নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ পৰা কোচবিহাৰলৈ যাত্ৰা কৰা বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ

বিশেষ বাৰ্তা, ২৯ মেঃ আজিৰ উত্তৰ-পূব ভাৰতবাসীৰ বাবে গৌৰৱৰ ক্ষণ। কিয়নো আজি দেশৰ দ্ৰতবেগী বন্দে ভাৰত এক্সপ্ৰেছৰ ৰেলৰ শুভাৰম্ভ কৰা হয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰ্চুৱেলী ফ্লেগ কৰে বন্দে ভাৰতৰ। ইফালে গুৱাহাটীত বন্দে ভাৰতৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। লগতে উপস্থিত থাকে ৰাজ্যপাল গুলাব সিং কাটাৰিয়া, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিৰ কৰি বহু বিশেষ ব্যক্তি। বন্দে ভাৰতৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ২০১৪ চনৰ পৰা উত্তৰ-পূবৰ ৰে’ল নেটৱৰ্ক আধুনিকীকৰণৰ প্ৰচেষ্টাত ই এক টাৰ্নিং পইণ্ট। তীব্ৰবেগী ৰে’ল সংযোগৰ পৰা ৰে’ল ব্যয় ৪০০% বৃদ্ধিলৈকে। পি এম-গতিশক্তি, বিভিন্ন পথ, বায়ু আৰু পানী সংযোগ প্ৰকল্পৰ শক্তিশালী ৰূপায়ণৰ ফলত এন ই শাৰীৰিক আৰু আৱেগিকভাৱে দেশৰ বাকী অংশৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰিছে। অসম আৰু উত্তৰ-পূবৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰৰ অবিৰত প্ৰচেষ্টাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উল্লেখ্য যে বন্দে ভাৰত এক্সপ্রেছ ৰে’ল কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, চিৰাং, কোকৰাঝাৰ জিলা আৰু উত্তৰ বংগৰ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ তথা জলপাইগুৰিৰ মাজেৰে চলাচল কৰিব৷ এই ৰে’লখনৰ চলাচলৰ লগে লগে নিউ জলপাইগুৰি আৰু গুৱাহাটীৰ মাজৰ ৰে’লযাত্রাৰ সময় প্রায় এঘণ্টা হ্রাস হ’ব৷ আজি দিনৰ ১২ বজাত গুৱাহাটীৰ পৰা যাত্রা আৰম্ভ কৰিবলগীয়া বন্দে ভাৰত এক্সপ্রেছ সন্ধিয়া ৬ বজাত নিউ জলপাইগুৰিত উপস্থিত হ’ব৷ উদ্বোধনী যাত্রাৰ সময়ত ৰে’লখন কামাখ্যা, ৰঙিয়া, নলবাৰী, বিজনী, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্রাম, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ আৰু ধূপগুৰিত ৰখাব৷ বন্দে ভাৰত এক্সপ্রেছৰ নিয়মীয়া সেৱা ৩১ মে’ৰ পৰা আৰম্ভ হ’ব৷ মঙলবাৰৰ বাহিৰে সপ্তাহত ৬ দিন গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰিব৷ ৩১ মে’ৰ দিনা ৬.১০ বজাত নিউ জলপাইগুৰিৰ পৰা যাত্রা আৰম্ভ কৰিব আৰু ১১.৪০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব৷ বন্দে ভাৰত এক্সপ্রেছখনৰ কামাখ্যা, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত ষ্ট’পেজ থাকিব৷ এই ৰে’লখনে ৫ঘণ্টা ৩০ মিনিটত ৪১১ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰিব৷ ৫৩০খন আসনযুক্ত বন্দে ভাৰত এক্সপ্রেছত থাকিব ৮টা দবা৷ ৰে’লখনত এটা এগজিকিউটিভ ক্লাছ, ৫খন শ্বেয়াৰ কাৰ আৰু দুটা ড্রাইভাৰ ট্রেইল দবা থাকিব৷

You might also like