নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসী বাইক বন্ধকত দি ড্ৰাগছ ক্ৰয় কৰিব অহা যুৱক বাইহাটা চাৰিআলি আৰক্ষীৰ  জিন্মাত

নিয়মীয়া বাৰ্তা ১৫ মেঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা এজন যুৱক ক আৰক্ষীয়ে আটক কৰে ।প্ৰাপ্ত তথ্য মতে, বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী তিনিআলিত চাংসাৰী থানাৰ অন্তৰ্গত ধোপাতাৰীৰ পুলক লহকৰ (২৫)নামৰ যুৱকজনে চাৰিটা ড্ৰাগছভৰ্তি ড্ৰাগছ কন্টেইনাৰ ক্ৰয় দহ হেজাৰ টকাত ক্ৰয়  কৰি নিজ ঠাইলৈ উভতি যাব লৈছিল।ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা যুৱকজনক  প্ৰায় সেই সময়তেঅঞ্চলটোৰ কেইজনমান লোকে ধৰি স্থানীয় বাইহাটা চাৰিআলি আৰক্ষী ক গতাই দিয়ে।বিলাসী কেটিএম বাইক পঞ্চাশ হাজাৰ টকাত বন্ধকত থৈ পিতৃহীন যুৱকজনে তিনিআলিত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি এনেদৰে নাটকীয় ৰূপত ধৰা পৰে ।বৰ্তমান আৰক্ষীয়ে যুৱক জনক আটক কৰি  সোধ-পোচৰ লগতে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

You might also like