নলবাৰীৰ জিলা কাৰাগাৰত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ অৰ্থ সাহায্যত স্থানীয় স্বেচ্ছাসেৱী সংগঠন নলবাৰী ৰুৰেল ডেভেলপমেন্ট এচোছিয়েচনৰ উদ্যোগত কাৰাগাৰখনৰ ৩০গৰাকী কয়দীৰ মাজত অসমৰ পৰম্পৰাগত বাঁহ-বেতৰ শিল্পৰ প্ৰশিক্ষণ শিবিৰ এটি অনুষ্ঠিত হৈছে৷ ৪৫ দিন ধৰি চলিবলগীয়া বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰটোৰ বৃহস্পতিবাৰে শুভ উদ্বোধন কৰা হয়৷ এই উপলক্ষে অনুষ্ঠিত তথা নলবাৰী ৰুৰেল ডেভেলপমেন্ট এছোচিয়েচনৰ সম্পাদক জয়ন্ত শৰ্মাই আঁত ধৰা উদ্বোধনী সভাখনত নাবাৰ্ডৰ অসম ৰিজিঅ’নেল অফিচৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, নাবাৰ্ডৰ জিলা প্ৰবন্ধক উৎপল বেজবৰুৱা, নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত পাৰ্থ প্ৰতিম খনিকৰ, সহকাৰী আয়ুক্ত তথা জিলা কাৰাগাৰ অধীক্ষক অভিজিত কুণ্ড, জেইলৰ জ্যোতি প্ৰকাশ শৰ্মা, সহকাৰী জেইলৰ দিগন্ত দাস, প্ৰশিক্ষক ক্ৰমে বিপুল দাস আৰু সৰ্বেশ্বৰ দাসৰ লগতে প্রশিক্ষাৰ্থীসকল উপস্থিত থাকে৷
নাবাৰ্ডৰ জিলা প্ৰবন্ধক উৎপল বেজবৰুৱাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত পাৰ্থ প্ৰতিম খনিকৰে নিজৰ ভাষণ আগবঢ়াই কয় যে এডাল বাঁহৰ পৰা লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ কাৰণ আজিকালি মানুহে ভাল দেখনিয়াৰ সামগ্ৰী কিনিবলৈ কুণ্ঠাবোধ নকৰে। গতিকে সকলো প্ৰশিক্ষাৰ্থীয়ে ভালদৰে প্ৰশিক্ষণ আগবঢ়োৱা কামখিনি আয়ত্ত কৰাত গুৰুত্ব দিয়া উচিত।
সভাত নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাসে নিজৰ ভাষণত কয় যে কয়দীসকলে যাতে এই প্ৰশিক্ষণৰ জৰিয়তে এটা নতুন জীৱনৰ সপোন ৰচিব পাৰে আৰু যেতিয়া তেওঁলোক এই কাৰাবাসৰ পৰা মুক্ত হৈ স্বাভাৱিক জীৱনলৈ উভতি যায় তেতিয়া যাতে এই বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে, সেই উদ্দেশ্যৰে এই প্ৰশিক্ষণ আগবঢ়োৱা হৈছে৷
ভাষণ প্ৰসংগত তেওঁ নাবাৰ্ডৰ দ্বাৰা আয়োজিত সকলো মেলাতে কাৰাগাৰত উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে। লগতে তেওঁ প্ৰশিক্ষণৰ অন্তত উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ বাবেও ব্যবস্থা গ্ৰহণৰ বাবে জেল কৰ্তৃপক্ষক আহ্বান জনায়।