নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ জীৱনধাৰা ঐতিহ্যক প্রতিফলিত কৰিব এই কেন্দ্রইঃ নাইডু

মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্র উদ্বোধন

নিয়মীয়া বাৰ্তা ৪ অক্টোবৰঃ উত্তৰ–পূব ভ্রমণৰ প্রথম কার্যসূচী হিচাপে উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৱে দেওবাৰে গুৱাহাটীৰ পাণবজাৰত মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্রৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে ব্রহ্মপুত্রৰ সমীপত পাণবজাৰৰ বৰফুকন টিলাৰ শীর্ষত থকা পুৰণি উপায়ুক্তৰ বাংলোটো ৰাজ্য চৰকাৰে মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্রলৈ ৰূপান্তৰিত কৰিছে৷ ১৮২৬ চনত ব্রিটিছে অসম অধিকাৰ কৰাৰ পাছত ১৮৩৯ চনত গুৱাহাটীৰ বাবে উপায়ুক্তৰ পদ সৃষ্টি কৰে৷ সেই সময়ত প্রথম উপায়ুক্ত জেমছ মিথিৰ বাবে কোনো উপযুক্ত আৱাস নাছিল৷ ব্রহ্মপুত্রৰ পাৰত বৰফুকনৰ টিলাক নির্বাচিত কৰাৰ পূর্বে কেইবাটাও স্থানত জৰীপ কৰা হৈছিল আৰু অৱশেষত বৰফুকনৰ টিলাক উপায়ুক্তৰ আৱাস নির্মাণৰ বাবে বাছনি কৰা হয়৷ স্বাধীনতাৰ পাছতো ২০১১ চনলৈকে এইটো উপায়ুক্তৰ বাংলো হৈ আছিল৷

ব্রহ্মপুত্র ৰিভাৰ ফ্রণ্ট ডেভেলপমেণ্ট আঁচনিৰ অধীনত এটা প্রকল্প গ্রহণ কৰি ইয়াক ঐতিহ্য সংগ্রহালয়লৈ ৰূপান্তৰিত কৰা হয়৷ গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ উদ্যোগত উপায়ুক্তৰ বাংলোকে ধৰি সমগ্র টিলাটো মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্রলৈ ৰূপান্তৰিত কৰি এই ঐতিহ্য ক্ষেত্র অতুলনীয় নদী ব্রহ্মপুত্রৰ কিংবদন্তি আৰু সৌর্যৰ নামত উৎসর্গা কৰা হৈছে৷ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত উপ–ৰাষ্ট্রপতি নাইডুৱে ঐতিহ্য কেন্দ্রটোৰ শুভ উদ্বোধন কৰি সংগ্রহালয়ৰ বিভিন্ন শাখা, যেনে– আর্ট গেলেৰী, চেণ্টেল হ’ল আদি পৰিদর্শন কৰে৷ এই উপলক্ষে উপ–ৰাষ্ট্রপতিগৰাকী ‘ফ’ৰ এভাৰ গুৱাহাটী’ শীর্ষক এখন কফী টেবুল গ্রন্থও উন্মোচন কৰে৷ ঐতিহ্য কেন্দ্রটোত উপস্থিত হৈ নৈসর্গিক পৰিৱেশত অভিভূত হৈ পৰা উপ–ৰাষ্ট্রপতিগৰাকী উক্ত অনুষ্ঠানৰ পাছত এক ফেচবুক পোষ্টত অসম ভ্রমণ আৰু ব্রহ্মপুত্র দর্শনৰ অভিজ্ঞতাক অবিস্মৰণীয় বুলি অভিহিত কৰি কয় যে মনোমোহা ব্রহ্মপুত্রৰ পাৰৰ পৰা ইয়াৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰি তেওঁ বিস্মিত হৈছে৷ তেওঁ এই স্মৃতি কঢ়িয়াই লৈ ফুৰিব৷ কেইবানিযুত লোকৰ জীৱিকা আগবঢ়োৱা মহান ব্রহ্মপুত্র নদীখন অঞ্চলটোৰ সংস্কৃতি আৰু ইতিহাসৰ এক অবিচ্ছেদ্য অংগ৷

নদীসমূহৰ পুনৰুজ্জীৱিতকৰণৰ্ গুৰুত্বৰ কথা দোহাৰি তেওঁ কয়– আমি অতি তৎপৰতাৰে আমাৰ নদীসমূহ সংৰক্ষণ কৰিব লাগে৷ নদীসমূহক জীৱনদায়িনী শক্তিৰ বাবে সদায় ভাৰতত পূজা কৰি অহা হৈছে৷ ক্রমবর্ধমান নগৰীকৰণ আৰু উদ্যোগীকৰণে দেশৰ ভিন্ন প্রান্তৰ নদী আৰু আন জলাশয়সমূহক প্রদূষিত কৰিবলৈ ধৰিছে৷ পূর্বে গাঁও আৰু চহৰসমূহত বহু জলাশয় আছিল৷ আধুনিকীকৰণৰ ফলত জনসাধাৰণে প্রাকৃতিক বাতাৱৰণ ধ্বংস কৰি আছে৷ বহু স্থানত জলাশয়সমূহ কার্যতঃ অদৃশ্য হৈ পৰিল বা সেইসমূহ দখল কৰা হ’ল৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহক বিদ্যালয়ৰ পাঠ্যক্রমত জল সংৰক্ষণৰ প্রয়োজনীয়তা সন্দর্ভত পাঠ অন্তর্ভুক্ত কৰিবলৈ তেওঁ পৰামর্শ আগবঢ়ায়৷ বিদ্যালয়সমূহে প্রাৰম্ভিক পর্যায়ৰ পৰাই ছাত্র–ছাত্রীসকলৰ বাবে প্রকৃতি শিবিৰ অনুষ্ঠিত কৰা উচিত, যাৰ জৰিয়তে নগৰীয়া অঞ্চলত বসবাস কৰাসকলকে ধৰি শিশু সমাজে প্রকৃতিৰ চমৎকাৰ ৰূপ প্রত্যক্ষ আৰু উপভোগ কৰিবলৈ সক্ষম হ’ব৷

ঐতিহ্য কেন্দ্রটো অৱস্থিত টিলাটোৰ বৃত্তান্ত উল্লেখ কৰি উপ–ৰাষ্ট্রপতি নাইডুৱে কয় যে এই টিলাটো আছিল আহোম সাম্রাজ্যৰ অতিশয় পৰাক্রমী লাচিত বৰফুকনৰ সৈন্যৰ ঘাটি৷ এই ঐতিহ্য কেন্দ্রটোৰ প্রশান্তি অক্ষুণ্ণ ৰাখিবলৈ কেৱল খোজকাঢ়িহে সেয়া উপভোগ কৰিব পৰা যায় বুলি তেওঁ উল্লেখ কৰি কয় যে দেশৰ আন ঐতিহ্য কেন্দ্রসমূহেও দর্শনার্থীৰ বাবে খোজকঢ়া আৰু চাইকেল চলোৱাৰ কঠোৰ ব্যৱস্থাৰে সেউজ আৰু সুস্থ পন্থাৰ অভিযোজনা কৰা উচিত বুলি পৰামর্শ আগবঢ়ায়৷ নৈপৰীয়া জীৱন আৰু মাজুলী কর্নাৰ বিষয়েৰে গঢ়ি তোলা ঐতিহ্য কেন্দ্রটোত বিখ্যাত মুখাশিল্প, পেনেল পেইণ্টিং আৰু আন আন কলাকৃতিৰে সমৃদ্ধ কৰা হৈছে৷ কেন্দ্রটোত ঐতিহাসিক নাও, এটা এম্ফি থিয়েটাৰ, এখন প্রদর্শনী স্থান, এটা কেফেটেৰীয়া আদিৰ দৰে ঐতিহ্যপূর্ণ সমলসমূহ প্রদর্শন কৰা হৈছে৷ অন্যান্য আকর্ষণসমূহৰ ভিতৰত আছে পৰম্পৰাগত মাছ ধৰা সঁজুলি, গুৱাহাটী মহানগৰ আৰু নদী পৰিবহণৰ ইতিহাস সম্বলিত আলোকচিত্র তথা নিদর্শন৷ ঐতিহ্য কেন্দ্রত বস্ত্র ডিজাইন, জাতিগত আর্হি আৰু থলুৱা বাদ্যযন্ত্রও ৰখা হৈছে৷ আনহাতে আজি গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত উপ–ৰাষ্ট্রপতি নাইডুক অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উষ্ম আদৰণি জনায়৷

You might also like