নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ মার্চ–৩১ মে’লৈ কোনো ছুটী নাপাব ৰাজ্যিক কর্মচাৰীয়ে

নিউজ ডেস্ক, ১৩ ফেব্রুৱাৰী : সমাগত বিধানসভা নির্বাচনৰ বাবে চৰকাৰী কর্মচাৰীৰ সকলো ধৰণৰ ছুটী বাতিল কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যিক কর্মচাৰীয়ে অহা ৩ মাহলৈ কোনোধৰণৰ ছুটী নাপাব বুলি কঠোৰ নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে৷

উল্লেখ্য যে বিধানসভা নির্বাচনৰ অধিসূচনা মার্চ মাহৰ প্রথম সপ্তাহত ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ এনে সম্ভাৱনাৰ কথা ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে উল্লেখ কৰিছিল৷ মুখ্য নির্বাচনী বিষয়াগৰাকীৰ এনে ঘোষণাক লৈয়ে জিলা নির্বাচনী বিষয়াই প্রতিখন জিলা প্রশাসনক চৰকাৰী বিষয়া–কর্মচাৰীক ছুটী নিদিয়াৰ বাবে এক নির্দেশনা প্রেৰণ কৰিছে৷ এই নির্দেশনা অনুসৰি ১ মার্চৰ পৰা ৩১ মে’লৈ অর্থাৎ নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পৰা নির্বাচনৰ প্রক্রিয়া শেষ নোহোৱালৈকে কোনো কর্মচাৰীকে ছুটী প্রদান কৰা নহ’ব৷ কেৱল জৰুৰীকালীন ক্ষেত্রতহে মঞ্জুৰ কৰা হ’ব ছুটী৷

উল্লেখ্য যে নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতেই ৰাজ্যিক বিষয়া–কর্মচাৰীসকলক নির্বাচন আয়োগে বিভিন্ন নির্বাচনী কামত নিয়োজিত কৰিব৷ যাৰ বাবে সকলোধৰণৰ ছুটী বাতিল কৰিছে ৰাজ্য চৰকাৰে৷

You might also like