নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ আৰক্ষীৰ জালত প্রৱঞ্চক

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ  মহানগৰী ছয়মাইলৰ এগৰাকী মহিলাৰ পৰা বিশেষ কৌশলেৰে পাঁচ লাখ টকা হৰলুকী কৰা এজন প্রৱঞ্চকক আজি দিছপুৰ আৰক্ষীয়ে শিৱসাগৰৰ পৰা গ্রেপ্তাৰ কৰে৷ ধৃত প্রৱঞ্চকটো শিৱসাগৰৰ ৰাজেশ গোস্বামী বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত প্রৱঞ্চকটোৱে নিজকে ৰোহিত গোস্বামী বুলি পৰিচয় দি ছয়মাইলৰ ভিআইপি ৰোডৰ চন্দন নগৰৰ য়াটেৰ পাবিন নামৰ মহিলাগৰাকীৰ সৈতে সু–সম্পর্ক গঢ়ি তোলে৷ অতি সহজ–সৰল মহিলাগৰাকীৰ সৈতে সম্পর্ক গঢ়ি উঠাত তেওঁ মহিলাগৰাকীৰ পৰা কেইবাটাও কিস্তিত পাঁচ লাখ সংগ্রহ কৰি নির্দিষ্ট সময়ৰ ভিতৰত দুগুণ বেছিকৈ দিব বুলি প্রতিশ্রুতি দিয়ে৷ কিন্তু নির্দিষ্ট সময় উকলি যোৱাৰ পিছত মহিলাগৰাকীয়ে দিয়া ধন ওভতাই বিচৰাত তেওঁ মহিলাগৰাকীক ডাবি–ধমকি দিয়ে আৰু পইচা ঘূৰাই দিবলৈ অস্বীকাৰ কৰে৷ পিছত ভুক্তভোগী মহিলাগৰাকীয়ে যোৱা ১৫ আগষ্টত ঘটনা সন্দর্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছিল যদিও প্রৱঞ্চকটো পলাইআছিল৷ অৱশেষত আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি শিৱসাগৰৰ পৰা প্রৱঞ্চকটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে সম্প্রতি প্রৱঞ্চকটোক দিছপুৰ থানাত জেৰা অব্যাহত ৰাখিছে৷

You might also like