নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এল ২০২৩ৰ ফাইনেলঃ  যদি বৰষুণ হয়, কোন হ’ব চেম্পিয়ন !

বিশেষ বাৰ্তা, ২৯ মেঃ আজি ৰিজাৰ্ভ ডে’ত চেন্নাই আৰু গুজৰাটৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৩ৰ চূড়ান্ত খেল। কিন্তু এই দিনটোতো যদি বৰষুণ হয়, তেন্তে চেন্নাই ক্ষতিগ্ৰস্ত হ’ব পাৰে ! অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আই পি এল ২০২৩ৰ চূড়ান্ত মেচলৈ। দেওবাৰে নিশা ১১ বজালৈকে চেন্নাই আৰু গুজৰাটৰ মাজত অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ বাবে দৰ্শকে অপেক্ষা কৰি থাকিল। কিন্তু বৰষুণৰ বাবে মেচ আৰম্ভ কৰিব নোৱাৰিলে। তাৰ পৰিৱৰ্তে ৰিজাৰ্ভ ডে’ সোমবাৰে মেচখন খেলোৱাৰ সিদ্ধান্ত হয়। দৰ্শকৰ বাবে ভাল খবৰটো হ’ল যে আহমেদাবাদত আজি পুৱাটো মৃদু ৰ’দেৰে আৰম্ভ হয়। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, নিশা ৮ বজাৰ পিছত সামান্য বৰষুণ হ’ব। কিন্তু বৰ্তমান সময়ত বৰষুণৰ সম্ভাৱনা কম। দেওবাৰেও কিছু অনুৰূপ বতৰ আছিল। কিন্তু ৰাতি প্ৰচণ্ড বৰষুণ দিবলৈ ধৰে। যদি বৰষুণৰ বাবে ৰিজাৰ্ভ ডে’তো মেচখন অনুষ্ঠিত কৰিব নোৱাৰে, তেন্তে সেয়া হ’ব চেন্নাইৰ বাবে ক্ষতি। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, যদি মেচখন অনুষ্ঠিত নহয়, তেন্তে পইণ্ট টেবুলৰ শীৰ্ষ দল অৰ্থাৎ গুজৰাট টাইটানছক বিজয়ী ঘোষণা কৰা হ’ব। ইয়াৰ ফলত চি এছ কে বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব।

You might also like