নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানত পৰিদৰ্শন কৰিব অ’এনজিছিৰ চি এম ডি আৰু পেট্ৰ’লিয়াম আৰু গেছ মন্ত্ৰণালয়ৰ যুটীয়া সচিব অমৰ নাথে

পেট্ৰ'লিয়াম মন্ত্ৰণালয়ৰ অএনজিচিৰ চি এম ডিৰ নেতৃত্বত তিনিজনীয়া কমিটি গঠন

নিয়মীয়া বাৰ্তা, ১০ ছেপ্তেম্বৰঃ  সম্পূৰ্ণ ১০৫ টা দিনত বাঘজানত পুনৰ এগৰাকী অইল অভিযন্তাৰ শোকাবহ মৃত্যু ! ৯ ছেপ্তেম্বৰ দিনা বিয়লি বাঘজান বিজিএন ৫ ত কৰ্মৰত অৱস্থাত অইলৰ ইলেক্টিকেল বিভাগৰ জ‍্যোষ্ঠ অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈ (২৫) বিদ‍্যুৎস্পৃষ্ট হৈ মৃত‍্যুক সাৱটি লয় । অতি সংকটজনক অৱস্হাত অভিযন্তাগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে পুনৰ লাইফ চাৰ্পট দি বিষয়াগৰাকীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । অৱশ্যে দূৰ্ভাগ‍্যজনকভাৱে অইলৰ জ‍্যোষ্ঠ অভিযন্তাগৰাকী ডিব্ৰুগড় অভিমুখী পথতে মৃত‍্যু হয় বুলি জানিব পৰা গৈছে । ঘৰৰ একমাত্ৰ সন্তান অভিযন্তা গৰাকীৰ প্ৰকৃত ঘৰ যোৰহাটত । এই ঘটনাত অইল ইণ্ডিয়াৰ কেতবোৰ ভুল সিদ্ধান্তৰ বাবেই বাঘজানত এইদৰে তৃতীয়গৰাকী অইল ইণ্ডিয়ানৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত । আনহাতে বাঘজান ঘটনাত ক্ষতিপূৰণ নোপোৱাত শিৱিৰৰ আন এগৰাকী ব‍্যক্তিয়ে কিছুদিনৰ পূৰ্বে আত্মহত্যা কৰিছিল । কালি ঘটনাটোৰ পূৰ্বেও অৰ্থাৎ ৯ জুনৰ দিনা ব্ল’-আউট খাদটোত সংঘটিত ভয়ংকৰ অগ্নিবিস্ফোৰণৰ পৰিণতিত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুগৰাকীকৈ কৰ্মচাৰী শোকাবহভাৱে মৃত্যুমুখত পৰা ঘটনাটোৱে অইলৰ সুৰক্ষাজনিত অভাৱী দিশটোক উদঙাই দিয়া হৈছিল । এইদৰে বাঘজানত মৃত্যুৰ সংখ্যা চতুৰ্থলৈ বৃদ্ধি পাইছে । উল্লেখযোগ্য যে বাঘজান ব্ল’-আউট ঘটনাৱলীৰ আৰম্ভণিৰে পৰা ছিংগাপুৰস্হিত এলাৰ্ট ডিজেষ্টাৰ কোম্পানীৰ জ‍্যোষ্ঠ মুৰব্বী বিষয়া মাইকেল আৰ্নেষ্ট অ’লক্ৰণৰ নেতৃত্বত বিশেষ ছজনীয়া দলটোৰ সৈতে অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত সঞ্চালক (Onshore) ভি পি মাহাৱাৰৰ নেতৃত্বত অ’এনজিচিৰ চি এম টি অৰ্থাৎ ক্ৰাইছিছ মেনেজমেন্টে খাদটোৰ কণ্ডেনচেট তেল-গেছৰ মিশ্ৰিত প্ৰবাহ বন্ধ কৰি অহৰহ জ্বলন্ত জুইকুৰা নিৰ্বাপণ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা চলোৱাৰ পাছতো বাৰম্বাৰ কাৰিকৰী ব‍্যৰ্থতাৰ সন্মুখীন হয় । শেহতীয়াকৈ অইলে নজিৰবিহীনভাৱে নিজা সিদ্ধান্ত অনুসৰি অনিশ্চয়তাৰে ব্ল’আউট খাদৰ পৰা পাইপযোগে গেছ ডাইভাৰ্ট কৰি ইপিএছ ( Early production Station) ত গেছ প্ৰডাকচন কৰি থকা অৱস্হাতে চিনাক্ত কৰা হয়
ৱেলহেডত তিনিটাকৈ ছিদ্ৰ । এই ছিদ্ৰসমূহ ৱেল্ডিং কৰি থকা সময়ত বৈদ‍্যুতিক সংস্পৰ্শ ঘটি অভিযন্তা গৰাকী দূৰ্ঘটনাৰ সন্মুখীন হোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ । ইফালে অইলে গ্ৰহণ কৰা নিজাববীয়া কাৰিকৰী সিদ্ধান্তৰ পাছতেই অ’এনজিচিৰ ক্ৰাইছিছ দলটোৱে বাঘজান পৰিত‍্যাগ কৰা বুলি সৰৱ চৰ্চিত হৈ থকাৰ মাজতে এলাৰ্ট কোম্পানীয়েও অইলৰ সিদ্ধান্তৰ বিপৰীতে নৰ্থ আমেৰিকাৰ পৰা বিশেষ যন্ত্ৰাংশ STUBBING ইউনিট অনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে । আনহাতে খৰচী ইউনিটটো পৰিচালনা কৰিবৰ বাবে কানাডাৰ পৰা আহিব লাগিব আন এটা বিশেষজ্ঞৰ দল । আনহাতে অইল ইণ্ডিয়াই সন্মুখীন হোৱা এই অস্বস্তিকৰ পৰিৱেশৰ সময়তে বাঘজানৰ ঘটনাৱলী চৰজমিন বুজ ল’বলৈ অহাৰ সম্ভাৱনা আছে অ’এনছিচি-ৰ চি এম ডি শশীশংকৰ আৰু পেট্ৰ’লিয়াম আৰু গেছ মন্ত্ৰণালয়ৰ যুটীয়া সচিব অমৰ নাথ । কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে বাঘজান ঘটনাৱলী পৰ্য‍্যবেক্ষণৰ বাবে অ’এনজিচি ৰ অধ‍্যক্ষ তথা পৰিচালন সঞ্চালক শশীশংকৰৰ নেতৃত্বত ডাইৰেক্ট’ৰেট জেনেৰেল অৱ হাইড্ৰ’কাৰ্বনৰ (ডি জি) এছ চি এল দাস আৰু পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ যুটীয়া সচিব অমৰ নাথক লৈ তিনিজনীয়া বিশেষ কমিটি গঠন কৰি দিয়া বুলি পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ এক সূত্ৰই জানিবলৈ দিছে। এই সন্দৰ্ভত অ’এনজিচিৰ জনপৰিক্ৰমা বিভাগৰ সৈতে “নিয়মীয়া বাৰ্তা”ৰ টেলিফোনিক বাৰ্তালাপতো অ’এনজিচিৰ চি এম ডি গৰাকী বাঘজানত উপস্হিত হোৱাৰ কথা নিশ্চিত কৰিছে যদিও পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে অতি শেহতীয়াকৈ অইল চি এম ডিৰ পৰা অ’এনজিচিৰ চি এম ডি-লৈ বাঘজানৰ জুই নিৰ্বাপণৰ দায়িত্ব হস্তান্তৰ কৰাৰ বিষয়ে অ’এনজিচি-য়ে অজ্ঞতা প্ৰকাশ কৰিছে । সমান্তৰালভাৱে অইল ইণ্ডিয়াৰ জন পৰিক্ৰমা বিভাগেও বাঘজানকেন্দ্ৰীক দায়িত্ব অ’এনজিচিক হস্তান্তৰ কৰাৰ বিষয়ে অস্বীকাৰ কৰিলেও অ’এনজিছিৰ বিভাগীয় তৰফৰ পৰা দিল্লীস্হ চি এম ডি গৰাকী বাঘজানত উপস্হিতিৰ নিশ্চিতি প্ৰদান কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । অৱশ্যে আজিৰ দিনটোত বাঘজানত অ’এনজিছিএলৰ চি এম ডিসহ পেট্ৰ’লিয়াম আৰু গেছ মন্ত্ৰণালয়ৰ যুটীয়া সচিবগৰাকী উপস্হিতিৰ নিশ্চিত হৈছিল যদিও কালি অইল অভিযন্তাগৰাকীৰ মৃত্যুৰ খৱৰে তেওঁলোকৰ পৰিদৰ্শন কাৰ্য‍্যসূচী বাতিল কৰিব লগা হ’ল বুলি অ’এনজিচিৰ এক সূত্ৰই জানিবলৈ দিছে । আনহাতে অইল ইণ্ডিয়াৰ কাম-কাজৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰা পেট্ৰ’লিয়াম মন্ত্ৰণালয় আৰু সুৰক্ষা সংস্হাসমূহে এই মৃত্যুৰ ঘটনাক কি দৰে গ্ৰহণ কৰে লক্ষণীয় হ’ব ।

You might also like