যে এজনীয়া তদন্ত সমিতি দুখনৰ বিষয়া দুগৰাকীয়ে তিনিচুকীয়াৰ আৱৰ্ত ভৱনৰ ৮ নং কক্ষত বাহৰ পাতি থাকিব। তদন্তকাৰী বিষয়া দুগৰাকীক পুৱা ১১ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈকে ভূক্তভোগী কিম্বা ঘটনা সন্দৰ্ভত কোনো তথ্য দিব বিচৰা সকলে সাক্ষদান কৰিব পাৰিব কিম্বা ই- মেইল আৰু পত্ৰ যোগে তথ্য, ফটো কিম্বা প্ৰাসঙ্গিক খবৰৰ যোগান ধৰিব পাৰে। এই দুয়োখন সমিতিৰ সাক্ষ গ্ৰহণৰ শেষ সীমা ২৪ জুন, ২০২০ তাৰিখ। কিন্তু এতিয়া সততে উঠা প্ৰশ্নটো হ’ল উক্ত তদন্ত সমিতি দুখনৰ সন্দৰ্ভত বাঘজান অঞ্চলত প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছেনে, কাকতত প্ৰকাশিত বিজ্ঞাপনতেই সীমাবদ্ধ আছে? যদি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিয়েই চৰকাৰে দায়িত্ব সামৰিছে তেন্তে সেই বিজ্ঞাপন ‘হাতৰ সাৰে ভৰিত সাৰে’ জীৱন অতিবাহিত কৰা বাঘজানবাসী বাদেই বিদ্বত মহলো অৱগত নহয়।
যদি কেৱল তদন্তৰ নামত তদন্ত সমিতি গঠন কৰা হৈছে তেন্তে তদন্তৰ প্ৰতিবেদন আধৰুৱা হোৱাতোয়েই স্বাভাৱিক। এই দুখন তদন্ত সমিতিৰ উপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ১৫ জুন তাৰিখে উত্তৰ- পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানকো গুৱাহাটীৰ আই আই টিৰ সহযোগত কেতবোৰ বিশেষ দিশ চোৱাচিতা কৰিবৰ বাবে বিশেষ দায়িত্ব অৰ্পণ কৰিছে। একেদৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰ্যালয়ে অইল ইণ্ডিয়া আৰু অ’ এন্ জি চিৰ পূৰ্বৰ শীৰ্ষ বিষয়া বিকাশ চন্দ্ৰ বৰা, তাপস কুমাৰ সেনগুপ্ত আৰু পেট্ৰ’লিয়াম আৰু হাইড্ৰ কাৰ্বনৰ সঞ্চালক প্ৰধান সুভাষ চন্দ্ৰ লাল দাসক লৈ এখন তিনিজনীয়া উচ্চ স্তৰীয় তদন্ত কমিটী গঠন কৰি দিছে। এই সমিতিখনে ‘ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ’ (এছ্ অ’ পি) কাৰ্যকৰী হৈছিলনে নাই আদি দিশৰ ওপৰতো নজৰ দিব।
কেৱল সিমানেই নহয়, কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ অধীনস্থ ডাইৰ’ক্টৰেট জেনেৰেল অব মাইনছ এণ্ড ছেফটী (ডি জি এম্ এছ)ৰ ওপৰতো তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই সমিতিখনে বিশেষকৈ ব্যৱসায়িক সুৰক্ষাৰ দিশ, ইন্ধনযুক্ত কৰ্মৰে জড়িত শ্ৰমিক- কৰ্মচাৰীৰ স্বাস্থ্য, কল্যাণ আদি দিশ সমূহ চোৱাচিতা কৰিব। একেদৰে কোম্পানী কৰ্তৃপক্ষই ‘অইল ইণ্ডাষ্ট্ৰী ছেফটী ডিৰেক্টৰেট’ (অ’ আই এছ্ ডি)ৰ ৩৮ জনীয়া সদস্যৰ প্ৰধান তালিকা(প্ৰিঞ্চিপাল পেনেলিষ্ট)খনৰে ৫ গৰাকী বিষয়াক লৈ এখন তদন্ত সমিতি গঠন কৰি দিছে। এতিয়া সময়েহে কব ছখনকৈ তদন্ত সমিতিয়ে দোষীক শাস্তি আৰু প্ৰকৃত বিধ্বস্তক ন্যায় প্ৰদানৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰে।